ইথানল মিহলি পেট্ৰ'ল বিষয়ত নীতিন গাডকাৰীলৈ সকাহ; সকলো ভুৱা পোষ্ট আঁতৰোৱাৰ নিৰ্দেশ আদালতৰ
বোম্বে উচ্চ ন্যায়ালয়ে কয় যে নীতিন গাডকাৰীয়ে যি বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে, প্ৰথম দৃষ্টিত সেয়া সঁচাকৈয়ে আপত্তিজনক ।

Published : August 5, 2026 at 9:01 PM IST
মুম্বাই : ইথানল মিহলি পেট্ৰ'ল (ই-২০ পেট্ৰ'ল) বিষয়ত সামাজিক মাধ্যমত ট্ৰ'লৰ সন্মুখীন হৈ অহা কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাড়কাৰীলৈ বোম্বে উচ্চ ন্যায়ালয়ৰ ডাঙৰ সকাহ । বুধবাৰে উচ্চ ন্যায়ালয়ে সামাজিক মাধ্যম আৰু ইণ্টাৰনেটৰ পৰা গাডকাৰীৰ সৈতে জড়িত তথা তেওঁক বদনাম কৰিব পৰা সকলো কনটেণ্ট শীঘ্ৰে আঁতৰাবলৈ নিৰ্দেশ দিয়ে ।
এই গোচৰত গাডকাৰীয়ে মেটা, এক্স, গুগল, ইউটিউব আৰু বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰণালয় সহিতে কেইবাটাও পক্ষৰ বিৰুদ্ধে ১১ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছিল । কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ আবেদনৰ ওপৰত বুধবাৰে ন্যায়াধীশ আৰিফ এছ ডাক্তৰৰ একক বিচাৰপীঠত শুনানি অনুষ্ঠিত হয় ।
সকলো পক্ষৰ বক্তব্য শুনাৰ পিছত উচ্চ ন্যায়ালয়ে কয় যে প্ৰথম দৃষ্টিত গাডকাৰীৰ দাবীৰ ক্ষেত্ৰত যুক্তিযুক্ততা আছে আৰু যিবোৰ কনটেণ্টৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছে সেইবোৰ সঁচাকৈয়ে আপত্তিজনক । ন্যায়ালয়ে কয় যে সংবাদ মাধ্যমত কোনো ব্যক্তিৰ ওপৰত এনেধৰণে মুকলিকৈ আলোচনা হোৱাটো ভুল কথা । গুগল আৰু মেটাই আপত্তিজনক কনটেণ্ট নিজ ইচ্ছা অনুসৰি আঁতৰোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে ।
ইয়াৰ পিছত ন্যায়ালয়ে সকলো সামাজিক মাধ্যম প্লেটফৰ্মৰ পৰা এনেধৰণৰ সকলো কনটেণ্ট শীঘ্ৰে আঁতৰাবলৈ নিৰ্দেশ প্ৰদান কৰে । ন্যায়ালয়ে লগতে কয় যে যদি ভৱিষ্যতে পুনৰ এনেধৰণৰ কনটেণ্ট প্ৰচাৰ হয়, তেন্তে আবেদনকাৰীয়ে প্ৰত্যক্ষভাৱে ইয়াৰ লগত জড়িত সংশ্লিষ্ট কোম্পানীৰ সৈতে যোগাযোগ কৰি ইয়াক আঁতৰাবলৈ অনুৰোধ কৰিব পাৰিব । লগতে কোম্পানীয়েসমূহ এনে অনুৰোধৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে বাধ্য থাকিব ৷
ন্যায়ালয়ে এই কথাৰ ওপৰতো জোৰ দিয়ে যে সমালোচনা এক উচিত সীমাৰ ভিতৰত হ'ব লাগে আৰু এই সীমা অতিক্ৰম কৰিবলৈ কাকো দিয়া নহ'ব । ন্যায়ালয়ে এইটোও কয় যে যদি এনে অনুৰোধৰ পিছতো এআইৰ দ্বাৰা সৃষ্ট ভুৱা কনটেণ্ট আঁতৰাই নিদিয়ে, তেন্তে আবেদনকাৰীয়ে পুনৰ ন্যায়ালয়লৈ যোৱাৰ স্বাধীনতা লাভ কৰিব ।
উচ্চ ন্যায়ালয়ে কয় যে গুগল আৰু মেটাৰ দৰে বৃহৎ কোম্পানীবোৰে এনেধৰণৰ অভিযোগ চম্ভালিবলৈ আৰু শীঘ্ৰে তাৰ সমাধান কৰিবৰ বাবে এনে এক ব্যৱস্থা সৃষ্টি কৰিব লাগে যাৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকল বাৰম্বাৰ ন্যায়ালয়লৈ যোৱাৰ কোনো প্ৰয়োজন নাথাকে । এই বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ বাবে ন্যায়ালয়ে চাৰি সপ্তাহৰ সময় লয় ।
উল্লেখ্য যে নিজৰ ৮৬ পৃষ্ঠাৰ আবেদনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ ই-২০ আঁচনিৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই । কিন্তু তেওঁ অভিযোগ কৰে যে সামাজিক মাধ্যমত এক কু-অভিপ্ৰায়েৰে অভিযান চলাই থকা হৈছে, য'ত তেওঁক এই ইন্ধনৰ ফলত হোৱা তথাকথিত গাড়ীৰ ক্ষতিৰ বাবে তেওঁক দোষী সাব্যস্ত কৰা হৈছে ।
তেওঁ এই অভিযান সন্দৰ্ভত মেটা, এক্স, গুগল আৰু ইউটিউবৰ দৰে কোম্পানীৰ লগতে কিছু অজ্ঞাত সামাজিক মাধ্যম ইউজাৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে । তেওঁ সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা এআই ডীপফেক ভিডিঅ', সম্পাদনা কৰা ফটো আৰু মিমছসমূহ শীঘ্ৰে আঁতৰোৱাৰ নিৰ্দেশ বিচাৰিছে আৰু ১১ কোটি টকাৰ মানহানিৰ ক্ষতিপূৰণ দাবী কৰিছে ।
অধিবক্তা সন্দীপ লাড্ডাৰ জৰিয়তে দাখিল কৰা অভিযোগত গাডকাৰীয়ে পুনৰ উল্লেখ কৰিছে যে ই-২০ আঁচনিৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই । তেওঁ কয় যে এই আঁচনি পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ অধীনস্থ আৰু ইয়াৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ সৈতে কোনো সম্পৰ্ক নাই ।

