ETV Bharat / bharat

কোনে চুৰি কৰিলে 'বিল্লা'ক ? থানাত দাখিল এজাহাৰ, আৰক্ষী নামিল আভিযানত

'বিল্লা' মাজে মাজে ঘৰৰ পৰা নোহোৱা হয় ৷ কিন্তু এনেকৈ একেবাৰে নোহোৱা হৈ নাযায় ৷

Cat Stolen In Motihari Victim Arrives To Lodge FIR Police Searching For Cat
বিল্লা হেৰাল ! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 30, 2025 at 12:52 PM IST

3 Min Read
Choose ETV Bharat

পাটনা (বিহাৰ) : শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে এটা পৰিয়াল আৰু এটা মেকুৰী ৷ এই বিষয়টোৱে সামাজিক মাধ্যমত খলকনি তুলিছে ৷ কাৰণ ঘৰৰ পৰা হেৰাইছে এই মেকুৰীটো ৷ এই হেৰোৱা মেকুৰীটো বিচাৰি হাহাকাৰ কৰি ফুৰিছে পৰিয়ালটোৱে ৷

উপায়ন্তৰ হৈ হেৰোৱা মেকুৰীটোৰ সন্ধান উলিয়াবলৈ পৰিয়ালটোৱে কাষ চাপিছে আৰক্ষীৰ ৷ ইতিমধ্যে আৰক্ষীৰ ওচৰত তেওঁলোকে দাখিল কৰিছে এজাহাৰ ৷ এজাহাৰ লাভ কৰাৰ পাছতে আৰক্ষীয়েও মেকুৰীটো বিচাৰি আৰম্ভ কৰিছে অনুসন্ধান অভিযান ৷ ঘটনাটো বিহাৰৰ ৷

মেকুৰীটো কোনে চুৰি কৰিলে ?

এই অস্বাভাৱিক ঘটনাৰ খবৰ আহিছিল পাটনা আৰক্ষী থানাত, য’ত ৰাজেশ কুমাৰে তেওঁৰ মৰমৰ সোণালী ৰঙৰ মতা মেকুৰীটো চুৰি হোৱা বুলি আৰক্ষীক খবৰ দিছিল । সেই মেকুৰীটোক ৰাজেশৰ পৰিয়ালে মৰমতে মাতিছিল বিল্লা বুলি ৷

ৰাজেশে কয় যে মেকুৰীটো তেওঁৰ পৰিয়ালৰ এজন সদস্যৰ দৰেই হৈ পৰিছিল ৷ কোনো অচিনাকি ব্যক্তিয়ে মেকুৰীটো চুৰি কৰি নিছে । প্ৰয়াত অনন্ত শ্বাহৰ পুত্ৰ ৰাজেশ কুমাৰৰ ঘৰ পাটনাৰ মুজিব বালিকা বিদ্যালয়ৰ সমীপৰ অহিৰপট্টি ৰোডৰ মিস্কোট ৰমনাৰ ২০ নং ৱাৰ্ডত ।

মেকুৰীটোৰ গৰাকী ৰাজেশ কুমাৰে কয়, "সোণালী ৰঙৰ মেকুৰীটো যোৱা ছমাহ ধৰি আমাৰ ঘৰত বাস কৰিছিল । ই অতি মুক্ত স্বভাৱৰ আছিল । ই মাজে মাজে ঘৰৰ পৰা ওলাই গৈ ইফালে সিফালে ঘূৰি পুনৰ ঘৰলৈ উভতি আহিছিল । পৰিয়ালৰ সকলো সদস্যৰে ই আপোন হৈ পৰিছিল ৷ কিন্তু ২০২৫ চনৰ ২৪ ডিচেম্বৰ বুধবাৰে মেকুৰীটো ঘৰৰ পৰা ওলাই যায় আৰু এতিয়ালৈকে উভতি অহা নাই ৷"

Cat Stolen In Motihari Victim Arrives To Lodge FIR Police Searching For Cat
বিল্লাক বিচাৰি থানাত দাখিল এজাহাৰ (ETV Bharat)

ৰাজেশ কুমাৰে থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে তেওঁৰ পৰিয়ালটোৱে সমগ্ৰ অঞ্চলটোত বিচাৰিলে যদিও মেকুৰীটোৰ কোনো তথ্যই লাভ নকৰিলে । ৰাজেশেও চুবুৰীয়াক সোধা-পোছা কৰে যদিও মেকুৰীটোহে বিচাৰি নাপালে ৷

তেওঁ মেকুৰীটোৰ বৰ্ণনা দি কয়, ‘‘ইয়াৰ সোঁ চকুৰ পৰা অলপ অলপকৈ পানী ওলাই থাকে ।’’ ৰাজেশে কয়, "কোনোবাই আমাৰ মেকুৰীটো চুৰি কৰি নিয়া বুলিহে মোৰ সন্দেহ হৈছে ।"

এফ আই আৰ দাখিলৰ পাছতে আৰম্ভ তদন্ত :

ৰাজেশে মহানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ ৰঞ্জনৰ ওচৰত আবেদন জনায় । তাৰ পাছতে তেওঁ এজাহাৰ দাখিল কৰে । আৰক্ষী বিষয়া ৰাজীৱ ৰঞ্জনে কয়, "পৰিয়ালটোৱে মেকুৰীটো চুৰি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । বিষয়টোৰ তদন্ত চলি আছে । আমি অঞ্চলটোৰ চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰিম । আমি ওচৰৰ মানুহক জেৰা কৰিম । আমি মেকুৰীটো বিচাৰি উলিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম ।"

শেহতীয়াকৈ এই ঘটনা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । কোনো কোনোৱে ইয়াক জন্তুৰ প্ৰেমৰ নিদৰ্শন বুলি অভিহিত কৰিছে । ছ'চিয়েল মিডিয়াত এজনে লিখিছে, "আজিকালি মানুহে মানুহক পাহৰি গৈছে, কিন্তু এই পৰিয়ালটোৱে এটা মেকুৰীৰ বাবে এফ আই আৰ দাখিল কৰিছে ।" একাংশই প্ৰশ্ন কৰে, "আৰক্ষীয়ে এনে গোচৰৰ প্ৰতিও গুৰুত্ব দিব লাগেনে ?"

পৰিয়ালটোৰ আপোন এই মেকুৰীটো :

ৰাজেশৰ পৰিয়ালত তেওঁৰ পত্নী, সন্তান আৰু বৃদ্ধ সদস্য আছে । মেকুৰীটোৱে পুৱাই ল’ৰা-ছোৱালীৰ লগত খেলে । সোঁ চকুটোৰ কিছু সমস্যা থকাৰ মাজতো মেকুৰীটোৱে আনন্দমতে ঘূৰি ফুৰে ৷ আনকি পৰিয়ালৰ লোকে মেকুৰীটোক চিকিৎসকৰ ওচৰলৈও লৈ যায় । ৰাজেশে কয় যে বৰদিনৰ পূৰ্বেই নিৰুদ্দেশ হৈছিল মেকুৰীটো । মেকুৰীটো নোহোৱা হোৱাৰ পাছৰে পৰে ল’ৰা-ছোৱালীবোৰে বৰ দুখ পাইছে, ঘৰখনো খালী হৈ পৰিছে ৷

লগতে পঢ়ক : মুম্বাইত বাছে মহটিয়াই নিলে পথচাৰীক, মৃত্য়ু 4,আহত 9