পশ্চিমবংগ আৰু তামিলনাডুত অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰ
২৩ এপ্ৰিলত তামিলনাডুৰ ২৩৪টা সমষ্টি আৰু পশ্চিমবংগৰ ১৫২টা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

Published : April 22, 2026 at 8:14 AM IST
|Updated : April 22, 2026 at 10:14 AM IST
চেন্নাই/কলকাতা : তামিলনাডুৰ ২৩৪ খন বিধানসভা আসনৰ বাবে একক পৰ্যায়ত আৰু পশ্চিমবংগৰ উত্তৰ আৰু দক্ষিণ বংগত প্ৰথম পৰ্যায়ত ১৫২খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযান মঙলবাৰে সন্ধিয়া ৬ বজাত অন্ত পৰে ৷ বৃহস্পতিবাৰে (২৩ এপ্ৰিল) দুয়োখন ৰাজ্যতে ভোটগ্ৰহণ কৰা হ’ব । ২৯ এপ্ৰিলত পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।
পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যতে ভোটগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৬ বজাত শেষ হ’ব । দুয়োখন ৰাজ্যৰ লগতে ৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হোৱা কেৰালা, অসম, আৰু পুডুচেৰীৰ ভোট গণনা ৪ মে’ত হ’ব ।
নিৰ্বাচন আয়োগৰ আৰ্হি আচৰণ বিধি অনুসৰি ভোটদান শেষ হোৱাৰ ৪৮ ঘণ্টাৰ আগতে সকলো ৰাজহুৱা সভা, নিৰ্বাচন সম্পৰ্কীয় অনুষ্ঠান, প্ৰচাৰ অভিযান বন্ধ হ’ব লাগিব ।
২ এপ্ৰিলত জাৰি কৰা এক বিবৃতিত আয়োগে কয় যে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৬(১)(খ)ৰ অধীনত যিকোনো ভোটকেন্দ্ৰত ভোটগ্ৰহণ সমাপ্ত কৰাৰ বাবে নিৰ্ধাৰিত সময়ৰ পূৰ্বে ৪৮ ঘণ্টাৰ বাবে টেলিভিছন বা অনুৰূপ কোনো মাধ্যমত নিৰ্বাচন সম্পৰ্কীয় কোনো সামগ্ৰী প্ৰদৰ্শন কৰাটো নিষিদ্ধ ।
জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৬এৰ অধীনত আয়োগে ৯ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা (যেতিয়া অসম, কেৰালা আৰু পুডুচেৰীত ভোটদান আৰম্ভ হৈছিল) ২৯ এপ্ৰিলৰ সন্ধিয়া ৬:৩০ বজালৈ (যেতিয়া পশ্চিমবংগত ভোটগ্ৰহণৰ অন্তিম পৰ্যায় শেষ হ’ব) এগজিট প’ল অনুষ্ঠিত কৰা আৰু ছপা বা বৈদ্যুতিন মাধ্যমৰ জৰিয়তে তেওঁলোকৰ ফলাফল প্ৰকাশ কৰাটো নিষিদ্ধ বুলিও অৱগত কৰে ।
তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত, ২৩ এপ্ৰিলত ভোটদান
২৩ এপ্ৰিলত তামিলনাডুৰ ২৩৪খন বিধানসভাৰ আটাইকেইখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি মঙলবাৰে সন্ধিয়া নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰে ৷
এনডিএক প্ৰতিহত কৰিবলৈ কংগ্ৰেছ দলে তামিলনাডুত নিজৰ আটাইতকৈ পুৰণি দল আৰু দক্ষিণ ৰাজ্যৰ শাসকীয় ডিএমকে নেতৃত্বাধীন মিত্ৰজোঁটৰ সম্ভাৱনা বৃদ্ধিৰ বাবে তীব্ৰ অভিযান আৰম্ভ কৰে ৷ ডিএমকে নেতৃত্বাধীন চেকুলাৰ এলায়েন্সৰ অংশ হিচাপে কংগ্ৰেছে ২০২১ চনত ২৫খন আসনৰ তুলনাত ২৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১৮খন আসন লাভ কৰিছিল আৰু মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ নেতৃত্বত শাসকীয় ডিএমকেৰ জনপ্ৰিয়তাৰ সুযোগ লৈ ২০২৬ চনত কংগ্ৰেছে নিজৰ সংখ্যা বৃদ্ধি কৰাৰ আশা কৰিছে ৷
কংগ্ৰেছ আৰু ডিএমকেৰ মাজত আসন ভাগ-বতৰাৰ আলোচনাই ৰাজ্যৰ নেতাসকলৰ মাজত মতবিৰোধৰ সৃষ্টি কৰিছিল, কিয়নো কংগ্ৰেছে ৩৯খন আসনৰ দাবী জনাইছিল, যিটো আঞ্চলিক প্ৰধান দলটোৱে নাকচ কৰিছিল ৷ মিত্ৰতাৰ আলোচনাৰ সময়ত দুয়োটা দলৰ স্থানীয় নেতাই ইজনে সিজনক লক্ষ্য কৰি লৈছিল যদিও প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে সহযোগ কৰে ৷
