পথৰ কুকুৰৰ প্ৰতি মাতৃস্নেহ : ৬২ কেজি আটাৰে ৰুটি বনাই দৈনিক ৩০০ কুকুৰক খুৱায় আনিয়ে
শাস্ত্ৰ আৰু ধ্যান কক্ষত লাখ লাখ লোকে মমতাৰ সন্ধান কৰা বোধগয়াত এগৰাকী তিব্বতী নানে অঘৰী কুকুৰক খাদ্য দি, শুশ্ৰূষা কৰি মাতৃস্নেহেৰে ৰাখিছে ।

Published : December 12, 2025 at 4:24 PM IST
- চৰতাজ আহমেদ
গয়া : মাতৃ মমতাময়ী, সেই কথা আমি সকলোৱে জানো । নিজৰ সন্তানৰ প্ৰতি মাতৃস্নেহ এক চিৰন্তন সত্য কথা । আনহাতে, কোনো কোনো মাতৃয়ে নিজৰ সন্তানৰ উপৰি আন সন্তানৰ প্ৰতি নিজৰ উদাৰ দৃষ্টিভংগী প্ৰদান কৰাৰ ঘটনা আমি দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ ।
আনহাতে, মমতা সদায়ে যে কিবা এক ডাঙৰ কৰ্মৰ দ্বাৰা প্ৰকাশ পাব সেইটোও নহয় । কেতিয়াবা কেতিয়াবা বোধগয়াৰ ধূলিয়ৰি গলিত কিবাকৈ নিজৰ আঁঠুৰ ওপৰত ভৰ দি চলা-ফুৰা কৰা ৫৫ বছৰীয়া এইগৰাকী বৌদ্ধ ভিক্ষুনীৰ ৰূপতো প্ৰকাশ পায় । তেওঁ কেতিয়াও দয়া-মায়া নেদেখা পথৰ কুকুৰৰ মুখৰ আগত গৰম ৰুটি সেকি আগবঢ়াই আহিছে । তেওঁ হৈছে আনি জ্ঞান লামো । আনিৰ বাবে এই কাম দান নহয়, বৰঞ্চ তেওঁৰ বিশ্বাসৰ বিশুদ্ধ প্ৰকাশ; সেয়া হৈছে সেৱাই পূজা আৰু প্ৰেমে প্ৰাৰ্থনা ।
জ্ঞানৰ সন্ধানত আৰু বোধিবৃক্ষৰ তলত ধ্যান কৰিবলৈ মানুহে ভিৰ কৰা এখন চহৰত আনিয়ে নিজৰ জ্ঞান ভোকাতুৰ, কঁপি থকা জীৱ-জন্তুৰ দুচকুত লাভ কৰে, যিবোৰে এবাৰ মাতিলেই তেওঁৰ ওচৰলৈ লৱৰি যায় । তেওঁৰ পদধ্বনিয়েই এইটো অনুভৱ কৰাবলৈ যথেষ্ট যে সিহঁতৰ যত্ন ল'বলৈ কোনোবা আছে ।
কালচক্ৰ ময়দানৰ পৰা মহাবোধি মন্দিৰৰ ওচৰৰ সৰু সৰু গলিবোৰলৈকে আনিৰ দৈনন্দিন যাত্ৰা নেজ জোকাৰি থকা কুকুৰ, আনন্দত ভুকি থকা কুকুৰ আৰু কৃতজ্ঞতাৰে ভৰা দুচকুত অংকিত হয় । আনিয়ে নিজৰ কৰি লোৱাৰ পিছত ৩ শতাধিক ভতুৱা কুকুৰে এতিয়া নতুন জীৱন লাভ কৰিছে ।

তেওঁলোকৰ বাবে আনি কেৱল এগৰাকী যত্ন লোৱা ব্যক্তি নহয়, বৰঞ্চ মানৱৰ ৰূপত ভগৱান ।
কুকুৰবোৰক খুৱাবলৈ প্ৰতিদিনে পুৱা আনিয়ে নিজৰ পাকঘৰত ৰুটি বনায় । দৈনিক ৬২ কিলোগ্ৰাম আটাৰে ৰুটি তৈয়াৰ কৰা হয় । তাৰ লগতে ওচৰৰ দোকানৰ পৰা আহে ৩৫ লিটাৰ গাখীৰ । ইয়াৰে ভিতৰত বাবলু সিঙৰো এখন গাখীৰৰ দোকান আছে । তেওঁ বছৰৰ পিছত বছৰ ধৰি আনিয়ে কুকুৰবোৰৰ বাবে কৰি অহা এই কামবোৰ দেখি আহিছে ।

