ETV Bharat / bharat

ছিমলাৰ ৰাজপথত প্ৰৱেশ কৰিয়েই ব্ৰিটিছ পৰ্যটকে ভৰিলে জৰিমনা

সৰ্বপৰিচিত মল ৰোডৰ লগতে ৰিজ অঞ্চলত বাহনৰ প্ৰৱেশ নিষিদ্ধ ৷ তেনেহ’লে তাত কেনেদৰে প্ৰৱেশ কৰিছে ব্ৰিটিছ পতাকা সংলগ্ন অট’ ?

AUTO WITH ENGLAND FLAG
কেৰালামৰ পঞ্জীয়নভুক্ত এখন অট’ৰো আহিছিল তিনিজন ব্ৰিটিছ পৰ্যটক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 12, 2026 at 9:40 PM IST

2 Min Read
Choose ETV Bharat

ছিমলা(হিমাচল প্ৰদেশ): ভাৰতত ফুৰিবলৈ আহি জৰিমনাৰ সন্মুখীন হ’ল ব্ৰিটিছ পৰ্যটক ৷ বাহনৰ প্ৰৱেশ নিষিদ্ধ এলেকাত প্ৰৱেশ কৰি ভৰিলে জৰিমনা ৷ হিমাচলৰ প্ৰদেশৰ ছিমলা প্ৰধানকৈ এখন পৰ্যটনকেন্দ্ৰিক চহৰ ৷ এই চহৰ ভ্ৰমণ কৰাৰ উদ্দেশ্যে ভিন্ন স্থানৰ পৰ্যটকসকল ইয়ালৈ আহে ৷

কেৰালামৰ পঞ্জীয়নভুক্ত এখন অট’ৰো তিনিজন ব্ৰিটিছ পৰ্যটকে আহি ছিমলাৰ সৰ্বপৰিচিত মল ৰোডৰ লগতে ৰিজ অঞ্চলত প্ৰৱেশ কৰে ৷ পৰ্যটক কেইজনে উক্ত স্থানত হুলস্থূলৰো সৃষ্টি কৰে ৷ অট’খনৰ নম্বৰ আছিল কেএল ০৭ ডিই ২৬৮৫ ৷ ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় পতাকাৰে সু-সজ্জিত তথা দ্ৰুতগতিত অহা অট’খনে পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰে ৷ তদুপৰি মল ৰোডত প্ৰৱেশৰ বাবে অযথা হুলস্থূল কৰে ৷

সেই অঞ্চলটোৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আৰক্ষীয়ে অট’খনৰ বিষয়ে জানিব পাৰি ক্ষন্তেক সময়ৰ ভিতৰতে মল ৰোডত উপস্থিত হৈ বাহনখন জব্দ কৰে ৷ আৰক্ষীৰ সোধ-পোছৰ সময়ত পৰ্যটকসকলে তেওঁলোকে মল ৰোড আৰু দ্য ৰিজ অঞ্চলটো ‘ন’-ভেহিকেল জ’ন’ সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে বাহনখন চলাই থকা বিদেশী পৰ্যটকজনক ১৫০০ টকাৰ জৰিমনা বিহে ৷

উল্লেখ্য যে, ছিমলা পথ ব্যৱহাৰকাৰী আৰু পথচাৰী(জনসাধাৰণৰ সুৰক্ষা আৰু সুবিধা) আইন ২০০৭ৰ অধীনত মল ৰোড আৰু ৰিজ অঞ্চলত সাধাৰণ জনতাৰ বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । চহৰখনৰ ঐতিহ্য সুৰক্ষিত কৰা, পথচাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে মসৃণ যাতায়াত বজাই ৰখাটোৱে এই নিয়মৰ মুখ্য উদ্দেশ্য ৷

এই নিয়ম উলংঘা কৰাৰ বাবদ ভৰিবলগীয়া জৰিমনাৰ নিৰিখো শেহতীয়াকৈ বৃদ্ধি কৰা হৈছে । পৰিস্থিতি সাপেক্ষে বিশেষ অনুমোদন লৈহে চৰকাৰী অথবা জৰুৰীকালীন বাহন এই অঞ্চলত প্ৰৱেশ কৰিব পাৰে ৷ অৱশ্যে নিয়ম ভংগ কৰি ব্ৰিটিছ পৰ্যটকসকলে কেনেদৰে এই স্থানত উপস্থিত হ’ল সেয়া জানিব পৰা হোৱা নাই ৷

আৰক্ষী অধীক্ষক গৌৰৱ সিঙে কয় যে এই খবৰ লাভৰ লগে লগে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে । আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, ‘‘বিদেশী পৰ্যটকক লৈ অহা এখন অট’ মল ৰোড অঞ্চলত প্ৰৱেশ কৰিছিল । এই খবৰ লাভৰ লগে লগে আৰক্ষীয়ে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক জৰিমনা বিহে ৷’’

উল্লেখ্য যে, এনে কঠোৰ নিয়মৰ মাজতো ছিমলা চহৰৰ মল ৰোডত বাহনৰ প্ৰৱেশে সুৰক্ষাৰ দিশ

লগতে পঢ়ক: ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিবলৈ লাগিব পিতৃ-মাতৃৰ SIR ৰ সবিশেষ