ETV Bharat / bharat

বিদ্যালয়ত শীত-তাপ নিয়ন্ত্ৰিত শোৱনিকোঠা ! কোঠাত ওলাল ডেৰ কোটি টকাৰ লগতে কণ্ডমৰ পেকেটো

উদ্ধাৰ হোৱা নগদ ধন মাৰ্চ-এপ্ৰিল মাহত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবদ সংগ্ৰহ কৰা মাচুল বুলি দাবী বিদ্যালয়খনৰ অধ্যক্ষৰ ৷

CASH AND CONDOMS RECOVERED
বিদ্যালয়ৰ কোঠাত নগধ ধনৰ লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 11, 2026 at 8:40 PM IST

4 Min Read
Choose ETV Bharat

কাঞ্চৰাপাৰা(পশ্চিমবংগ): শিক্ষাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত এখন বিদ্যালয়ৰ টোঘলকী কাণ্ড ৷ এই কাণ্ড দেখি সকলোৱে লাজত নাক কোঁচাইছে ৷ শিক্ষা প্ৰদানৰ সলনি আন কেতবোৰ অসামাজিক কাৰ্য-কলাপৰ ঘাটিতহে যেন পৰিণত হৈছে এখন বিদ্যালয় ৷

এই বিদ্যালয়খনত আছে শীত-তাপ নিয়ন্ত্ৰিত শোৱনিকোঠা ৷ কোঠাটোত থকা আলমাৰীৰ পৰা শেহতীয়াকৈ উদ্ধাৰ হৈছে একাধিক কণ্ডমৰ পেকেটৰ লগতে প্ৰায় এক কোটিৰো অধিক নগদ ধন ৷ এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

কলকাতাৰ সুৰেন্দ্ৰনাথ মহাবিদ্যালয়ৰ পাছত পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনাৰ কাঞ্চৰাপাৰাৰ এখন ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ এই বিদ্যালয়খনৰ ভিতৰত এখন সু-সজ্জিত বিচনা, কণ্ডমৰ পেকেট আৰু নগদ ১.৫ কোটিৰো অধিক ধন উদ্ধাৰ হৈছে ।

বিদ্যালয়খনত আৰক্ষীয়ে চলোৱা এক অভিযানৰ সময়ত এই ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধনখিনি গণনা কৰিবলৈ বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰে পুৱা ৬ বজালৈকে নোট গণনা কৰা যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল ৷ পিছত আৰক্ষীয়ে নিশ্চিত কৰিছিল যে উদ্ধাৰ কৰা মুঠ ধনৰাশিৰ পৰিমাণ আছিল ১.৭৭ কোটি ৷ আৰক্ষীয়ে অভিযানকালত বিদ্যালয়খনৰ একাউণ্ট বিভাগৰ তিনিজন কৰ্মচাৰীক জিম্মাত লয় ।

এই ঘটনাক লৈ বিজপুৰৰ বিধায়ক সন্দীপ দাসে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে । বিজপুৰৰ প্ৰাক্তন বিধায়ক সুবোধ অধিকাৰী আৰু কাঞ্চৰাপাৰা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি কমল অধিকাৰীৰ পৰিয়ালৰ সদস্য বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ অংশ বুলি জানিব পৰা গৈছে । এই বিদ্যালয়খনৰ ভিতৰত বৃহৎ পৰিমাণৰ নগদ ধন লুকুৱাই ৰখা বুলি কেইবাদিনো ধৰি চলা খবৰৰ বাবে আৰক্ষীয়ে তাত উপস্থিত হৈ অভিযান চলায় ৷