বাবলুৱে কয়, "আনিয়ে তিব্বতত থকা তেওঁৰ নিজৰ সকলো সা-সম্পত্তি বিক্ৰী কৰি ইয়াতে বসতি স্থাপন কৰি এই জীৱ-জন্তুবোৰক সেৱা আগবঢ়াই আহিছে । মই ২৫ লিটাৰ গাখীৰ দিওঁ । আনহাতে, বাকী ১০ লিটাৰ গাখীৰ আন দোকানবোৰে যোগান ধৰে ।"
আনিয়ে যেতিয়া এই অভিযান আৰম্ভ কৰিছিল তেতিয়া মাত্ৰ ২ কেজি আটাৰে কৰিছিল । কিন্তু সময়ৰ লগে লগে ইয়াৰ মাত্ৰা বৃদ্ধি পায় । কিয়নো তেওঁ বোধগয়াৰ শ শ পথৰ কুকুৰৰ বাবে দিনটোত দুবাৰকৈ খোৱাৰ যত্ন ল’বলগীয়া হৈছে ।
মূলতঃ তিব্বতৰ খাম্বা চামহডুৰ আনিয়ে পিতৃ-মাতৃক হেৰুৱাই এতিয়া অকলশৰীয়াকৈ জীৱন নিৰ্বাহ কৰি আছে । কিন্তু তেওঁক যদি সোধা হয় তেওঁৰ অকলশৰীয়া অনুভৱ হৈছে নেকি, তেতিয়া ক'ব, "নাই, মোৰ এটা পৰিয়াল আছে, যিয়ে চাৰি ঠেঙেৰে খোজকাঢ়ে ।"

তেওঁ উপস্থিত হোৱাৰ লগে লগে কুকুৰবোৰে তেওঁৰ ওচৰলৈ দৌৰি যায়, ভৰি দুখন চেলেকি তেওঁৰ হাতৰ তলুৱাত মোহাৰি দিয়ে আৰু শিশুৰ দৰে আব্দাৰ বিচাৰে । যদিও তেওঁ কিছুমান কুকুৰৰ নাম ৰাখিছে, বেছিভাগেই কিন্তু তেওঁৰ আদেশৰ প্ৰতি সঁহাৰি জনায়- বহি থাক বুলিলে বহি থাকে, অপেক্ষা কৰ বুলিলে ৰখি থাকে, খোৱা বুলিলে খায় ।
আনিয়ে কয়, "এই কুকুৰবোৰই মোৰ জীৱন । মানুহে ইহঁতৰ গালৈ শিলগুটি মাৰে, কিন্তু মোৰ বাবে এইবোৰ হৈছে প্ৰিয় সন্তান । ইহঁতৰ সেৱা কৰাটোৱেই মোৰ ধৰ্ম । দালাই লামাই সদায় শিকাই আহিছে যে সেৱা সদায় প্ৰাৰ্থনাৰ আগত আহে ।
আনিয়ে স্মৰণ কৰে সেই দিনটোক, যিদিনা তেওঁৰ জীৱনৰ মিছনে তেওঁক বিচাৰি পাইছিল । ২০২০ চনত বোধগয়া ভ্ৰমণৰ সময়ত তেওঁ এটা ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল । এটা কুকুৰৰ পোৱালিক তীব্ৰবেগী বাহনে খুন্দা মাৰিছিল, বিষত কাতৰ হৈ পৰিছিল । ইফালে তাৰ মাতৃয়ে অসহায় হৈ ইফালে-সিফালে ঘূৰি ফুৰিছিল, ওচৰলৈ আহিব বিচৰা যিকোনো ব্যক্তিক আক্ৰমণ কৰিছিল ।

"আঘাতপ্ৰাপ্ত পোৱালিটোক কোনেও স্পৰ্শ কৰিবলৈ সাহস কৰা নাছিল । কিন্তু মই আগবাঢ়ি আহিলোঁ, কুকুৰ পোৱালিটোক কোলাত তুলি লৈ চিকিৎসাৰ বাবে লৰালৰিকৈ লৈ গ'লোঁ । কুকুৰ পোৱালিটো বাচি নাথাকিল, কিন্তু এই কাণ্ডই মোক চিৰদিনৰ বাবে সলনি কৰি দিলে ।"
কিন্তু তাৰ পূৰ্বে তেওঁ কুকুৰক ভয় কৰা এগৰাকী ব্যক্তি আছিল, কিন্তু এতিয়া নকৰে ।
মহামাৰীয়ে যেতিয়া বোধগয়াক স্তব্ধ কৰি পেলাইছিল, তেতিয়া কুকুৰবোৰ ভোকত আছিল । মন্দিৰ বন্ধ, দোকান বন্ধ, পৰ্যটক নাই। কিছু খাদ্য পোৱাৰ আশাত কুকুৰবোৰে মহাবোধি মন্দিৰৰ বাহিৰত ৰৈ থাকে । আনিয়ে এইটো সহ্য কৰিব পৰা নাছিল ।

