বিয়াৰ ৭ জনমৰ ৭ বচনত বাঢ়িল আৰু এক বচন ! গাহৈ সমাজৰ বিবাহত সলনি হ'ল নিয়ম
লাহে লাহে কমি অহা কন্যা সন্তানৰ সংখ্যা বৃদ্ধিৰ বাবে গাহৈ সমাজে লৈছে বিশেষ পৰম্পৰা । ৭ জনমৰ ৭ বচনৰ পৰিৱৰ্তে ল'ব লাগিব ৮ বচন ।

Published : January 20, 2026 at 4:43 PM IST
ছটৰপুৰ (মধ্য প্ৰদেশ): হিন্দু ৰীতি-নীতি অনুসৰি বিবাহৰ ক্ষেত্ৰত প্ৰাচীন সময়ৰে পৰা ৭ বচনৰ পৰম্পৰা চলি আহিছে । অগ্নিক সাক্ষী কৰি সাতপাক ঘূৰি সেই বচন লোৱা হয় ৷ কিন্তু, এইবাৰ মধ্য প্ৰদেশৰ ছটৰপুৰৰ গাহৈ সমাজে ল'লে এক ব্যতিক্ৰমী সিদ্ধান্ত । য'ত ৭ নহয় ৮ বচন ল'ব লাগিব দৰা-কইনাই । অষ্টম বচন হৈছে, 'বেটী বচাও, বেটী পঢ়াও' । যাৰ জৰিয়তে আগন্তুক প্ৰজন্মত ছোৱালীৰ সংখ্যা বৃদ্ধি পাব পাৰে । কিয়নো গাহৈ সমাজত ধাৰাবাহিকভাৱে ছোৱালীৰ সংখ্যা কমি আহিছে ।
ছটৰপুৰত উদযাপন গাহৈ দিৱস:
চহৰখনৰ গাহৈ সমাজে দুখীয়া-নিচলা ছোৱালীসকলক বিবাহ কৰোৱাৰ বাবে এক সামাজিক কাৰ্য প্ৰতিবছৰে আয়োজন কৰি আহিছে । যাক 'গাহৈ দিৱস' হিচাপে উদযাপন কৰা হয় । ইয়াৰ বাবে সমাজৰ দ্বাৰা কেইবামাহ পূৰ্বে প্ৰস্তুতি আৰম্ভ কৰা হয় আৰু সমাজৰ লোকসকলক দায়িত্ব অৰ্পন কৰা হয় । এই বৰ্ষত গাহৈ সমাজৰ দ্বাৰা বিবাহৰ এক নতুন পৰম্পৰা আৰম্ভ কৰা হয় । য'ত দৰা-কইনাই ৭ নহয় ৮ বচন ল'ব আৰু ৮ বচনৰে বিবাহ সম্পন্ন হয়।

কন্যাক সুৰক্ষা দিয়াৰ অষ্টম বচন:
অষ্টম বচন কন্যা সন্তানক পঢ়োৱা আৰু বচোৱাৰ বাবে ৰখা হৈছে । যাক লৈ এতিয়া চহৰখনত চৰ্চা চলাৰ লগতে শলাগ লোৱাও দেখা গৈছে । ছটৰপুৰত গাহৈ সমাজৰ দ্বাৰা গাহৈ দিৱস উদযাপন কৰা হৈছে । এই অনুষ্ঠানতে সমাজৰ সকলো লোক একত্ৰিত হয় আৰু বিশাল আয়োজন কৰে । এই দিনটোত বিশাল শোভাযাত্ৰাও উলিওৱা হয় । য'ত বেণ্ডপাৰ্টীৰ সৈতে ডি জেৰ শব্দত সমাজখনৰ পুৰুষ, মহিলা, শিশু সকলোৱে নাচি নাচি পৰিভ্ৰমণ কৰে ।
বিবাহত আৰম্ভ কৰিলে অষ্টম বচন:
এইবাৰ শোভাযাত্ৰাৰ শুভাৰম্ভ বুন্দেলখণ্ড গেৰেজৰ পৰা আৰম্ভ হয় । শোভাযাত্ৰাটোৱে ফাবৰা চৌৰাহা, হাটৱাৰা, গান্ধী চক, গল্লা মণ্ডী হৈ গাহৈ ধামত উপস্থিত হয় । শোভাযাত্ৰাত মহিলাসকলৰ মাজত বিশেষ উৎসাহ দেখা যায় । পথছোৱাত গাহৈ কন্যা, গাহৈ ইউথ ক্লাৱ, আগৰৱাল সমাজ আদিয়ে শোভাযাত্ৰাক আদৰণি জনোৱাৰ লগতে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় । নিশালৈ আয়োজন কৰা হয় সামূহিক বিবাহৰ । য'ত ৪ খনকৈ বিবাহ সম্পন্ন হয় । কিন্তু এই আয়োজনত মূল কথা এয়ে যে সকলো দৰা-কইনাই অষ্টম বচন লয় ।

কিয় বিবাহত অষ্টম বচন:
এই সন্দৰ্ভত গাহৈ সমাজৰ ৰাজেশ ৰুছিয়াই কয়, "সমাজত ধাৰাবাহিকভাৱে ছোৱালীৰ সংখ্যা কমি আহিছে, যাৰ বাবে বিবাহত আৰু এক বচনৰ সংযোগ কৰা হৈছে, 'বেটী বচাও, বেটী পঢ়াও' । যাৰ জৰিয়তে আগন্তুক প্ৰজন্মত ছোৱালীৰ সংখ্যা বাঢ়িব ।"
গাহৈ সমাজৰ দ্বাৰা অনুষ্ঠিত সামূহিক বিবাহ সন্মিলনত বিবাহ সম্পন্ন কৰা ব্ৰাহ্মণ পণ্ডিত সৌৰভ তিৱাৰীয়ে কয়,"হিন্দু ৰীতি-নীতিত বিবাহ সমাৰোহত ৭ বচন লোৱা হয়, কিন্তু গাহৈ সমাজৰ পৰম্পৰা অনুসৰি ৮ বচন লোৱা হৈছে । মহিলা আৰু কন্যাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে,'বেটী বচাও, বেটী পঢ়াও' বচন লোৱা হৈছে ।"
দৰা সত্যমে কয়,"এই নতুন পৰম্পৰাই সমাজত মহিলাসকলৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব, ভ্ৰুণহত্যা নহ'ব । আমিও বিয়াত ৮ বচন ল'লোঁ ।"

