ETV Bharat / bharat

ৰে’লষ্টেচনৰ খোৱাপানীত ই কোলাই বেক্টেৰিয়াৰ উপস্থিতি ! কেগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

২০২২-২৩ চনৰ ভিতৰত চাৰিটা জ’নৰ আঠটাকৈ ষ্টেচন আৰু ২০২৩-২৪ চনৰ ভিতৰত পাঁচটাকৈ জ’নৰ ১১টা ষ্টেচনৰে বেক্টেৰিয়াল'জিকেল পৰীক্ষা সন্তোষজনক নহয় বুলি জানিব পৰা গৈছে ।

CAG Flags E. Coli Bacteria In Drinking Water At Stations
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 16, 2026 at 10:32 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: দেশৰ ৰে'ল মন্ত্ৰালয়ে ষ্টেচনসমূহত যাত্ৰীৰ সুবিধাৰ বাবে নিৰ্ধাৰণ কৰা মানদণ্ড কিছু কিছু ষ্টেচনে পালন কৰাত ব্যৰ্থ হোৱা বুলি ভাৰতীয় নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকে তথ্য লাভ কৰিছে । যাৰ ফলত ৰে'ল সেৱাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে । ৱাটাৰ কুলাৰৰ পৰা খোৱাপানীলৈ সকলোতে পোৱা গৈছে বিসংগতি । ইয়াৰ ভিতৰত ৱাটাৰ কুলাৰৰ খোৱাপানীত ই কোলাই বেক্টেৰিয়াৰ উপস্থিতিতি আৰু শৌচাগাৰৰ অস্বাস্থ্যকৰ পৰিৱেশৰ কথা উল্লেখ কৰিছে ।

১২ আগষ্টত সংসদত উত্থাপন কৰা কেগৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে, "ছটা জ’নৰ ৫৯টা ষ্টেচনত খোৱাপানীৰ বেক্টেৰিয়াৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰা হোৱা নাছিল ।" আটাইকেইটা জ’নত ৫১২টা উপ-নগৰীয় গ্ৰেড ষ্টেচনত যাত্ৰীৰ সেৱা অধ্যয়ন কৰাৰ পিছত প্ৰতিবেদনত উল্লেখ কৰে, "ৱাটাৰ কুলাৰৰ পৰা পানীৰ নমুনা দক্ষিণ ৰে'লৱেৰ দুটা ষ্টেচন ক্ৰমে কইম্বাটুৰ আৰু পলাক্কাড জংচন, দক্ষিণ কেন্দ্ৰীয় ৰে'লৱেৰ এটা ষ্টেচন হায়দৰাবাদ, চেণ্ট্ৰেল ৰে'লৱেৰ চাৰিটা ষ্টেচন ক্ৰমে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ, ভীৱণ্ডী ৰোড, কল্যাণ আৰু লোনাৱালা আৰু আন এটা ষ্টেচনত ই-কলাইৰ উপস্থিতি পোহৰলৈ আহিছে ।"

ৰিপ'ৰ্টত কোৱা হৈছে, "২০২২-২৩ চনৰ ভিতৰত আঠটা জ’নৰ ৪৯টা ষ্টেচনত আৰু ২০২৩-২৪ চনৰ ভিতৰত ৯টা জ’নৰ ৫৬টা ষ্টেচনত প্লেটফৰ্মত টেপৰ পৰা সংগ্ৰহ কৰা খোৱাপানীৰ নমুনাৰ পৰীক্ষাৰ ফলাফলত টোটেল কলিফৰ্মছ বেক্টেৰিয়া (ই-কলাইকে ধৰি)ৰ উপস্থিতিৰ ইংগিত পোৱা গৈছে ।"

২০২২-২৩ চনৰ ভিতৰত কৰা পৰীক্ষাৰ সময়ত চাৰিটা জ’নৰ আঠটা ষ্টেচনত আৰু ২০২৩-২৪ চনৰ ভিতৰত পাঁচটা জ’নৰ ১১টা ষ্টেচনত টোটেল কলিফৰ্মৰ বাহিৰেও বেক্টেৰিয়াল'জিকেল পৰীক্ষা সন্তোষজনক নাছিল ।

কেগে কয় যে এই প্ৰতিবেদনত ২০১৯-২০ চনৰ পৰা ২০২৩-২৪ চনলৈকে পৰীক্ষা অডিটৰ সময়ত চিনাক্ত কৰা দৃষ্টান্তসমূহৰ লগতে পূৰ্বে ৰিপ’ৰ্ট নোহোৱা পূৰ্বৰ গোচৰসমূহ আৰু প্ৰয়োজন সাপেক্ষে ২০২৩-২৪ চনৰ পিছৰ গোচৰসমূহো সামৰি লোৱা হৈছে ।

প্ৰতিবেদন অনুসৰি, নন-চাবৰ্বান গ্ৰুপ (এনএছজি)ৰ অধীনত ৫,৯০৮টা ৰে’লৱে ষ্টেচন আছে আৰু ভাৰতীয় ৰে’ল বিভাগে দৈনিক ৭,৪২৪খনতকৈও অধিক যাত্ৰীবাহী ৰে’ল (নন-চাবৰ্বান) চলাইছিল ৷ ২০২৩-২৪ চনত ২৯২.৪ কোটি যাত্ৰীয়ে যাত্ৰা কৰিছিল ।

"পানী যোগান ব্যৱস্থা পৰিদৰ্শন আৰু খোৱাপানীৰ গুণাগুণৰ বিস্তৃত পৰীক্ষণৰ বাবে নিৰ্ধাৰিত প্ৰট’কলসমূহ মানি চলাটো নিশ্চিত কৰক, য’ত বিশুদ্ধ খোৱাপানীৰ গুণাগুণ প্ৰট’কলৰ অধীনত সকলো পৰিমাপো অন্তৰ্ভুক্ত কৰা হৈছে" - কেগে ভাৰতীয় ৰে’ল বিভাগক এই আহ্বান জনায় ৷

লগতে পঢ়ক: মোৰ কণ্ঠ কোনেও দমন কৰিব নোৱাৰে: ১৫ দিনত ভৰি দিলে ছাত্ৰ নেতা দেৱেন্দ্ৰ মাহাতোৰ অনশন

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া অনলাইন কোচিং; মোদীৰ ঘোষণাৰ কাৰ্যকৰীকৰণক লৈ উদ্বিগ্ন বিশেষজ্ঞ