“মই ৰুটি বনাবলৈ আৰম্ভ কৰোঁ, গাখীৰ আৰু বিস্কুটো কিনিছিলোঁ, লকডাউনৰ সময়ত যেতিয়া সকলোৱে ভয়ত আছিল মই তেতিয়া অকলে ঘূৰি ফুৰিছিলোঁ । মই লগ পোৱা প্ৰতিটো কুকুৰক খুৱাইছিলোঁ । সেই সেৱা এতিয়া পাঁচ বছৰ ধৰি চলি আছে ।” আনিয়ে কয় ।
উল্লেখ্য যে আনিয়ে কেৱল পথৰ কুকুৰক চোৱাচিতা কৰাৰ বাবেই চাৰিগৰাকী সহায়ক ৰাখিছে আৰু তেওঁলোকক মাহে ৪,০০০-৪,৫০০ টকা দিয়ে । তেওঁলোকে বোধগয়াৰ নিৰটৱৰ্তী কালচক্ৰ ময়দান আৰু লাল পথাৰৰ পৰা বীৰলা ধৰ্মশালা আৰু সুধা ডেইৰীলৈকে ৩ শতাধিক কুকুৰৰ বাবে খাদ্য প্ৰস্তুত কৰে আৰু সেইবোৰ পৰিবেশন কৰিবলৈ যায় ।

তেওঁৰ এগৰাকী সহায়কাৰী উপেন্দ্ৰ কুমাৰে কয়, “শীতকালত কুকুৰবোৰকো গৰম কাপোৰ পিন্ধাই দিয়ে । কুকুৰ এটা মৰিলে পূজা কৰি শ্ৰদ্ধাৰে কবৰ দিয়ে । নিজৰ ল’ৰা-ছোৱালীৰ দৰে ব্যৱহাৰ কৰে ।”
আনিয়ে এই কামটোৰ বাবে মাহে প্ৰায় ২ লাখ টকা খৰচ কৰে । এই ধন সম্পূৰ্ণৰূপে তেওঁৰ সঞ্চয় আৰু স্থানীয় লোক আৰু পৰ্যটকৰ পৰা পোৱা অনুদানৰ পৰাই ব্যয় কৰে । "এয়া সহজ নাছিল । যেতিয়া মই প্ৰথম কুকুৰক খুৱাবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া কিছুমান মানুহে গালি-গালাজ কৰিছিল আৰু মোক বাধা দিবলৈ চেষ্টা কৰিছিল । কিন্তু মমতাৰ হৃদয় জয় কৰাৰ এক শক্তি আছে ।" তেওঁ লগতে কয় ।

আজি স্থানীয় লোকে তেওঁৰ এই কাৰ্যৰ কেৱল শলাগ লোৱাই নহয়, সমৰ্থনো কৰে । স্থানীয় যুৱক ৰণধীৰ কুমাৰে কয়, "বোধগয়াত তেওঁ মমতাৰ প্ৰতীক হৈ পৰিছে । ৰাজপথৰ জীৱ-জন্তুবোৰক কেনেদৰে চাব লাগে, সেই ধাৰণা ইয়াৰে মানুহবোৰক তেওঁ সলনি কৰি দিছে ।"
বহুতে এই কামৰ বাবে দান দিবলৈও আগবাঢ়ি আহে । কোনোৱে আটা দান কৰে, কোনোৱে গাখীৰ । বিদেশী পৰ্যটকেও সহায়ৰ হাত আগবঢ়ায় । আনিয়ে যিকোনো ব্যক্তিৰ পৰা সহায় গ্ৰহণ কৰে, কিন্তু তেওঁ কোনো এন জি অ’ বা সংগঠন চলাই থকা নাই ।

অসুস্থ জীৱ-জন্তুৰ চিকিৎসাৰ বাবে আনিয়ে পশু চিকিৎসকৰ পৰা পৰামৰ্শ লয়, প্ৰাথমিক চিকিৎসা পদ্ধতি শিকিছে আৰু সাধাৰণ ৰোগৰ ওপৰত অধ্যয়ন কৰিছে । তেওঁ কুকুৰবোৰক নিয়মিতভাৱে টীকাকৰণ কৰাটো নিশ্চিত কৰে আৰু প্ৰয়োজন হ’লে চিকিৎসালয়লৈ লৈ যায় ।
প্ৰতিনিশাই আনিয়ে খাদ্য আৰু পানী লৈ সৰু সৰু গলিবোৰেৰে খোজকাঢ়ি যায়, এইটো ভাবি যে ক’ৰবাত কোনোবাটো কুকুৰ কিজানি নোখোৱাকৈয়ে ৰৈ গৈছে । মানুহে নিজৰ গোত্ৰৰ সহায়ৰ বাবে আগবাঢ়ি আহে, কিন্তু ভুকি থকা প্ৰাণীৰ বাবে আনিয়ে হৈছে একমাত্ৰ আশা, তেওঁ হৈছে সিহঁতৰ প্ৰাৰ্থনাৰ উত্তৰ ।