বুধবাৰে নিশা বিজেপিৰ নৱনিৰ্বাচিত বিজাপুৰৰ বিধায়ক সন্দীপ দাস আৰক্ষীৰ সৈতে বিদ্যালয়খনত উপস্থিত হয় । আৰক্ষীয়ে বিভিন্ন কোঠাত তালাচী চলোৱাৰ পিছত বিদ্যালয়খনৰ কাৰ্যালয়ত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে । আনহাতে, কাৰ্যালয়টোৰ গাতে লাগি থকা এটা সু-সজ্জিত, শীততাপ নিয়ন্ত্ৰিত শোৱনিকোঠাৰ আলমাৰীত আৰক্ষীয়ে এখন আইনা আৰু কণ্ডমৰ পেকেট লাভ কৰে ৷

এনে ঘটনাই বিদ্যালয়খনৰ অধ্যক্ষ বিকাশ চন্দ্ৰ পালক অস্বস্তিত পেলোৱা দেখা যায় ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিওঁতে পালে দোধোৰ-মোধোৰত পৰে ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিধায়ক সন্দীপ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয়, ‘‘আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত বিদ্যালয়খনৰ একাউণ্ট বিভাগৰ কোঠাত ধনেৰে পৰিপূৰ্ণ কেইবাটাও পেকেট জব্দ কৰে ৷ বাৰাকপুৰৰ সাংসদ পাৰ্থ ভৌমিক আৰু কাঞ্চৰাপাৰা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি কমল অধিকাৰীয়ে এই ধন বিদ্যালয়খনত লুকুৱাই ৰাখিছিল । ২০২২ চনত প্ৰৱৰ্তন সঞ্চালকালয়ে বিজাপুৰৰ প্ৰাক্তন বিধায়ক সুবোধ অধিকাৰীৰ ঘৰত অভিযান চলাইছিল ৷ সন্দেহ কৰা হৈছে যে তেওঁ সেই সময়তো বিদ্যালয়খনৰ ধনৰ অপব্যৱহাৰ কৰিছিল ৷ চৌহদটোত এখন সু-সজ্জিত বিচনা আৰু আন কেইবা প্ৰকাৰৰো সামগ্ৰী উদ্ধাৰ কৰা হৈছিল । আমি আৰক্ষীক কৈছো যে আগতে কোনে বিদ্যালয়লৈ গৈছিল, সেই বিষয়ে সঠিকভাৱে তদন্ত কৰক ।’’

আনহাতে, এই তদন্তৰ পিছতে বিদ্যালয়খনৰ অধ্যক্ষ বিকাশ চন্দ্ৰ পালে স্পষ্টীকৰণ দিয়াৰ প্ৰয়াস কৰে ৷ তেওঁ কয়, ‘‘একাউণ্ট বিভাগৰ পৰা পোৱা ধন আচলতে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল । সাধাৰণতে বিভাগে এই মাচুল বেংকত জমা কৰে । এয়া মাৰ্চ-এপ্ৰিল মাহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবদ সংগৃহীত ধন যদিও বিভিন্ন কাৰণত এই বছৰ সেই ধন সময়মতে জমা কৰা হোৱা নাছিল ।’’

বিদ্যালয়খনৰ কোঠাৰ ভিতৰত পৰিপাটিকৈ সজাই থোৱা বিচনা আৰু আলমাৰীৰ ভিতৰত কণ্ডমৰ পেকেট পোৱাৰ ঘটনা সম্পৰ্কে বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে এনেদৰে কয়, ‘‘সেই কোঠাটো আচলতে অসুস্থ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে । যদি কোনো ছাত্ৰ বা ছাত্ৰী অসুস্থ হৈ পৰে, তেন্তে তেওঁলোকক প্ৰথমে তালৈ জিৰণি ল'বলৈ নিয়া হয় । কিন্তু এই কণ্ডমৰ পেকেটবোৰ ইয়ালৈ কেনেকৈ আহিল, সেই সম্পৰ্কে মই বুজ ল’ম ৷’’

লগতে পঢ়ক: চহী জালিয়াতি গোচৰত অভিষেক বেনাৰ্জীক সকাহ কলিকতা উচ্চ ন্যায়ালয়ৰ