ETV Bharat / bharat

কৰ্ণাটকৰ হ্ৰদত ওপঙি উঠিল ৫ সন্তানসহ মাতৃৰ মৃতদেহ

বুধবাৰে কৰ্ণাটকৰ বিজয়াপুৰা চহৰৰ উপকণ্ঠৰ ভূটনাল হ্ৰদৰ পৰা এগৰাকী মহিলা আৰু তেওঁৰ পাঁচটা সন্তানৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে ।

BODY FOUND IN LAKE
কৰ্ণাটকৰ বিজয়াপুৰা চহৰৰ উপকণ্ঠৰ ভূটনাল হ্ৰদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 1:38 PM IST

2 Min Read
Choose ETV Bharat

বিজয়াপুৰা(কৰ্ণাটক) : কৰ্ণাটকত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । ৰাজ্যখনৰ বিজয়াপুৰাত উদ্ধাৰ হৈছে ৫ সন্তানসহ মাতৃৰ মৃতদেহ । বুধবাৰে মহানগৰীখনৰ উপকণ্ঠ অঞ্চলৰ ঐতিহাসিক ভূতনাল হ্ৰদৰ দাঁতিত ওপঙি থকা অৱস্থাত এই ৬ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

মৃতকসকল জিলাখনৰ তোৰাৱী গাঁৱৰ শান্তিনগৰৰ শোভা মল্লিকাৰ্জুন জালাগেৰী (৩৫) আৰু তেওঁৰ সন্তান বিদ্যা (১৫), সুৱৰ্ণ (১৩), টিপ্পাৰায় (১২), ছানিকা (১০) আৰু বিকাশ (৬) বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

মহানগৰীৰ উপ-আৰক্ষী অধীক্ষক নাগৰাজ, আদৰ্শ নগৰ আৰক্ষী থানাৰ পিএছআই সীতাৰাম লামণি আৰু থানাৰ বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে উক্ত স্থান পৰিদৰ্শন কৰি মৃতদেহকেইটা হ্ৰদৰ পৰা উঠাই আনে আৰু পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰে ।

উল্লেখ্য যে যোৱা ২৪ আগষ্টত মহিলাগৰাকীৰ স্বামী মল্লিকাৰ্জুনে দাখিল কৰা এজাহাৰৰ ভিত্তিত বিজয়াপুৰা গ্ৰাম্য থানাত মহিলাগৰাকী আৰু তেওঁৰ সন্তানক নিৰুদ্দেশ হোৱা সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছিল। তেওঁ অভিযোগ কৰিছিল যে ২৩ আগষ্টৰ নিশা পত্নীৰ সৈতে তেওঁৰ কিবা সৰু কথাত কাজিয়া লাগে । তাৰ পিছত পত্নী শোভাই ল’ৰা-ছোৱালীকেইটা লৈ ঘৰৰ পৰা ওলাই যায় । লগতে তেওঁ ২৪ আগষ্টৰ পুৱা সাৰ পোৱাৰ সময়ত তেওঁৰ পত্নী আৰু সন্তান ঘৰত নাছিল বুলি তেওঁ উল্লেখ কৰাৰ কথা আৰক্ষীয়ে জনায় ।

ইয়াৰ পিছত বুধবাৰে আদৰ্শ নগৰ আৰক্ষী থানাৰ অধীনস্থ ভূতনাল হ্ৰদত উদ্ধাৰ হয় মহিলাগৰাকী আৰু শিশুকেইটাৰ মৃতদেহ । ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী তথা সংশ্লিষ্ট বাহিনী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ঘটনা সন্দৰ্ভত পুংখানুপুংখ তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জনায় ।

আৰক্ষীৰ তদন্ত আৰু মৃতদেহকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে এই ঘটনাৰ সঠিক কাৰণ জানিব পৰা যাব ।

লগতে পঢ়ক :যাত্ৰীবাহী বাছ আৰু কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত ৬ জনৰ মৃত্যু, ২০ জন আহত