দিল্লীত পুনৰ বিস্ফোৰণ ! প্ৰচণ্ড শব্দত মহিপালপুৰত তীব্ৰ আতংক
দিল্লীৰ মহিপালপুৰ অঞ্চলৰ ৰেডিচন হোটেলৰ কাষত প্ৰচণ্ড বিস্ফোৰণৰ শব্দত সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয় ।

Published : November 13, 2025 at 12:44 PM IST
নতুন দিল্লী : ৰাজধানী দিল্লীৰ লালকিল্লাৰ ওচৰত সোমবাৰে সংঘটিত গাড়ী বিস্ফোৰণৰ ঘটনাৰ আতংক এতিয়াও মাৰ যোৱা নাই । তাৰ মাজতে বৃহস্পতিবাৰে পুৱা মহিপালপুৰত ৰেডিচন হোটেলৰ সমীপত পুনৰ হঠাতে এক প্ৰচণ্ড শব্দ শুনা যায় । এই শব্দ শুনাৰ লগে ওচৰে-পাজৰে থকা লোকসকলৰ মাজত তীব্ৰ আতংক বিয়পি পৰে । কোনো কোনোৱে এই শব্দক বিস্ফোৰণ বুলি ভাবি ইফালে-সিফালে দৌৰিবলৈ ধৰে ।
আনহাতে, বিস্ফোৰণৰ খবৰ লাভ কৰাৰ লগে লগে তৎকালীনভাৱে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । কিন্তু তাত কোনোধৰণৰ বিস্ফোৰণ বা তেনেধৰণৰ সন্দেহজনক কথা চকুত নপৰে । কিন্তু অধিক অনুসন্ধানৰ পিছত পৰৱৰ্তী সময়ত পোহৰলৈ আহে যে সেয়া কোনো বিস্ফোৰণ নহয়, আচলতে এখন বাছৰ টায়াৰ ফাটি যোৱাৰ শব্দহে । ইতিমধ্যে বাছখন তাৰ পৰা আঁতৰি যায় ।
দিল্লী অগ্নিনিৰ্বাপণ বিভাগ আৰু দিল্লী আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মহিপালপুৰত ৰেডিচন হোটেলৰ সমীপত বিস্ফোৰণৰ দৰে শব্দ শুনাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হয় । আনহাতে, যিয়ে ফোন কৰি আৰক্ষীক খবৰ দিছিল তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰাত তেওঁ কয় যে গুৰুগ্ৰামৰ ফালে গৈ থকা অৱস্থাত তেওঁ এক প্ৰচণ্ড শব্দ শুনিছিল ।
ইফালে অনুসন্ধানৰ সময়ত আৰক্ষীয়ে কোনো সন্দেহজনক বস্তু বা বিস্ফোৰণস্থলীৰ সন্ধান লাভ নকৰিলে । কিন্তু ঘটনাস্থলীত উপস্থিত এগৰাকী সুৰক্ষা কৰ্মীয়ে জনাই যে দিল্লী চৰকাৰৰ অধীনত চুক্তিভিত্তিত চলা এখন বাছ ধৌলাকুঁৱাৰ ফালে গৈ থকা অৱস্থাত বাছখনৰ পিছৰ টায়াৰ এটা হঠাতে ফাটি যায় আৰু তাৰে শব্দ শুনা গৈছিল ।
আনহাতে, বসন্তকুঞ্জ থানাৰ আৰক্ষীয়ে জনোৱা মতে, পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক । কোনো ধৰণৰ বিপদৰ আশংকা নাই । অঞ্চলটোত তন্নতন্নকৈ তালাচীও চলোৱা হৈছে । লগতে ঘটনাটোৰ পিছত অঞ্চলটোৰ লোকসকলক জনোৱা হৈছে যে ভয় কৰিবলগা একো নাই । আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সচেষ্ট হৈ আছে ।
উল্লেখ্য যে লালকিল্লাৰ ওচৰত সোমবাৰে সংঘটিত বিস্ফোৰণৰ পিছৰে পৰা দিল্লীবাসী আতংকিত আৰু সচেতন হৈ আছে । তাৰ মাজতে বৃহস্পতিবাৰে পুৱাৰ শব্দই মানুহৰ মাজত পুনৰবাৰ চিন্তাৰ উদ্ৰেক কৰিছে । সোমবাৰে সন্ধিয়া লালকিল্লাৰ ওচৰত এখন হুণ্ডাই i20 বাহনত বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই ঘটনাত এতিয়ালৈকে ১৩ জন লোকৰ মৃত্যুৰ তথ্য পোৱা গৈছে । লগতে আন কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে । এই ঘটনাৰ পিছতে সমগ্ৰ এন চি আৰতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে । আৰক্ষী আৰু সুৰক্ষা বাহিনী ২৪ ঘণ্টাই সচেষ্ট হৈ আছে ।
ইয়াৰ মাজতে যদিও মহিপালপুৰৰ ঘটনা কেৱল এক টায়াৰ ফটাৰ ঘটনা হিচাপেহে প্ৰতিপন্ন হৈছে, কিন্তু ইয়াৰ পৰা এইটো স্পষ্ট যে লালকিল্লাৰ বিস্ফোৰণৰ পিছৰ পৰা ৰাজধানীত এতিয়াও এক ভয়ৰ পৰিৱেশে বিৰাজ কৰি আছে । আনহাতে, আৰক্ষীৰ তৰফৰ পৰা জনসাধাৰণক আহ্বান জনোৱা হৈছে যে যিকোনো সন্দেহজনক গতিবিধি চকুত পৰিলেই লগে লগে যেন আৰক্ষীক খবৰ দিয়ে । ইয়াৰ লগতে উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈও আহ্বান জনোৱা হৈছে ।

