সেনাৰ সাহস, ত্যাগ আৰু মানৱীয়তাৰ প্ৰতীক চেলা পাছৰ স্মৃতিসৌধ পুনৰ সংৰক্ষণ
চেলা পাছত অৱস্থিত তথা সাহস, ত্যাগৰ প্ৰতীক বৰফে ঢকা স্মৃতিসৌধটোৰ পুনৰ সংৰক্ষণ ৷

Published : June 30, 2026 at 9:19 PM IST
তেজপুৰ : পশ্চিম অৰুণাচল প্ৰদেশৰ ঐতিহাসিক পুৰণি চেলা পাছ পথৰ কুঁৱলী আৰু বৰফে ঢকা পাহাৰৰ মাজত নীৰৱে থিয় হৈ আছে এটা স্মৃতিসৌধ । পাঁচ দশকৰো অধিক সময় এই স্মৃতিসৌধটো সাক্ষী হৈ আছে সীমান্ত অঞ্চলত দেশ গঢ়াৰ এক অবিশ্বাস্য অধ্যায়ৰ, য'ত সাহস, ত্যাগ আৰু মানৱীয়তা ৷ এতিয়া সেই নীৰৱ স্মৃতিসৌধটোৱে পুনৰ নতুন জীৱন লাভ কৰিছে ।
১৯৭২ চনত নিৰ্মাণ কৰা স্মৃতিসৌধটোৱে সুঁৱৰাই দিয়ে, যি বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্ব'ন চমুকৈ বিআৰঅ'ৰ ১৪ ব'ৰ্ডাৰ ৰোডছ টাস্ক ফ'ৰ্চৰ কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া বীৰ সেনাৰ কথা ৷ সেনাৰ সেই পদক্ষেপে কেৱল এটা ঐতিহাসিক স্থাপত্য সংৰক্ষণ কৰা নহয়, দেশৰ সীমান্ত অঞ্চল গঢ়ি তোলা অখ্যাত বীৰসকলৰ ত্যাগকো বৰ্তমানো চিৰস্মৰণীয় কৰি ৰাখিছে ।
Heartfelt appreciation to 42 BRTF under Project Vartak, BRO for restoring the historic 1972 Smriti Chorten on the Old Sela Road.
— Pema Khandu པདྨ་མཁའ་འགྲོ་། (@PemaKhanduBJP) June 22, 2026
This is more than conservation of a monument, it is a tribute to the shared history, sacrifice, and enduring friendship between the BRO and the people… pic.twitter.com/ipIAEF8B01
দশকজুৰি এই সৰু গোম্ফাটোত কেৱল শ্বহীদৰ নাম খোদিত হৈ আছিল । বৰফ, ধুমুহা, তীব্ৰ শীত আৰু সময়ৰ আঘাত সহিও স্মৃতিসৌধটো অটল হৈ আছিল ৷ আধুনিক যন্ত্ৰপাতি বা উন্নত প্ৰযুক্তি নথকা সময়ত বিআৰঅ'ৰ এই সাহসী কৰ্মীসকলে বৰফধুমুহা, ভূমিস্খলন, হিমশীতল বতাহ আৰু দুৰ্গম পাহাৰীয়া পথৰ সৈতে যুঁজ দি অৰুণাচল প্ৰদেশক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা কৌশলগত পথ নিৰ্মাণ কৰিছিল। এই কঠিন অভিযানত বহুতে দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল ।

সাহস, অধ্যৱসায় আৰু ৰাষ্ট্ৰসেৱাৰ এক জীৱন্ত প্ৰতীক স্মৃতিসৌধটো পুনৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল অৰুণাচল চৰকাৰে ৷ ২২ জুনত স্মৃতিসৌধটোৰ পুনৰ সংৰক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্ডুয়ে এক্সত কয়,"প্ৰজেক্ট ভৰ্তকৰ অধীনস্থ ৪২ বিআৰটিএফে ওল্ড চেলা পথৰ ১৯৭২ চনৰ ঐতিহাসিক স্মৃতি চ'ৰ্টেন পুনৰ সংৰক্ষণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো । এইটো কেৱল এটা স্মৃতিসৌধ সংৰক্ষণ নহয়, ই বিআৰঅ' আৰু অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ মাজৰ যৌথ ইতিহাস, আত্মত্যাগ আৰু চিৰস্থায়ী সম্পৰ্কৰ প্ৰতি এক গভীৰ শ্ৰদ্ধাঞ্জলি ।"

স্মৃতিসৌধটোৰ অন্যতম আকৰ্ষণ হৈছে তেতিয়াৰ ১৪ বিআৰটিএফৰ কমাণ্ডাৰ লেফটেনেণ্ট কৰ্ণেল এইছ মাৰ্লেৰ পত্নী মিচেছ ৰুথ মাৰ্লে লিখা এক হৃদয়স্পৰ্শী কবিতা । সেই কবিতাত উল্লেখ আছে বীৰসকলে "বৰফৰ বুট পিন্ধি থকা অৱস্থাতেই মৃত্যুক সাৱটি লৈছিল ।" এই কেইটা শব্দ আজিও প্ৰতিজন দৰ্শনাৰ্থীৰ হৃদয় স্পৰ্শ কৰে আৰু সোঁৱৰাই দিয়ে যে চেলা পাছৰ পথ কেৱল যন্ত্ৰই নিৰ্মাণ কৰা নাছিল, নিৰ্মাণ কৰিছিল সেইসকল মানুহে, যিসকলৰ অদম্য সাহস আৰু আত্মবলিদানৰ ওপৰত গঢ়ি উঠিছে এই কৌশলগত পথ ।
লগতে পঢ়ক: অৰুণাচলত চীনা PLA ৰ অনুপ্ৰৱেশৰ দাবী খণ্ডন ভাৰতীয় সেনাৰ, সংবাদ মাধ্যমৰ বাতৰিক ভিত্তিহীন আখ্যা