শাসকীয় মিত্ৰজোঁটৰ মূল খেলুৱৈ হিচাপে মুখ্যমন্ত্ৰী ষ্টেলিনে সমগ্ৰ ৰাজ্যতে এক জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ৷ নিজৰ ফালৰ পৰা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ নেতৃত্বত ২১টা দলৰ ধৰ্মনিৰপেক্ষ মিত্ৰতা, বিগত পাঁচ বছৰত কৰা কাম আৰু ৰাজ্য চৰকাৰে পুনৰ ক্ষমতালৈ আহিলে পূৰণ কৰিবলগীয়া সমাজ কল্যাণমূলক প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে ৷
ষ্টেলিনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ৰাহুল গান্ধীয়ে প্ৰচাৰ অভিযানৰ ব্যস্ততাৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে যৌথ সভাত ভাষণ দিব পৰা নাছিল যদিও কংগ্ৰেছ প্ৰধান খৰ্গে ডিএমকেৰ মুৰব্বীৰ সৈতে মঞ্চ ভাগ কৰি মিত্ৰতাৰ ঐক্য প্ৰদৰ্শনৰ প্ৰয়োজনীয়তা পূৰণ কৰিছিল ৷ ভাষণত ৰাহুল গান্ধী আৰু খৰ্গে দুয়োজনে ডিএমকে নেতৃত্বাধীন মিত্ৰতা প্ৰতিহত কৰিবলৈ এআইএডিএমকে আৰু অন্যান্য দলৰ সৈতে একত্ৰিত হোৱা বিজেপিক আক্ৰমণ কৰে ৷
সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ তামিলনাডুৰ ভাৰপ্ৰাপ্ত গিৰীশ চোদনকাৰে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সফল বুলি উল্লেখ কৰি ডিএমকে নেতৃত্বাধীন মিত্ৰজোঁট পুনৰ ক্ষমতালৈ আহিব বুলি দাবী কৰে ৷
ইটিভি ভাৰতক চোদনকাৰে কয়, "এয়া অতি সফল অভিযান আছিল আৰু তেওঁলোকৰ নেতা ৰাহুল গান্ধী আৰু খৰ্গেই অংশগ্ৰহণ কৰিছিল ৷ তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত মানুহ আকৰ্ষিত হৈছিল আৰু পুনৰ ডিএমকে নেতৃত্বাধীন মিত্ৰজোঁটক ভোট দিব ৷"
ডিএমকেৰ সমান্তৰালভাৱে কংগ্ৰেছেও যোৱা নিৰ্বাচনতকৈ ভাল কাম কৰিব বুলি উল্লেখ কৰি শাসকীয় মিত্ৰজোঁটৰ পক্ষত থকা কাৰকসমূহৰ বিষয়ে ব্যাখ্যা কৰি এআইচিচিৰ বিষয়াগৰাকীয়ে কয়, "যোৱা পাঁচ বছৰত মিত্ৰজোঁট চৰকাৰে কৰা কাম, নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰী ষ্টেলিনৰ নেতৃত্বত ২১টা দলৰ সৰ্ববৃহৎ মিত্ৰতা আৰু বিজেপিৰ সৈতে এআইএডিএমকেৰ মিত্ৰতাই আমাৰ পক্ষত কাম কৰি আছে ।"
সমষ্টি পুনঃনিৰ্ধাৰণৰ বিষয়টোৱে মিত্ৰতাক সহায় কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে ৷
পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত, ২৩ এপ্ৰিলত ভোটদান
২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ মঙলবাৰে সমাপ্ত হোৱা পশ্চিমবংগত পৰিস্থিতি একেবাৰে বেলেগ ৷ ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ প্ৰথমবাৰৰ বাবে কংগ্ৰেছে দীৰ্ঘদিনীয়া মিত্ৰ বাওঁপন্থী দলসমূহক পৰিত্যাগ কৰি অকলে ২৯৪খন বিধানসভাৰ আসনতে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ ২০২১ চনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে একেলগে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এখনো আসন লাভ কৰিব নোৱাৰিলে ৷ তেতিয়া কংগ্ৰেছৰ ভোটৰ অংশ আছিল ৪ শতাংশ ৷
পশ্চমবংগত মূল যঁজ শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ মাজত হ’লেও কংগ্ৰেছে দলটোৰ ভোট বৃদ্ধি হোৱাৰ লগতে বিধানসভাতো কিছু আসন লাভ কৰাৰ আশা কৰিছে ।
কংগ্ৰেছৰ প্ৰচাৰ অভিযানত মালদা, মুৰ্ছিদাবাদ, উত্তৰ দিনাজপুৰ, কোচবিহাৰৰ দৰে দুৰ্গসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, য’ত এইবাৰ বৃহত্তৰ দলটোৱে লাভৱান হোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী এগৰাকী সন্ত্ৰাসবাদী ! কংগ্ৰেছ নেতাৰ মন্তব্যৰ পিছতে বিজেপি নেতাই ধৰিলে উভতি

