বুমলা পাছ: বীৰত্ব, ত্যাগ আৰু গৌৰৱৰ কাহিনী
নৱেম্বৰৰ পৰা বৰফৰে আৱৰা বৰ্তমান শুকান, শিলাময় এই পৰ্বতৰ শিখৰ কেৱল প্ৰকৃতিৰ সৌন্দৰ্যৰেই পৰিপূৰ্ণ নহয়, বৰং ই ভাৰতীয় সেনাৰ বীৰত্ব, ত্যাগ আৰু সাহসৰ প্ৰতীক ।

Published : October 30, 2025 at 3:21 PM IST
টাৱাং: ভাৰত-চীন সীমান্তৰ বুমলা পাছ সাগৰপৃষ্ঠৰ পৰা ১৫,২০০ ফুট উচ্চতাত অৱস্থিত ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা ইয়াৰ দূৰত্ব মাত্ৰ ৪৪ কিলোমিটাৰ ৷ নৱেম্বৰ মাহৰ পৰা বৰফৰে আৱৰা বৰ্তমান শুকান, শিলাময় এই পৰ্বতৰ শিখৰ কেৱল প্ৰকৃতিৰ সৌন্দৰ্যৰেই পৰিপূৰ্ণ নহয়, বৰং ই ভাৰতীয় সেনাৰ বীৰত্ব, ত্যাগ আৰু অদম্য সাহসৰ এক জীৱন্ত প্ৰতীক ।
১৯৬২ চনৰ ২৩ অক্টোবৰত এই বুমলা পাছৰ শান্ত পাহাৰত প্ৰথমবাৰৰ বাবে শুনা গৈছিল বন্দুকৰ গুলীৰ শব্দ । চীনা সৈন্যই আক্ৰমণ কৰিছিল ভাৰতীয় সেনাৰ সীমান্তত থকা শিবিৰত, য’ত পঞ্চম অসম ৰাইফলছৰ এটা প্লাটুনে ঠাণ্ডাত কঁপি কঁপি দেশৰ সীমা ৰক্ষা কৰি আছিল । তেওঁলোকৰ নেতৃত্ব দিছিল জে চি অ’ এ কে ৰাৱে, যাৰ সৈতে আছিল কেৱল ১৬ জন সৈনিক ।
সম্পূৰ্ণ প্ৰস্তুত চীনা সৈন্যৰ বিৰুদ্ধে তেওঁলোকে যি সাহস দেখুৱাইছিল, সেয়া আজিও বুমলাৰ শিখৰত খোদিত হৈ আছে । সেই যুঁজত আমাৰ সকলো বীৰেই শ্বহীদ হৈছিল ৷ কিন্তু তেওঁলোকৰ পৰাক্ৰমৰ গাথা এতিয়াও সেনাবাহিনীৰ হৃদয়ত ধ্বনিত হয় ।

চীনা সৈন্য তাতে থমকি ৰোৱা নাছিল । তেওঁলোকে আগবাঢ়ি গৈছিল চুবেদাৰ যোগিন্দ্ৰ সিঙৰ পোষ্টলৈ, যি ভাৰতীয় সেনাৰ এজন বীৰ যোদ্ধা ৷ যাৰ নাম আজি ভাৰতীয় সেনাৰ ইতিহাসত স্বৰ্ণাক্ষৰে লিখা আছে । যোগিন্দ্ৰৰ সিং আৰু তেওঁৰ ২২ জন সৈন্যই অগণন চীনা সৈন্যৰ বিৰুদ্ধে যুঁজিছিল । গুলি শেষ হোৱাৰ পিছতো তেওঁলোকে বেয়নেট লৈ যুদ্ধত নামিছিল । যুদ্ধক্ষেত্ৰ ৰাঙলী হৈ গ’ল, কিন্তু ভাৰতীয় বীৰ সেনা যোগিন্দ্ৰ সিঙৰ গাত ৮ টা গুলী লগাৰ পিছতো যুঁজৰ পৰা পিছুৱাই আহিবলৈ অস্বীকাৰ কৰে । তাৰ পিছতে তেওঁক বন্দী কৰে চীনা সৈন্য়ই ৷ চুবুৰীয়া ৰাজ্যখনৰ সৈন্যই চকু-নখ কাটি উলিয়াই অমানুষিক অত্যাচাৰ চলায় ৷ তথাপিও ভাৰতীয় সেনা জোৱানগৰাকীয়ে শত্ৰুপক্ষক প্ৰদান নকৰিলে নিজৰ দেশৰ গোপন তথ্য ৷ তেওঁ নিজৰ প্ৰাণ দিও মাতৃভূমিৰ মান ৰাখিছিল । আজিও বুমলাৰ প্ৰতিটো স্থানে যেন সেই কাহিনীকে কয় ।

বুমলা পাছ এতিয়া সীমান্তৰ শান্তিৰ প্ৰতীক । বছৰত ৯ খন ফ্লেগ মিটিং ইয়াত অনুষ্ঠিত হয়, য’ত ভাৰত আৰু চীনৰ সেনাই মুখামুখি বৈঠক কৰি সীমান্ত সমস্যা সমাধান কৰে । উত্তৰ ছিকিমৰ নাথুলাৰ পিছত দ্বিতীয় ফ্লেগ মিটিং স্থান হিচাপে বুমলাৰ গৌৰৱ অতুলনীয় ।
আজিৰ দিনত বুমলা পাছ হৈছে এক ঐতিহাসিক পৰ্যটন স্থান । তুষাৰে আৱৰি থকা এই স্থানলৈ প্ৰতিদিনে হাজাৰ হাজাৰ পৰ্যটক আহে । তেওঁলোকে ফটো তোলে, প্ৰাকৃতিক দৃশ্য উপভোগ কৰে ৷ কিন্তু পাহাৰৰ বুকুত নিদ্ৰিত সেই বীৰ সৈনিকসকলৰ স্মৃতিয়ে তেওঁলোকৰ হৃদয় স্পৰ্শ কৰে ৷
এগৰাকী পৰ্যটকে কয়, ‘‘আমি ভাবিছিলোঁ, বুমলা কেৱল এটা পৰ্যটন স্থান । কিন্তু এতিয়া জনা গ’ল এই ঠাইত বৰফৰ তলত লুকাই আছে বীৰত্ব আৰু ত্যাগৰ অমূল্য কাহিনী । আজিৰ দিনটোত আমি ভাৰতীয় সেনাৰ অংশ নহ’লেও, এই স্থানত উপস্থিত হৈ গৌৰৱবোধ কৰিছোঁ ।’’
লগতে পঢ়ক: সীমান্তৰ সমস্যা সমাধানত বৰ্তমানৰ ব্যৱস্থা অব্য়াহত ৰাখিবলৈ সন্মত ভাৰত-চীন

