স্বাধীন তিব্বতৰ দাবীত টাৱাঙত ৩০০ৰ অধিক লোকৰ প্ৰতিবাদ, লবগা ৰংজেনলৈ শ্ৰদ্ধাঞ্জলি
প্ৰতিকূল বতৰকো নেওচি চীনৰ বিৰুদ্ধে টাৱাঙত প্ৰতিবাদ শ শ লোকৰ ৷

Published : July 8, 2026 at 10:46 PM IST
তেজপুৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ২ জুলাইত আত্মজাহ দিয়া লবগা ৰংজেনৰ আত্মাৰ সদগতিৰ বাবে মৌন প্ৰাৰ্থনাৰ লগতে তিব্বতক চীনৰ পৰা মুক্তি তথা স্বাধীন তিব্বতৰ দাবীত অৰুণাচল প্ৰদেশৰ টাৱাঙত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় ৩০০ৰো অধিক লোকে ৷ প্ৰতিকূল বতৰকো নেওচি বুধবাৰে টাৱাঙৰ বুদ্ধ পাৰ্কৰ পৰা প্ৰতিবাদী শোভাযাত্ৰা আৰম্ভ হয় ৷
ইণ্ডো-তিব্বতান ফ্ৰেণ্ডশ্বিপ ছ'চাইটি, অল টাৱাং ডিষ্ট্ৰিক্ট যুথ অৰ্গেনাইজেশ্ব'ন, মন ডাৰ্টি এডুকেশ্যনেল এণ্ড কালচাৰেল ছ'চাইটি, ফৰ্মাৰ টিচিভি ষ্টুডেণ্টছ এছ'চিয়েশ্যন, ষ্টুডেণ্টছ ফৰ ফ্ৰী টিবেট, অল ৰেহ্ব-লা গাংচুম ষ্টুডেণ্টছ ইউনিয়ন আৰু মন টাৱাং ল্হাকাৰ গৰশে আদি সংগঠনৰ আহ্বানত শ্ৰদ্ধাঞ্জলি আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ইণ্ডো-তিব্বতান ফ্ৰেণ্ডশ্বিপ ছ'চাইটিৰ সভাপতি তাছি চোগীয়ে কয়,"লবগা ৰংজেন তিব্বতৰ স্বাধীনতা, তিব্বতী সংস্কৃতি, ধৰ্ম, ভাষা আৰু পৰিচয় ৰক্ষাৰ বাবে আজীৱন সংগ্ৰাম কৰি অহা এজন কৰ্মী আছিল । চীন চৰকাৰে তিব্বতত এনে নীতি গ্ৰহণ কৰিছে যিয়ে তিব্বতী সংস্কৃতি, বৌদ্ধ ধৰ্ম, ভাষা আৰু পৰম্পৰাক বিলুপ্ত কৰাৰ চেষ্টা চলাইছে । বহু তিব্বতীয়ে এই পদক্ষেপসমূহক নিজৰ সাংস্কৃতিক আৰু ধৰ্মীয় অস্তিত্বৰ ওপৰত ভাবুকি হিচাপে গণ্য কৰে । আমাক স্বাধীন তিব্বত লাগে ৷"
তেওঁ লগতে কয়, "বৌদ্ধ ধৰ্মৰ জৰিয়তে টাৱাং আৰু তিব্বতৰ মাজত গভীৰ ঐতিহাসিক, সাংস্কৃতিক আৰু ধৰ্মীয় সম্পৰ্ক আছে । সেইবাবেই তিব্বতী সংস্কৃতি আৰু ধৰ্ম সংৰক্ষণৰ বিষয়টো টাৱাঙৰ বৌদ্ধ সমাজৰ বাবেও অতি গুৰুত্বপূৰ্ণ । তিব্বতী সংস্কৃতি আৰু ধৰ্মৰ ওপৰত ভিন্ন হেঁচাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ লবগা ৰংজেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত আত্মজাহ দিছে । তিব্বতী সমাজে তেওঁৰ এই আত্মাবলিদানক তিব্বতৰ স্বাধীনতা আৰু সাংস্কৃতিক পৰিচয় ৰক্ষাৰ বাবে সৰ্বোচ্চ ত্যাগ হিচাপে গণ্য কৰিছে ।"
মনপা মিমাং চোকপা অৰ্থাৎ মনপা জনগোষ্ঠীৰ সংগঠনৰ নেতাই কয়,"১ জুলাই ২০২৬ তাৰিখে চীনে এথনিক ইউনিটি আইন নামে অভিহিত এখন আইন গৃহীত কৰাৰ এদিন পিছতে এই আত্মদাহৰ ঘটনা সংঘটিত হয় । এই আইনে তিব্বতী ভাষা, সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সেইবাবেই এই মমবাতি শোভাযাত্ৰাৰ জৰিয়তে লবগা ৰংজেনৰ ত্যাগক সোঁৱৰাৰ লগতে তিব্বতৰ বিষয়টো লৈ জনসচেতনতা সৃষ্টিৰ চেষ্টা কৰা হৈছে ।"
লগতে পঢ়ক : ৰাম মন্দিৰৰ পিছত বগলামুখী শক্তিপীঠত কোটি টকাৰ অনুদান আত্মসাৎ !

