ETV Bharat / bharat

দ্বাদশ শ্ৰেণীৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ আবেদনৰ সময়সীমা বৃদ্ধি চিবিএছইৰ

পূৰ্বৰ ৬ জুনৰ পৰিবৰ্তে এতিয়া ৭ জুনলৈ বৃদ্ধি কৰা হৈছে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ সময়সীমা ৷

CBSE CLASS 12 VERIFICATION DEADLINE
দ্বাদশ শ্ৰেণীৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ আবেদনৰ সময়সীমা বৃদ্ধি CBSEৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 10:46 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ২০২৬ চনৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ উত্তৰবহীৰ পৰীক্ষণ আৰু প্ৰশ্নৰ পুনৰ মূল্যায়নৰ বাবে আবেদন কৰাৰ সময়সীমা বৃদ্ধি কৰিছে ৷ পূৰ্বৰ ৬ জুনৰ পৰিবৰ্তে এতিয়া ৭ জুনলৈকে বৃদ্ধি কৰা হৈছে আবেদন দাখিলৰ অন্তিম তাৰিখ ৷ ছাত্ৰ-ছাত্ৰীসকলক সময়মতে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ব’ৰ্ডে আহ্বান জনাইছে ৷

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত ব’ৰ্ডে কয়, “ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন দাখিলৰ অন্তিম তাৰিখ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় লাভ কৰে আৰু সহায়ক হয় ।”

চিবিএছইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছত বহু ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নম্বৰৰ পৰীক্ষণ বা পুনৰ মূল্যায়নৰ বাবে আবেদন কৰে ৷ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত কাৰিকৰী বা অন্যান্য কাৰণত অসুবিধাৰ সন্মুখীন হ’ব পৰা একাংশ ছাত্ৰ-ছাত্ৰীৰ বাবে সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ ব’ৰ্ডে স্পষ্ট কৰি দিয়ে যে কেৱল আবেদন দাখিল কৰাৰ বাবেহে এই সময়সীমা বৃদ্ধি কৰা হৈছে ৷ অন্যান্য নিৰ্ধাৰিত নিয়ম আৰু পদ্ধতি প্ৰযোজ্য হৈ থাকিব ৷

পৰীক্ষণ প্ৰক্ৰিয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিশ্চিত কৰিব পাৰে যে তেওঁলোকৰ উত্তৰবহীত থকা সকলো প্ৰশ্নৰ নম্বৰ সঠিকভাৱে যোগ কৰা হৈছে আৰু কোনো উত্তৰ বাদ পৰা নাই ৷ পুনৰ মূল্যায়নে ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দিষ্ট প্ৰশ্নৰ মূল্যায়ন পুনৰ পৰীক্ষণৰ বাবে অনুৰোধ কৰিবলৈ অনুমতি দিয়ে ৷

চিবিএছইয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক শেষ মুহূৰ্তলৈ অপেক্ষা নকৰিবলৈ আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে ৷ ব’ৰ্ডে কয় যে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে এই সময়সীমা বৃদ্ধি কৰা হৈছে যাতে কোনো যোগ্য শিক্ষাৰ্থী এই সুযোগৰ পৰা বঞ্চিত নহয় ৷

লগতে পঢ়ক : চিবিএছইৰ অধ্যক্ষ ৰাহুল সিং আৰু সচিব হিমাংশু গুপ্তাক বদলি

চিবিএছইৰ প’ৰ্টেলত চাইবাৰ আক্ৰমণৰ চেষ্টা, দুমিনিটৰ ভিতৰতে ১৫ লাখ হিট

চিবিএছইৰ মূল্যায়ন ব্যৱস্থা শক্তিশালী আৰু সুৰক্ষিত: শিক্ষামন্ত্ৰী প্ৰধানৰ আশ্বাস