বিমান বন্দৰৰ সমীপতে দুৰ্ঘটনাত পতিত হ’ল বিমান; পিছে সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰিল আটাইকেইগৰাকী যাত্ৰীৰ
ৰুড়কেলাৰ পৰা ভুৱনেশ্বৰলৈ গৈ থকা অৱস্থাত বিমানখন দুৰ্ঘটনাত পতিত হয় । আহত কেপ্টেইন আৰু যাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি ।

Published : January 10, 2026 at 4:34 PM IST
ভুৱনেশ্বৰ (ওড়িশা) : ওড়িশাৰ ৰুড়কেলা বিমানকোঠৰ সমীপত ভয়ংকৰ বিমান দুৰ্ঘটনা । জগাদা ব্লকৰ সমীপত দুৰ্ঘটনাত পতিত হয় এখন চাৰ্টাৰ্ড বিমান । বিমানখনত ৪ গৰাকী যাত্ৰীসহ দুগৰাকী ক্ৰু মেম্বাৰ আছিল । প্ৰাথমিক তথ্য অনুসৰি ভুৱনেশ্বৰলৈ গৈ থকা অৱস্থাত বিমানখন দুৰ্ঘটনাত পতিত হয় ।
বিষয়াসকলে জনোৱা মতে পাইলটকে ধৰি বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী আহত হৈছে । সৌভাগ্যক্ৰমে এতিয়ালৈকে কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই । দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন মাঝিয়ে এক্সৰ এটা পোষ্টত লিখিছে, "ৰুড়কেলাত সংঘটিত বিমান দুৰ্ঘটনাৰ বিষয়ে জানিবলৈ পাই মই অত্যন্ত দুখিত হৈছোঁ । ভগৱান জগন্নাথৰ কৃপাত সকলো যাত্ৰী সুৰক্ষিত হোৱাৰ খবৰে আশ্বস্ত কৰিছে । মই নিৰ্দেশ দিছোঁ যে এই কাণ্ডত আহতসকলক তাৎক্ষণিকভাৱে সঠিক চিকিৎসা সেৱা প্ৰদান কৰা হওঁক । মই ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছোঁ ।"
ରାଉରକେଲାଠାରେ ଘଟିଥିବା ବିମାନ ଦୁର୍ଘଟଣା ବିଷୟରେ ଜାଣି ମୁଁ ଅତ୍ୟନ୍ତ ଦୁଃଖିତ। ମହାପ୍ରଭୁ ଜଗନ୍ନାଥଙ୍କ କୃପାରୁ ସମସ୍ତ ଯାତ୍ରୀ ସୁରକ୍ଷିତ ଥିବା ଖବର ଆଶ୍ୱସ୍ତିକର। ଏହି ଘଟଣାରେ ଆହତ ହୋଇଥିବା ବ୍ୟକ୍ତିମାନଙ୍କୁ ତୁରନ୍ତ ସର୍ବୋତ୍ତମ ଚିକିତ୍ସା ସେବା ଯୋଗାଇବା ପାଇଁ ନିର୍ଦ୍ଦେଶ ଦେଇଛି। ମୁଁ ବ୍ୟକ୍ତିଗତ ଭାବେ ସ୍ଥିତି ଉପରେ ନଜର ରଖିଛି।…
— Mohan Charan Majhi (@MohanMOdisha) January 10, 2026
ওড়িশাৰ বাণিজ্য আৰু পৰিবহণ মন্ত্ৰী বি বি জেনাইও কয়, "ৰুড়কেলাৰ পৰা ভুৱনেশ্বৰলৈ ৬ গৰাকী লোকক লৈ যোৱা ব্যক্তিগত বিমান চাৰ্লি-২০৮ দুৰ্ঘটনাত পতিত হয় । যাত্ৰীসকল সামান্য আঘাতপ্ৰাপ্ত হৈছে যদিও সুস্থিৰ হৈ আছে । ৰুড়কেলাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ জাল্ডাত এই দুৰ্ঘটনা সংঘটিত হৈছে । ভগৱানৰ কৃপাত দুৰ্ঘটনাটো বেছি ডাঙৰ নহ'ল ।" মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধানক বিষয়টো অৱগত কৰিছে ।

আহতসকলৰ তথ্য প্ৰকাশ কৰি ভুৱনেশ্বৰ বিমানবন্দৰৰ সঞ্চালক প্ৰসন্ন প্ৰধানে কয় যে আহতসকল হৈছে সুশান্ত কুমাৰ বিশ্বল, অনিতা চাহু, সুনীল আগৰৱালা আৰু সবিতা আগৰৱালা । আহত ক্ৰু সদস্যসকলৰ ভিতৰত আছে কেপ্টেইন নবীন কদংগা আৰু কেপ্তেইন তৰুণ শ্ৰীবাস্তৱ ।
ইফালে শীৰ্ষ অগ্নিনিৰ্বাপক বিষয়া ৰমেশ চন্দ্ৰ মাঁঝিয়ে জনোৱা মতে বিয়লি প্ৰায় ২:৫০ বজাত ফোন আহিছিল, সুন্দৰগড় জিলাৰ অন্তৰ্গত ৰুড়কেলাৰ কানছাৰত বিমান দুৰ্ঘটনা সংঘটিত হৈছে । খবৰ পোৱা গৈছিল যে বিমানখনৰ ভিতৰত যাত্ৰীসকল আবদ্ধ হৈ পৰিছে । তেওঁ কয়, "ৰুড়কেলা অগ্নিনিৰ্বাপক বাহিনীৰ ষ্টেচন আৰু পানপোছ অগ্নিনিৰ্বাপক বাহিনীৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ দলসমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে উক্ত স্থানলৈ প্ৰেৰণ কৰা হৈছিল । স্থানীয় লোকসকলে বিমানখনৰ পৰা আবদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰাত সহায় কৰিছিল ।"

তেওঁ লগতে কয়, "অগ্নিনিৰ্বাপক বাহিনীৰ লোকে বিশেষ পদ্ধতিৰে বিমানখনৰ পৰা তেল নিৰ্গত হোৱা বন্ধ কৰে । আহত লোকসকলক চিকিৎসাৰ বাবে জে পি হাস্পতাল আৰু আৰ জি এইচ হাস্পতাললৈ স্থানান্তৰ কৰা হয় ।"

