ন্যায়াধীশ সূৰ্য কান্তক ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ
ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই ২৩ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰাৰ পাছত ২৪ নৱেম্বৰত ন্যায়াধীশ সূৰ্য কান্তে চি জে আইৰ দায়িত্ব গ্ৰহণ কৰিব ।


Published : October 30, 2025 at 10:45 PM IST
নতুন দিল্লী : কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে ন্যায়াধীশ সূৰ্য কান্তক ২৪ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে । বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে ২৩ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব ।
আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এক্সত এটা পোষ্টত কয়, "ভাৰতৰ সংবিধানে প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি ৰাষ্ট্ৰপতিয়ে ২০২৫ চনৰ ২৪ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্তক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দি আনন্দিত হৈছে । তেওঁলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো ।"
In exercise of the powers conferred by the Constitution of India, the President is pleased to appoint Shri Justice Surya Kant, Judge of the Supreme Court of India as the Chief Justice of India with effect from 24th November, 2025.
— Arjun Ram Meghwal (@arjunrammeghwal) October 30, 2025
I convey my heartiest congratulations and best… pic.twitter.com/3X0XFd1Uc9
মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে সোমবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰালয়লৈ এখন পত্ৰ লিখি ন্যায়াধীশ সূৰ্য কান্তক তেওঁৰ উত্তৰাধিকাৰী হিচাপে পৰামৰ্শ দিয়ে । উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ কান্ত ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে পৰিগণিত হ’ব । ২৪ নৱেম্বৰত ন্যায়াধীশ কান্তে কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু প্ৰায় ১৪ মাহৰ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিব । ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত অৱসৰ ল’ব ন্যায়াধীশ কান্তে ।
স্মাৰকপত্ৰ অনুসৰি আইন মন্ত্ৰালয়ে ২৩ অক্টোবৰত বৰ্তমানৰ চি জে আইলৈ এখন পত্ৰ প্ৰেৰণ কৰি তেওঁৰ উত্তৰাধিকাৰীৰ নাম আগবঢ়াবলৈ পৰামৰ্শ দিয়ে ।
২০১৯ চনৰ ২৪ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত হয় ন্যায়াধীশ কান্ত । তেওঁ ২০১৮ চনৰ ৫ অক্টোবৰত হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ।
ন্যায়াধীশ কান্তে উচ্চতম ন্যায়ালয়ত কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় আৰু নিৰ্দেশ দিছে । জম্মু-কাশ্মীৰৰ সৈতে জড়িত ৩৭০ নং অনুচ্ছেদ বাতিল কৰাটো সমৰ্থন কৰা বিচাৰপীঠৰ অংশ আছিল তেওঁ । নাগৰিকৰ তথ্যৰ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচনী বণ্ড আঁচনিখন বাতিল কৰা বিচাৰপীঠখনৰো অংশ আছিল তেওঁ ।
ন্যায়াধীশ কান্তে সশস্ত্ৰ বাহিনীৰ বাবে ৱান ৰেংক ৱান পেঞ্চন (OROP) আঁচনিৰ বৈধতা ৰক্ষা কৰে । ন্যায়াধীশ কান্তেও অসম চুক্তিৰ অংশ নাগৰিকত্ব আইনৰ ৬এ ধাৰা সমৰ্থন কৰি সংখ্যাগৰিষ্ঠ মতামত ৰচনা কৰিছিল । পেগাছাছ স্পাইৱেৰ গোচৰত বিশেষজ্ঞ পেনেল নিযুক্তি দিয়া বিচাৰপীঠৰ অংশ আছিল ন্যায়াধীশ কান্ত ।
লগতে পঢ়ক : ন্যায়াধীশ সূৰ্য কান্ত হ’ব ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ !

