ৰুষ্ট প্ৰকৃতি ! দিল্লী-মহাৰাষ্ট্ৰত ধাৰাসাৰ বৰষুণত অট্টালিকা খহি কেইবাজনো আহত
ধাৰাসাৰ বৰষুণৰ মাজতে দিল্লীত খহি পৰে নিৰ্মাণৰত এটা অট্টালিকা ৷ মহাৰাষ্ট্ৰতো সংঘটিত হৈছে অনুৰূপ ঘটনা ৷

Published : July 8, 2026 at 10:44 PM IST
নতুন দিল্লী/মহাৰাষ্ট্ৰ: বিগত দুদিন ধৰি দেশৰ ৰাজধানী চহৰত হোৱা নেৰানেপেৰা বৰষুণৰ মাজতে সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰোহিনী অঞ্চলৰ ছেক্টৰ-১৬ ত ধাৰাসাৰ বৰষুণৰ মাজতে বুধবাৰে নিৰ্মাণৰত এটা পাঁচ মহলীয়া অট্টালিকা খহি পৰে ৷
মুহূৰ্ততে অঞ্চলটোত হুৱাদুৱা লাগে ৷ ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ৷ অট্টালিকাটোৰ তলত ৰখাই থোৱা বহু বাহন এই ঘটনাত ক্ষতিগ্ৰস্ত হয় ৷
Delhi: A building collapsed in Sector 16 under the K.N. Katju police station area in Rohini district. More details are awaited. pic.twitter.com/pvnU8OfXQw
— IANS (@ians_india) July 8, 2026
ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযানকাৰী দল উপস্থিত হৈছে ৷ দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ মুখ্য অগ্নিনিৰ্বাপক বিষয়া এ কে মালিকে কয়, এমচিডি বিদ্যালয়ৰ সমীপৰ ১৬নং জি-৫ বাসগৃহটোৰ বিপৰীতে থকা ৰোহিনী ছেক্টৰ-১৬ত এই ঘটনা সংঘটিত হৈছে । দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে আবেলি ৪.১৯ বজাত এই খবৰ লাভ কৰে ৷ তেওঁলোকে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে দিল্লী আৰক্ষী, পৌৰ নিগম, দিল্লী ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগকে ধৰি একাধিক দল ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় বাসিন্দাসকলেও উদ্ধাৰ অভিযানত সহায় আগবঢ়ায় ।
প্ৰশাসনে জনোৱা মতে, প্ৰাৰম্ভিক তদন্তৰ অন্ততহে ক্ষতিগ্ৰস্ত লোকৰ সঠিক সংখ্যা স্পষ্ট হ’ব । নিৰ্মাণৰত অট্টালিকাটো কি কাৰণে খহি পৰিল, সেই সম্পৰ্কতো তদন্ত কৰা হ’ব ৷ ধাৰাসাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নিৰ্মাণৰত আৰু জৰাজীৰ্ণ অট্টালিকাৰ কাষত নাথাকিবলৈ জনসাধাৰণক আহ্বান জনাইছে ৷
আনহাতে, মহাৰাষ্ট্ৰৰ পিমপ্ৰি-চিঞ্চৱাদৰ মোছি অঞ্চলতো বুধবাৰে এটা অট্টালিকা খহি পৰে ৷ এই ঘটনাত প্ৰায় ১৫-১৬ গৰাকী লোক আবদ্ধ হৈ ৰয় ৷ অৱশ্যে ঘটনাস্থলীত নিয়োজিত উদ্ধাৰকাৰী দলে আটাইকেইজন লোক নিৰাপদে থকা বুলি জানিবলৈ দিয়ে ৷ এনডিআৰএফ, সেনা, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলি আছে । পৰিস্থিতিৰ ওপৰত মুখ্যমন্ত্ৰীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে ।
Pune, Maharashtra: On a portion of a building collapsing in the Moshi area of Pimpri-Chinchwad, former Pimpri-Chinchwad Mayor Nitin Kalje says, " the incident took place at the waste-to-energy project in my ward, where the city's waste is processed. as you can see, there is a… pic.twitter.com/bQHNdEgvvo
— IANS (@ians_india) July 8, 2026
উল্লেখ্য যে, ঘটনাস্থলীৰ সমীপতে জাবৰৰ এটা প্ৰকাণ্ড দম আছে ৷ তাৰকাষতে এটা তিনিমহলীয়া প্ৰশাসনিক ভৱন আছে ৷ দিনৰ প্ৰায় ১ বজাত সেই অট্টালিকাটো খহি পৰে ৷ সেই সময়ত অট্টালিকাটোৰ ভিতৰত ২০ জন লোক আছিল । দ্বিতীয় মহলাত থকা চাৰিজন লোকে কোনোমতে এখন খিৰিকী ভাঙি বাহিৰলৈ আহি প্ৰাণৰক্ষা কৰে ৷
#WATCH | Maharashtra | A building collapsed in the Moshi area of Pimpri Chinchwad; rescue operations underway.
— ANI (@ANI) July 8, 2026
Around 15–16 people are trapped, but all are reported to be safe. Teams from the NDRF, the Army, Police, and Fire Brigade are at the site. Rescue operations are… pic.twitter.com/g74YrwTdoO
লগতে পঢ়ক: চাহ-চিঙৰাৰ দোকান দেখিলেই ৰৈ যোৱা এখন ৰে’ল... ! ৰে'ল বিভাগৰ অস্বীকাৰ

