সকলোতে সিঁচৰতি কেৱল মানৱ শৰীৰৰ অংগ : দিল্লী বিস্ফোৰণৰ প্ৰতিটো দৃশ্য বৰ্ণনা প্ৰত্যক্ষদৰ্শীৰ
লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণে সকলোকে কঁপাই তুলিছে,পদপথৰ সকলোতে কেৱল মানৱ দেহৰ অংগ সিঁচৰিত হৈ পৰিছে ৷ অৱশিষ্ট উদ্ধাৰ কৰি ফৰেনছিকে কৰি গৈছে নিজৰ কাম ৷

Published : November 11, 2025 at 12:35 PM IST
সান্তু দাসৰ প্ৰতিবেদন
নতুন দিল্লী : সোমবাৰে সন্ধিয়া লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত এখন গাড়ী বিস্ফোৰণ হয় ৷ এই বিস্ফোৰণত অঞ্চলটোৰ লোকসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ এই বিস্ফোৰণত আন কেবাখনো গাড়ীত জুই লাগে ৷ সোমবাৰে এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা হয় ৰাজধানী চহৰ দিল্লীত ৷
বগা ৰঙৰ HR26 CE 7674 নম্বৰৰ হুণ্ডাই i20 বাহনখন বিস্ফোৰণৰ পূৰ্বে উপস্থিত হৈছিল লালকিল্লাৰ সমীপত ৷ এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ চাৰিওফালে থকা ই-ৰিক্সাকে ধৰি প্ৰায় দুই ডজন গাড়ীত জুইৰ সূত্ৰপাত ঘটিছিল ৷
এই বিস্ফোৰণত ১২ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয় । সংবাদ সংস্থা PTI-ৰ আগত কেবাজনো প্ৰত্যক্ষদৰ্শীয়ে এই ঘটনাৰ বিৱৰণ দিছে ৷ এই বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে বহু মানুহৰ দেহৰ অংগ পদপথৰ ওপৰত সিঁচৰিত হৈ পৰি থকা দেখা গৈছিল ৷
VIDEO | Delhi: Teams of FSL, Delhi Police, and other investigating agencies continue their probe at the site near Red Fort, where a blast in a Hyundai i20 car last evening claimed 9 lives and left several others injured.#DelhiBlast #RedFortBlast
— Press Trust of India (@PTI_News) November 11, 2025
(Full video available on PTI… pic.twitter.com/nb2JXDL95T
ধৰ্মেন্দ্ৰ নামৰ এজন লোকে ঘৰলৈ খোজকাঢ়ি গৈ থকা সময়তে এই বিস্ফোৰণ সংঘটিত হয় । তেওঁ ইটিভি ভাৰতৰ আগত কয়, ‘‘মই দেখিছিলো জীৱিত মানুহ জ্বলি থকা, বহু মানুহে নিজৰ গাড়ী এৰি সেই ঠাইৰ পৰা পলাই যোৱা । সেই সময়ত সকলোৱে কেৱল নিজকে বচাবলৈ চেষ্টা কৰি আছিল ৷ কিন্তু যদি আপোনাৰ সন্মুখত কোনোবা ব্যক্তি জ্বলি আছে, তেন্তে তেওঁলোককো বচাবলৈ আমি চেষ্টা কৰা উচিত । মই চিঞৰি আছিলো, মানুহক সহায় কৰিবলৈ অনুৰোধ কৰিছিলো । কিন্তু কোনো অহা নাছিল । মই বহু চেষ্টাৰ অন্তত এজন মানুহক গাড়ীৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছিলো । বহু লোকৰ দেহৰ অংশ মাটিত ছেদেলি-ভেদেলি হৈ পৰি থকা দেখা পাইছিলো ।”
ধৰ্মেন্দ্ৰয়ে কয় যে তেওঁ HR26 CE 7674 নম্বৰৰ গাড়ীখন চিনি পোৱাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে । ‘‘আৰক্ষীৰ লোকসকল উক্ত স্থানত আহি পোৱাৰ লগে লগে তেওঁলোকে ফোনত গাড়ীৰ পঞ্জীয়ন পৰীক্ষা কৰে । পৰীক্ষণত নামটো ওলাল মহম্মদ ছলমান । পিছত আৰক্ষীয়ে গম পালে যে নদীমক সেই গাড়ীখন বিক্ৰী কৰা হৈছে ।’’ তেওঁ কয় ৷
— Press Trust of India (@PTI_News) November 11, 2025
