ETV Bharat / bharat

বিজেপি জিলা পৰিষদৰ সদস্যক হত্যা: প্ৰাক্তন মন্ত্ৰীক যাৱজ্জীৱন কাৰাদণ্ড

এই হত্যাৰ গোচৰত অভিযুক্ত এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ লগতে আন ১৬ জনক বুধবাৰে বিশেষ আদালতে দোষী সাব্যস্ত কৰিছিল ৷ আদালতে শুকুৰবাৰে শাস্তি ঘোষণা কৰে ।

BJP ZP Member Murder Case
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : April 18, 2026 at 12:23 AM IST

3 Min Read
Choose ETV Bharat

বেংগালুৰু(কৰ্ণাটক): এগৰাকী বিজেপি নেতাৰ হত্যাকাণ্ডত জড়িত এজন প্ৰাক্তন মন্ত্ৰী ৷ পিছে হত্যাৰ দৰে জঘন্য অপৰাধত মন্ত্ৰী জড়িত থকাৰ খবৰ পোহৰলৈ অহাত আইনৰ সুৰুঙাৰে তেওঁ সাৰি নগ’ল ৷ পালে কঠোৰ শাস্তি ৷

এই কাহিনী কৰ্ণাটকৰ ৷ ৰাজ্যখনৰ ধৰৱাড় বিজেপি জিলা পঞ্চায়তৰ সদস্য যোগীশ গৌড়াৰ হত্যাকাণ্ডৰ গোচৰত শুকুৰবাৰে কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক বিনয় কুলকাৰ্ণী আৰু অন্যান্য ১৬ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে নিৰ্বাচিত প্ৰতিনিধিৰ বিশেষ আদালতে ।

বিনয়কে ধৰি এই হত্যাৰ গোচৰত অভিযুক্ত আন ১৬ জনক বুধবাৰে বিশেষ আদালতে দোষী সাব্যস্ত কৰিছিল ৷ শুকুৰবাৰে বিশেষ আদালতৰ ন্যায়াধীশ সন্তোষ গজনন ভাটে অভিযুক্তসকলৰ শাস্তি ঘোষণা কৰে ।

ইয়াৰ লগে লগে বিনয় কুলকাৰ্ণীয়ে বিধায়ক পদ হেৰুৱায় ৷ জনপ্ৰতিনিধিত্ব আইনৰ ৮ নং ধাৰা অনুসৰি দায়িত্বত থকা কোনো সাংসদ, বিধায়ক অথবা এমএলচিয়ে দুবছৰৰ বাবে কোনো অপৰাধত দোষী সাব্যস্ত হ’লে এই পদ স্বয়ংক্ৰিয়ভাৱে খাৰিজ হয় ৷ আনহাতে, হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ দৰে শাস্তি লাভ কৰা কৰ্ণাটকৰ প্ৰথমজন বিধায়কত পৰিণত হৈছে বিনয় কুলকাৰ্ণী ৷

একেটা গোচৰতে দোষী সাব্যস্ত হোৱা আৰক্ষী পৰিদৰ্শক চেন্নাকেশৱ টিংগাৰিকৰকো ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে । চেন্নাকেশৱৰ বিৰুদ্ধে সাক্ষীক ভাবুকি প্ৰদান কৰি অভিযুক্তক সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে, ২০১৬ চনৰ ১৫ জুনৰ পুৱতি নিশা ধৰৱাড়ৰ এটা জিমৰ পৰা যোগীশ গৌড়া নামৰ বিজেপি নেতাজনক অপহৰণ কৰি পিছত হত্যা কৰা হৈছিল ৷ তেতিয়া বিনয় ছিদ্দাৰমাইয়া কেবিনেটত মন্ত্ৰী হিচাপে দায়িত্ব নিৰ্বাহ কৰি আছিল । ভূমি বিবাদ সংক্ৰান্তীয় কোনো কথাত যোগীশ গৌড়াক হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়াৰ পিছতে এই গোচৰৰ তদন্ত কৰা স্থানীয় আৰক্ষীয়ে প্ৰথমে ৬ জন লোকক গ্ৰেপ্তাৰ কৰে ।

অৱশ্যে এজাহাৰত বিনয়ৰ নাম উল্লেখ কৰা হোৱা নাছিল । জনসাধাৰণৰ হেঁচা আৰু বিজেপিৰ চেষ্টাৰ পিছতে ৰাজ্য চৰকাৰে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় তদন্ত ব্যুৰো(চিবিআই)ক গোচৰটো হস্তান্তৰ কৰে ৷ পৰৱৰ্তী সময়ত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নাম সন্নিৱিষ্ট কৰি নতুনকৈ এজাহাৰ দাখিল কৰা হয় আৰু তেওঁক ২০২০ চনৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হয় ।

২০২১ চনৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে তেওঁৰ সমষ্টিৰ অন্তৰ্গত ধৰৱাড় জিলাত প্ৰৱেশ নকৰাৰ চৰ্তত জামিন মঞ্জুৰ কৰিছিল । ২০২৩ চনত চুবুৰীয়া বেলাগাভি জিলাৰ কিট্টুৰৰ পৰা বিনয়ে বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত হয় ।

তদন্তৰ সময়ত গোচৰটোৱে কেইবাটাও নতুন মোৰ লয় ৷ ২০২৫ চনৰ জুন মাহত উচ্চতম ন্যায়ালয়ে বিনয়ৰ জামিন বাতিল কৰে ।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ৰ পৰা বিনয়ে দ্বিতীয়বাৰৰ বাবে জামিন লাভ কৰে । এই গোচৰৰ মুঠ ২১ জন অভিযুক্ত আছিল । ইয়াৰে দুজনে ৰাজসাক্ষী হোৱাৰ বিপৰীতে দুজনক আদালতে দোষমুক্ত ঘোষণা কৰে ৷

লগতে পঢ়ক: ৮০০ ফুট দ গাঁতত পৰি ৯ জনে সাৱটিলে মৃত্যুক, প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