গ্ৰাহকক সকাহ দিবলৈ দিল্লীলৈ পিঁয়াজ এক্সপ্ৰেছ; ৮৪০ টন পিঁয়াজ প্ৰেৰণ কৰিব কেন্দ্ৰই
কৃষক নেতাসকলে তেওঁলোকৰ লাভৰ ব্যৱধান কমাবলৈ কেন্দ্ৰই হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

Published : August 26, 2026 at 7:29 PM IST
নাচিক : প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য ৭০ টকালৈ বৃদ্ধি পাইছে । ইয়াৰ ফলত গ্ৰাহকে চকুলো টুকিছে । কিন্তু নগৰীয়া গ্ৰাহকক সকাহ দিয়াৰ উদ্দেশ্যে এইবাৰ কেন্দ্ৰই নিজৰ মজুতৰ (বাফাৰ ষ্টক) পৰা মূল্য স্থিতিশীলতা পুঁজিৰ (Price Stabilisation Fund, PSF) অধীনত ক্ৰয় কৰা ৮৪০ টন পিঁয়াজ নতুন দিল্লীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
এছিয়াৰ সৰ্ববৃহৎ পিঁয়াজৰ বজাৰ মহাৰাষ্ট্ৰৰ লাছালগাঁৱৰ পৰা নতুন দিল্লী অভিমুখে ৰাওনা হ’ব এখন বিশেষ ‘অনিয়ন এক্সপ্ৰেছ’ বা পিঁয়াজ এক্সপ্ৰেছ ৰে’ল । কিন্তু কৃষক সংগঠনসমূহে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰি প্ৰতিবাদৰ ভাবুকি দিছে ।
চাউল, চেনিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পিছতে এতিয়া দেশৰ বহু চহৰত পিঁয়াজৰ মূল্যই প্ৰতি কিলোগ্ৰামত ৬০-৭০ টকা অতিক্ৰম কৰিছে । পিএছএফৰ অধীনত অতি ৰাজসাহায্যযুক্ত হাৰত কৃষকৰ পৰা পিঁয়াজৰ মজুত ক্ৰয় কৰি গ্ৰাহকৰ ওচৰলৈ প্ৰেৰণ কৰা কৃষি প্ৰতিষ্ঠান নাফেড (NAFED) আৰু এনচিএফৰ (NCCF) জৰিয়তে কেন্দ্ৰই এই পিয়াঁজ ক্ৰয় কৰিব, যিয়ে খুচুৰা বিক্ৰেতাসকলক লাভৱান হোৱাত সহায় কৰিব বুলি কৃষক নেতাসকলে অভিযোগ উত্থাপন কৰিছে ।
পিঁয়াজ এক্সপ্ৰেছ
লাছালগাঁৱৰ পৰা দিল্লীৰ আজাদ নগৰলৈ ৰাওনা হ’ব ২১ খন ৱেগনযুক্ত বিশেষ ‘পিঁয়াজ এক্সপ্ৰেছ’ । ইয়াত ৪০ কিলোগ্ৰাম ওজনৰ পিঁয়াজৰ বস্তা কঢ়িয়াই নিব । লাছালগাঁৱৰ পৰা ৰে’লখন দিল্লীৰ আজাদ নগৰলৈ যাবলৈ প্ৰায় ৪৮ ঘণ্টা সময় লাগিব । অৱশ্যে দিল্লীত উপস্থিত হোৱাৰ লগে লগে চৰকাৰে কিমান মূল্যত এই পিঁয়াজ বিক্ৰীৰ অনুমতি দিব সেয়া এতিয়াও নিৰ্ণয় কৰা হোৱা নাই ।
ইয়াৰ প্ৰভাৱ অৱশ্যেই নাচিক জিলাৰ বিভিন্ন কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতিৰ (এপিএমচি) মাজেৰে পিঁয়াজৰ বজাৰৰ হাৰত পৰিব । অৱশ্যে ইয়াৰ সঠিক আৰ্থিক প্ৰভাৱ আগন্তুক চাৰি-পাঁচ দিনৰ ভিতৰতহে স্পষ্ট হ’ব ।
লাছলগাঁও
নাচিক জিলা পিঁয়াজৰ প্ৰধান যোগানকাৰী হোৱাৰ বিপৰীতে লাছালগাঁও হৈছে এছিয়াৰ ভিতৰতে পিঁয়াজৰ সৰ্ববৃহৎ বজাৰ । প্ৰতি বছৰে কৃষকসকলে ভাল পৰিমাণত পিয়াঁজ উৎপাদন কৰি আহিছে; কিন্তু বিগত কেইবছৰমানৰ পৰা ৰবিশস্যৰ বতৰত অনা মৌচুমী প্ৰচণ্ড বৰষুণৰ ফলত ৰবি সময়ৰ পিঁয়াজৰ উৎপাদন হ্ৰাস পাইছে । ইয়াৰ ফলত যোগানৰ নাটনি হৈছে ।