এনে উচ্চ নিৰাপত্তাৰ প্ৰয়োজন থকা অঞ্চলত জৰুৰীকালীন অৱস্থাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অপ্ৰস্তুত বুলি অভিযোগ উত্থাপন কৰে সাক্ষীগৰাকীয়ে । ‘‘ইয়াত মাত্ৰ দুজন কনিষ্টবলহে নিয়োজিত আছিল আৰু বাকী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক প্ৰায় ১০ মিনিটৰ পিছত আহিছিল ।’’ তেওঁ কয় ৷ এই বিস্ফোৰণত ওচৰৰ বহু দোকানৰ ক্ষতিসাধন হৈছিল লগতে মেট্ৰ’ ষ্টেচনৰ কাঁচসমূহো ভাঙি গৈছিল বুলিও তেওঁ কয় ।
ঘটনা সংঘটিত হোৱাৰ সময়ত চান্দনী চ’কত থকা ব্লগাৰ সুনীল শেট্টীয়ে ইটিভি ভাৰতক কয় যে এই বিস্ফোৰণটো যুদ্ধক্ষেত্ৰৰ সৈতে মিল আছে । তেওঁ কয়, “আমি মাত্ৰ গৌৰী শংকৰ মন্দিৰৰ ওচৰ পাওঁতে এটা বৃহৎ বিস্ফোৰণ হয় আৰু মাটি কঁপি যায় । এটা প্ৰকাণ্ড অগ্নিগোলক ওপৰলৈ উঠি যায় আৰু বতাহত কেৱল ক’লা ধোঁৱা দেখিবলৈ পোৱা গৈছিল । মানুহবোৰ আতংকিত হৈ চাৰিওফালে সিঁচৰিত হৈ দৌৰি আছিল । মই দেখিলো, মানুহৰ শৰীৰৰ অংগবোৰ ৰাস্তাত পৰি থকা, ক’ৰবাত এটা চকু, ক’ৰবাত এখন হাত ৷ গাড়ীবোৰ লাইট টৰ্চৰ দৰে জ্বলি আছিল ।”
VIDEO | Delhi: Forensic teams, accompanied by Delhi Police and other investigating agencies, continue evidence collection at the site near Red Fort where a blast in a Hyundai i20 car claimed nine lives and left several others injured last evening. #Delhi #RedFortBlast… pic.twitter.com/UxPJzaa0dE
— Press Trust of India (@PTI_News) November 11, 2025
শেট্টীয়ে কয় যে কেইবাজনো লোকে এই বিস্ফোৰণক সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি ভুলকৈ ধৰি লৈছে । ‘‘কেইছেকেণ্ডৰ ভিতৰতে সংঘটিত হোৱা এই বিস্ফোৰণত কি হ’ল কোনেও একো ধৰিবই নোৱাৰিলে ৷ যেতিয়া সকলোৱে সম্ভেদ ঘূৰাই পালে তেতিয়া কোনো লোকে চিঞৰি ক’বলৈ ধৰিলে - লালকিল্লাত সন্ত্ৰাসবাদী আক্ৰমণ হৈছে ।’’
লালকিল্লাৰ সমীপৰ এখন বজাৰত হকাৰ হিচাপে কাম কৰি থকা পাৰবীনে কয় যে তেওঁ মানৱ শৰীৰৰ অংগবোৰ ইফালে সিফালে পৰি থকা দেখিছিল । “এটা ডাঙৰ শব্দ হ’ল, শৰীৰৰ অংগবোৰ সিঁচৰতি হৈ পৰিল । আমি সেইবোৰ সংগ্ৰহ কৰাত কৰ্তৃপক্ষক সহায় কৰিলো ৷’’ তেওঁ কয় ।
কাশ্মীৰী গেটৰ (Kashmiri Gate) বাসিন্দা আদিত্য ৰাজপুতে তেওঁৰ বন্ধু-বান্ধৱীৰ সৈতে জামা মছজিদ পৰিদৰ্শন কৰিবলৈ আহিছিল । তেতিয়াই এই ঘটনাটো সংঘটিত হয় ৷
VIDEO | Delhi Blast: Naveen Sharma, owner of a shop in the Old Lajpat Rai Market in Chandni Chowk, says, " i have seen an incident like this for the first time, after the blast, the sound was so strong that it shook all the shops, and even the items kept on our racks inside the… pic.twitter.com/UixQc3Jioe
— Press Trust of India (@PTI_News) November 11, 2025
তেওঁ কয় যে এই বিস্ফোৰণৰ প্ৰভাৱ ইমানেই প্ৰবল আছিল যে তাৰ পৰাই তেওঁলোৱে শব্দ শুনিবলৈ পাইছিল । “সকলোতে কেৱল বিশৃংখলতা দেখা গৈছিল । আমি ওলাই যাবলৈ আমি বিকল্প পথ ব্যৱহাৰ কৰিছিলো, য’ত আমি মানৱ শৰীৰৰ অংগবোৰ সিঁচৰতি হৈ থকা দেখিছিলো ৷” তেওঁ লগতে কয় ।
সন্ধিয়াৰ ভাগত উদ্ধাৰকাৰী দলে সকলো দৃশ্যমান অৱশিষ্ট উদ্ধাৰ কৰি অঞ্চলটো পৰিষ্কাৰ কৰি পেলাই যদিও আৰক্ষীয়ে ফৰেনছিক কাম অব্যাহত ৰখাৰ বাবে আঞ্চলটো ঘেৰাও কৰি ৰাখিছে । নিৰুদ্দেশ হোৱা আত্মীয়ৰ সন্ধানত থকা পৰিয়ালসমূহৰ বাবে চিকিৎসালয়সমূহে হেল্পলাইন নম্বৰ প্ৰদান কৰিছে ।

