ETV Bharat / bharat

জংঘল এৰি ৰাস্তাত গম্ভীৰ খোজেৰে আগে আগে চিতা, পিছে পিছে মোবাইল লৈ ফটো তোলোতা

ৰাজপথত মুক্তমনে দুপ্ৰাপ্য চিতা বাঘ । সচেতন হোৱাৰ আহ্বান প্ৰশাসনৰ ।

cheetah kp 2 which came from kuno in madhya pradesh was seen roaming in the mangrol forest
দুস্প্ৰাপ্য চিতা বাঘৰ বিচৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 12:20 PM IST

2 Min Read
Choose ETV Bharat

বাৰাণ: সমগ্ৰ ভাৰততে বিৰল চিতা বাঘ । ২০২২ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছিল ৮ টাকৈ চিতা বাঘ । লাহে লাহে হৈছে ইয়াৰ বংশবৃদ্ধি । পিছে কুনো ৰাষ্ট্ৰীয় উদ্যানতে থাকি আমনি লাগিল চিতাৰ । সেয়ে ওলাই আহিল চুবুৰীয়া ৰাজ্যলৈ ।

চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত কুনোৰ পৰা ৰাজস্থানৰ বাৰাণ জিলাৰ বনাঞ্চলত বিচৰণ কৰা চিতা বাঘ কেপি ২ এ কিষাণগঞ্জ বনাঞ্চল এৰি বৰ্তমান বিচৰণ কৰিছে মংগৰল বনাঞ্চলত । বৃহস্পতিবাৰে সন্ধিয়া ৰেংগাৰ-মৰ্দি পথত দেখা গ'ল চিতা বাঘটোক । ৰাজপথত দুস্প্ৰাপ্য চিতা বাঘটোক দেখি ৰাইজ আতংকিত হোৱাৰ বিপৰীতে পিছে পিছে গৈ নিজৰ নিজৰ ম'বাইলৰ কেমেৰাত আবদ্ধ কৰিলে বাঘটোৰ চাল-চলন । আশ্চৰ্যজনকভাৱে বাঘটোৱেও উগ্ৰ হোৱাৰ বিপৰীতে আপোনমনা হৈ নিজৰ লক্ষ্যস্থানলৈ গতি কৰাহে পৰিলক্ষিত হয় ।

দুস্প্ৰাপ্য চিতা বাঘৰ বিচৰণ (ETV Bharat Assam)

উপ-বন সংৰক্ষক বিবেকানন্দ মাণিক ৰাৱে ৰেংগড়ৰ সমীপৰ মৰ্দি গাঁৱৰ ফালে চিতা বাঘটো আগবাঢ়ে বুলি উল্লেখ কৰে । বৃহস্পতিবাৰে সন্ধিয়া মৰ্দিলৈ যোৱা পথত দেখা গৈছিল । তেওঁ জনসাধাৰণক, বিশেষকৈ কৃষকসকলক যিকোনো ঠাইলৈ যাওঁতে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় । বন বিভাগৰ দলসমূহে চিতা বাঘটোৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে । কিছুদিন পূৰ্বে চিতা বাঘটোৱে এটা নীলগাইক হত্যা কৰিছিল, যাৰ বাবে সাৱধানতাৰ প্ৰয়োজন বুলি ৰাৱে উল্লেখ কৰে ।

উপ-বন সংৰক্ষক ৰাৱে জানিবলৈ দিয়া মতে, চিতা বাঘটো পথৰ পৰা নামি মৰ্দিৰ বনাঞ্চলৰ ফালে যায় । দিনটো চিতা বাঘটোৱে মৰ্দি আৰু পাৰ্বতী নদীৰ অৰণ্যত ঘূৰি ফুৰিছিল । ইয়াৰ ফলত ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । বন বিভাগৰ বিষয়াসকলে জনোৱা মতে, যোৱা তিনিদিন ধৰি চিতা বাঘটোৱে একো চিকাৰ কৰা নাই ।

পাৰ্বতী নদীৰ পাৰত অৱস্থিত পথাৰত আৰু অৰণ্যৰ চাৰিওফালে ই অবিৰতভাৱে ঘূৰি ফুৰিছে । বন্যপ্ৰাণী বিশেষজ্ঞৰ মতে এই চিতা বাঘটোৱে বাৰাণ জিলাৰ বনাঞ্চলৰ লগত সম্পূৰ্ণৰূপে খাপ খাই পৰিছে । বৰ্তমান ই নিৰাপদ স্থানৰ সন্ধানত আছে । চিতা বাঘৰ গতিবিধিৰ বাবে ৰাইজৰ মাজত আতংকময় পৰিৱেশ বিৰাজ কৰিছে । বৃহস্পতিবাৰে দিনটো মৰ্দি গাঁৱৰ অৰণ্যত বাঘটোক বিচৰণ কৰি থকা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: মৰণক শৰণ দি প্ৰতিদিনে বিদ্যালয়লৈ যাত্ৰা ৫০ গৰাকী শিক্ষাৰ্থীৰ

ওড়িশাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু