ETV Bharat / bharat

শুকুৰবাৰে ভাৰতলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী

মুম্বাইত শুকুৰবাৰে উপস্থিত হোৱাৰ পিছত ১ মাৰ্চত দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰে বহিব আলোচনাত ।

Canadian PM Mark Carney
চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী (File/AP)
author img

By ETV Bharat Assamese Team

Published : February 26, 2026 at 1:55 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণী শুকুৰবাৰে ভাৰতত উপস্থিত হ'ব । বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে । জাষ্টিন ট্ৰুডোৰ পিছত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে এয়া হ'ব মাৰ্ক কাৰ্ণীৰ প্ৰথমটো ভাৰত ভ্ৰমণ । শুকুৰবাৰে মুম্বাইত উপস্থিত হ'ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণী । পৰৱৰ্তী দুদিনত তেওঁ পৃথক পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি বিজ্ঞপ্তিত কোৱা হৈছে । তেওঁ ভাৰতীয় আৰু কানাডাৰ বিভিন্ন প্ৰতিষ্ঠানৰ চি ই অ', উদ্যোগ আৰু বিত্তীয় বিশেষজ্ঞ, উদ্ভাৱক, শিক্ষাবিদ আদিৰে মতবিনিময় কৰিব বুলি জানিব পৰা গৈছে ।

প্ৰেছ বিজ্ঞপ্তি অনুসৰি অহা ১ মাৰ্চত নতুন দিল্লীত উপস্থিত হ'ব মাৰ্ক কাৰ্ণী । কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ২ মাৰ্চত হায়দৰাবাদ হাউছত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব । কানানাস্কিছ (জুন ২০২৫) আৰু জোহান্সবাৰ্গ (নৱেম্বৰ ২০২৫)ত তেওঁলোকৰ পূৰ্বৰ বৈঠকৰ ওপৰত ভিত্তি কৰি দুয়োগৰাকী নেতাই ভাৰত-কানাডা কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰিব ।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আবেলিলৈ অনুষ্ঠিত হ'বলগীয়া ভাৰত-কানাডা চি ই অ' ফ'ৰামতো অংশগ্ৰহণ কৰিব । বিবৃতিটোত কোৱা হৈছে, "দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উদ্বেগ আৰু সংবেদনশীলতাৰ প্ৰতি পাৰস্পৰিক সন্মান, জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্ক আৰু ক্ৰমবৰ্ধমান অৰ্থনৈতিক পৰিপূৰকতাৰ ওপৰত ভিত্তি কৰি গঠনমূলক আৰু সুষম অংশীদাৰিত্ব গঢ়ি তুলিবলৈ সন্মত হৈছে ।" ভাৰতৰ উপৰিও কাৰ্ণীয়ে অষ্ট্ৰেলিয়া আৰু জাপানলৈও যাত্ৰা কৰিব বুলি সোমবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পাইছে ।

লগতে পঢ়ক :মোদী-নেতান্যাহুৰ গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি : ভাৰতৰ দৃষ্টি আয়ৰণ ড'ম-আয়ৰণ বীম প্ৰযুক্তিত