দেশৰ য'তেই বোমা নুফুটক সম্পৰ্ক কিন্তু হায়দৰাবাদৰ সৈতে !
যিকোনো সন্ত্ৰাসবাদমূলক কাৰ্যৰ সৈতে যেন সংযোগ থাকে হায়দৰাবাদৰ ৷ যি কথা এতিয়া যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে ।

Published : November 12, 2025 at 5:32 PM IST
হায়দৰাবাদ: দেশৰ য’তেই সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় অথবা য’তেই সন্ত্ৰাসবাদীৰ পৰিকল্পনা বিফল হয়, তেনে প্ৰতিটো ঘটনাৰ শিপাডাল জড়িত হৈ থাকে হায়দৰাবাদৰ সৈতে । যিটো এতিয়া যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে ।
ৰাজধানী দিল্লীত শেহতীয়াকৈ সংঘটিত বোমা বিস্ফোৰণৰ পিছত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰাষ্ট্রীয় তদন্তকাৰী সংস্থা (এন আই এ)ক ৷ তদন্ত আৰম্ভ কৰাৰ লগে লগে দেশৰ অন্য মহানগৰীসমূহৰ পৰা অহা লোকক বিস্ফোৰণত জড়িতৰ সন্দেহত আটক কৰাটো সম্প্ৰতি হৈ পৰিছে চিন্তনীয় ৷ শেহতীয়াকৈ গুজৰাট এণ্টি টেৰ’ৰিজম স্কোৱাডে হায়দৰাবাদৰ ৰাজেন্দ্ৰ নগৰৰ বাসিন্দা ডাঃ আহমেদ মহিউদ্দিন চৈয়দকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ।
একেদৰে চলিত বৰ্ষৰ মে’ মাহত অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে বিজয় নগৰমত বোমা বিস্ফোৰণ ঘটাবলৈ পৰিকল্পনা কৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰে এজন বয়গুড়া ৰে’ল কলাৰং কলনীৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে । দুবছৰ পূৰ্বে মধ্যপ্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী দলে হায়দৰাবাদত ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছিল । শেহতীয়াকৈ দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ কাণ্ডতো এনেধৰণৰ কোনো লোক জড়িত থকাৰ আশংকা প্ৰকাশ কৰা হৈছে ।
১৯৯৩ চনৰ পৰা ধাৰাবাহিক আক্ৰমণ
১৯৯৩ চনত অতিৰিক্ত আৰক্ষী অধীক্ষক কৃষ্ণ প্ৰসাদৰ হত্যাকাণ্ডৰে হায়দৰাবাদত প্ৰথমটো আক্ৰমণ সংঘটিত হৈছিল । সন্ত্রাসবাদীৰ উপস্থিতিৰ তথ্যৰ লাভৰ পাছত তালাচী চলাবলৈ যাওঁতে মুজীব নামৰ এজন লোকে কৃষ্ণপ্রসাদৰ ওপৰত গুলীচালনা কৰে আৰু তেওঁৰ মৃত্যু ঘটে । পৰৱৰ্তী সময়ত দিলসুখনগৰৰ ছাইবাবা মন্দিৰ, লুম্বিনী পাৰ্ক, মক্কা মছজিদ, গকুল চাটৰ সমীপত সংঘটিত বিস্ফোৰণৰ ঘটনাকে ধৰি প্ৰতিটো ঘটনাই দেশক কঁপাই তুলিছিল । সেই সময়ত ছিমি (ভাৰতত ছাত্ৰ ইছলামিক আন্দোলন)ৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা চৈয়দ চালাহুদ্দিন হায়দৰাবাদৰ বাবা নগৰৰ বাসিন্দা আছিল । যদিও চোৰাংচোৱা সংস্থাই সময়ে সময়ে সন্ত্ৰাসবাদী সংগঠনসমূহৰ ষড়যন্ত্ৰ বিফল কৰি থাকে, তথাপিও সেইবোৰ প্ৰায়ে কোনোবা নহয় কোনোবা সময়ত পোহৰলৈ আহে ।
চহৰসমূহত হাই এলাৰ্ট
দিল্লী বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত হায়দৰাবাদ চহৰতো জাৰি কৰা হৈছে হাই এলাৰ্ট ৷ বিশেষকৈ জনবহুল অঞ্চল, ৰে’ল ষ্টেচন আৰু বাছষ্টেণ্ডসমূহত কঠোৰ নিৰাপত্তা ব্য়ৱস্থা গ্ৰহণ কৰা হৈছে ৷ কোনোধৰণৰ উৰাবাতৰি যাতে বিয়পি নাযায়, তাৰ বাবে আৰক্ষীৰ চাইবাৰ শাখাই সামাজিক মাধ্যমত তীক্ষ্ণ নজৰ ৰাখিছে ৷
আনহাতে, মঙলবাৰে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে হায়দৰাবাদস্থিত বিমানবন্দৰত সন্ত্ৰাসবাদীৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগিব সেই সন্দৰ্ভত ম’ক ড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰে । বিমানবন্দৰলৈ অহা যান-বাহনৰ তন্নতন্নকৈ তালাচী চলোৱাৰ লগতে সঁজুলিসমূহৰো কঠোৰ পৰীক্ষা কৰা হৈছে ।
প্ৰধান ঘটনাসমূহ
নৱেম্বৰ, ২০০২ চন: দিলসুখনগৰৰ ছাইবাবা মন্দিৰৰ সমীপত বিস্ফোৰণ সংঘটিত হয় । বিস্ফোৰণত নিহত হয় দুজন লোক । আহত হয় আন ২০ জন ।
অক্টোবৰ, ২০০৫ চন: হৰকত উল জিহাদী ইছলামীৰ এজন সদস্যই বেগমপেটস্থিত হায়দৰাবাদ টাস্ক ফ’ৰ্চৰ কাৰ্যালয়ত আত্মঘাতী আক্ৰমণ চলায় । আত্মঘাতী বোমাৰুজনৰ লগতে এজন হোমগাৰ্ড এই ঘটনাত নিহত হয় ।
মে’, ২০০৬ চন: লস্কৰ-ই-তৈবাই অডিঅ’ন থিয়েটাৰত গ্ৰেণেড নিক্ষেপ কৰে ।
মে', ২০০৭ চন: পুৰণি চহৰৰ ঐতিহাসিক মক্কা মছজিদত সংঘটিত আক্ৰমণত ১৬ জন লোকৰ মৃত্যু হয় ।
আগষ্ট, ২০০৭ চন: কোটীৰ লুম্বিনী পাৰ্ক আৰু গকুল চাটত একেদিনাই সংঘটিত হয় দুটাকৈ বৃহৎ বিস্ফোৰণ । এই দুটা বিস্ফোৰণত ৪২ জন লোক নিহত হোৱাৰ লগতে ৭০ জন লোক আহত হয় ৷
ফেব্ৰুৱাৰী, ২০১৩ চন: দিলসুখনগৰ বাছষ্টেণ্ডৰ সমীপত সংঘটিত হয় দুটা বৃহৎ বিস্ফোৰণ । ১৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২৩ জন আহত হয় ।