এই বছৰ ছুপাৰ এল নিনো আৰু বাৰিষা পলমকৈ আৰম্ভ হোৱাটোৱেও ‘খাৰিফ’ পিঁয়াজৰ শস্যৰ বীজ সিঁচাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছিল । এই দুটা কাৰকে বিশেষভাৱে এই বছৰৰ বাবে সমগ্ৰ পিঁয়াজ যোগান সমীকৰণত ব্যাঘাত জন্মাইছে। ফলত এই বছৰ মূলতঃ অনা মৌচুমী বৰষুণৰ বাবে পিঁয়াজ খেতি কৰা কৃষকসকলে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ।
মাত্ৰ বিগত কেইদিনমানৰ ভিতৰতে পিঁয়াজৰ দাম বৃদ্ধি হ’বলৈ আৰম্ভ কৰাৰ বাবে অৱশেষত কৃষকসকলে সকাহ পাবলৈ আৰম্ভ কৰিছিল ।
বৰ্তমান পৰিস্থিতিত আগন্তুক দুমাহৰ বাবে গ্ৰাহকে প্ৰতি কেজিত প্ৰায় ৬০ৰ পৰা ৭০ টকাকৈ পিঁয়াজ ক্ৰয় কৰিব লাগিব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে । বিশেষজ্ঞসকলে কয় যে নতুন শস্য বজাৰলৈ আহিলেহে পিঁয়াজৰ দাম সুস্থিৰ হ’ব পাৰে, যিটো সাধাৰণতে অক্টোবৰৰ ভিতৰত হয় । কিন্তু এজন কৃষক প্ৰতিনিধিয়ে অভিযোগ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ এই হস্তক্ষেপৰ ফলত এতিয়া মূল্য হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে, কিয়নো এনচিচিএফ আৰু নাফেডে এই পিঁয়াজৰ মজুতসমূহ অগাধ হাৰত ক্ৰয় কৰিব, যাৰ ফলত গৃহৰাজ্যৰ বজাৰতো পিঁয়াজত প্ৰভাৱ পৰিব ।
কৃষক প্ৰতিনিধিৰ আন্দোলনৰ ভাবুকি
ইফালে চৰকাৰৰ এই পদক্ষেপৰ পৰিপ্ৰেক্ষিতত কৃষক প্ৰতিনিধিয়ে প্ৰতিবাদৰ হুংকাৰ দিছে । পিঁয়াজ খেতিয়কৰ প্ৰতিনিধি শিৱ সুৰসে ইটিভি ভাৰতক কয়, "আপুনি মোৰ পিছফালে থকা ৰেকত পিঁয়াজ ভৰ্তি হৈ থকা দেখিব পাৰে, যিটো কেন্দ্ৰীয় চৰকাৰে এনচিচিএফ আৰু নাফেডৰ সহায়ত সাজু কৰি ৰাখিছে ।
কেন্দ্ৰীয় চৰকাৰে এই পিঁয়াজৰ মজুত ডাইভাৰ্ট কৰিব । আনহাতে, কৃষকসকলে সামান্য ৰাজসাহায্যযুক্ত হাৰত মানি ল'বলৈ বাধ্য হ'বলগীয়া হ'লে কঁকাল ভাঙিব । তাৰ পৰিৱৰ্তে আমাৰ কৃষকসকলে এই সকলোবোৰ মজুত পোনপটীয়াকৈ বজাৰত বিক্ৰী কৰি কিছু লাভ উঠাব পাৰিলেহেঁতেন । যেতিয়াই কৃষকসকলে কিছু লাভ কৰিবলৈ মূৰ দাঙি থিয় দিয়ে, তেতিয়াই কেন্দ্ৰীয় চৰকাৰে নিৰৱচ্ছিন্নভাৱে হস্তক্ষেপ কৰে যাতে তেওঁলোকে এনচিচিএফ আৰু নাফেডৰ দৰে মধ্যস্থতাকাৰীৰ জৰিয়তে কিছু কম হাৰ পোৱাটো নিশ্চিত কৰিব পাৰে ।"
এই প্ৰক্ৰিয়া অব্যাহত থাকিলে তেওঁলোকে প্ৰতিবাদৰ পৰিকল্পনা কৰিব বুলিও সুৰসে কয় ।

