নদীত নাও উটি গৈ এজনৰ মৃত্যু, ১৩ জনৰ অৱস্থা সংকটজনক: উত্তৰ প্ৰদেশৰ নাও দুৰ্ঘটনাত নিৰুদ্দেশ ১৪
নাওখনে ভৰ্থাপাৰ গাঁৱলৈ যাত্ৰী কঢ়িয়াই গৈ থকা অৱস্থাত ঘন বনাঞ্চলত এই দুৰ্ঘটনা সংঘটিত হয় । এতিয়াও অনুসন্ধান অভিযান চলি আছে ।

Published : October 30, 2025 at 1:28 PM IST
বাহৰেইচ: উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়াৱহ নাও দুৰ্ঘটনা । বাহৰেইচ জিলাৰ ভৰ্থাপাৰৰ পৰা কেইবাজনো গাঁওবাসীক লৈ যোৱা এখন নাও কৌডিয়ালা নদীত বুধবাৰে সন্ধিয়া ভাগত বাগৰি পৰে । এই ঘটনাত কমেও এজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ জনৰ অৱস্থা সংকটজনক । আনহাতে, বৰ্তমানেও ১৪ জন লোক সন্ধানহীন হৈ আছে বুলি সূত্ৰত প্ৰকাশ ।
মৃত মহিলাগৰাকীক ভৰ্থাপাৰৰ ৬০ বছৰীয়া ৰামদেই বুলি চিনাক্ত কৰা হৈছে ।
প্ৰাথমিক তথ্য অনুসৰি, চুজাউলী অঞ্চলৰ সমীপৰ বজাৰৰ পৰা গাঁৱলৈ গৈ থকা অৱস্থাত নাওখন বাগৰি পৰাত ২৮ জন লোক নদীত উটি যায় । দুৰ্ঘটনাৰ পিছত ১৩ জন লোকক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে ৰামদেইক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।
UP Chief Minister Yogi Adityanath has taken cognizance of the boat capsizing incident in Bharatpur village of Bahraich district. He has directed district administration officials and SDRF teams to promptly reach the site and speed up relief and rescue operations. The Chief… pic.twitter.com/aSjl9PRPlI
— Press Trust of India (@PTI_News) October 29, 2025
আনহাতে, দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পাছত এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু জিলা প্ৰশাসনৰ দলে ডুবাৰুৰ সহযোগত অভিযান চলায় । লক্ষ্মী নাৰায়ণ, ৰাণী দেৱী, জ্যোতি আৰু হৰিমোহন নামৰ চাৰিজন লোকক নিৰাপদে উদ্ধাৰ কৰা হয় । আনহাতে, বাকীসকলক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় । বৰ্তমান আটাইকেইজন আহত লোক ওচৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, চুবুৰীয়া এখন গাঁৱৰ পৰা ভাৰ্থাপাৰলৈ যাত্ৰী কঢ়িয়াই নিয়া নাওখন কৌডিয়ালা নদীৰ মাজতে দুৰ্ঘটনাত পতিত হয় । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, নদীখনৰ প্ৰচণ্ড সোঁত আছিল, যাৰ বাবে সম্ভৱতঃ নাওখনে ভাৰসাম্য হেৰুৱাই পেলায় । আনহাতে, মাজনিশালৈকে উদ্ধাৰ অভিযান অব্যাহত থাকে ।

সংবাদ মাধ্যমৰ আগত বাহৰেইচৰ এছ পি আৰ এন সিঙে কয়, "স্থানীয় লোকসকলৰ বেছিভাগেই নাৱেৰে চুবুৰীয়া লখিমপুৰৰ খেৰী জিলাৰ খৈৰতিয়া গাঁৱকে ধৰি আন গাঁৱলৈ অহা-যোৱা কৰে । বুধবাৰে গাঁওবাসীয়ে নাওখনত উঠি বজাৰলৈ ৰাওনা হৈছিল । উভতি অহাৰ সময়ত তেওঁলোকৰ নাওখনে নদীৰ পাৰৰ ওচৰত কিবা এটাত খুন্দা মাৰে । যাৰ ফলত নাওখনে ভাৰসাম্য হেৰুৱাই পেলায় । কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে । ১৩ জন আহত হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে ।"
ইফালে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ বিষয়া আৰু এছ ডি আৰ এফৰ দলসমূহক শীঘ্ৰে স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে আহতসকলৰ সু-চিকিৎসা নিশ্চিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে ।

