ETV Bharat / bharat

গৰুগাড়ীত উঠি দৰা সাজি বিবাহথলী পালেগৈ বিজেপি বিধায়ক

বিজেপি বিধায়কৰ বিবাহ আৰু দৰা যাবলগীয়া গৰুগাড়ীৰ চালকৰ আসনত ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী ৷ ৰাজনৈতিক নেতাৰ ব্যতিক্ৰমী বিবাহ ৷

BJP MLA DIPESH SAHU WEDDING
দৰা যাবলগীয়া গৰুগাড়ীৰ চালকৰ আসনত উপ-মুখ্যমন্ত্ৰী অৰুণ সাও (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 12:25 AM IST

4 Min Read
Choose ETV Bharat

বেমেতৰা(ছত্তীশগড়): মুখ্যমন্ত্ৰী কন্যা বিবাহ যোজনাৰ অধীনত বিজেপিৰ যুৱ বিধায়কৰ বিবাহ সম্পন্ন ৷ সাত জনমলৈ নিজৰ কৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে এজন বিজেপি বিধায়কে জীৱনৰ দ্বিতীয় ইনিংছ মুকলি কৰে ৷ দেওবাৰে আড়ম্বৰপূৰ্ণভাৱে সম্পন্ন হয় এই বিবাহ ৷

অতি জাকজমকতাৰে, ধামধুমেৰে ৰাজকীয় আয়োজন কৰাৰ সলনি তেনেই সাধাৰণভাৱে বিবাহপাশত আবদ্ধ হয় এইগৰাকী যুৱ বিধায়ক ৷ যাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে বিধায়কজন ৷ মুখ্যমন্ত্ৰীয়ে কয় যে যুৱ বিধায়কজনে যুৱচামৰ বাবে এক উদাহৰণ দাঙি ধৰিছে ৷

এই কাহিনী ছত্তীশগড়ৰ ৷ গৰুগাড়ীত উঠি বিধায়ক দীপেশ চাহুৱে কইনা আনিবলৈ যোৱাৰ দৃশ্যটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে লাভ কৰে চৰ্চা ৷ এই গৰুগাড়ীৰ চালকৰ আসনত আছিল উপ-মুখ্যমন্ত্ৰী অৰুণ সাও । ঢোলৰ তালে তালে যাত্ৰা কৰি বৰযাত্ৰীসকল বিবাহস্থলীত উপস্থিত হয় । এই বিবাহস্থলীত ২০ টাতকৈও অধিক দম্পতীয়ে একেলগে সাত জনমৰ বাবে একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বিবাহপাশত আবদ্ধ হয় ।

BJP MLA DIPESH SAHU WEDDING
কইনা তৰুণাৰ সৈতে বিধায়ক দীপেশ চাহু (ETV Bharat)

বিধায়কগৰাকীৰ এনে পদক্ষেপক সৰ্বত্ৰে আদৰণি

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক লোক আহি বিজেপি বিধায়কগৰাকীৰ বিবাহত অংশগ্ৰহণ কৰে । দৰা-কইনাক আশীৰ্বাদ দিয়াৰ লগতে বিধায়কগৰাকীৰ এই পদক্ষেপকো সকলোৱে আদৰণি জনায় । যি সময়ত দেশে অৰ্থনৈতিক দিশত সংগ্ৰাম কৰি আছে, সেই সময়ত বিধায়কগৰাকীৰ এই পদক্ষেপে আন যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ হিচাপে কাম কৰিছে বুলি সকলোৱে একেমুখে শলাগে ।

মুখ্যমন্ত্ৰীৰ কন্যা বিবাহ যোজনাৰ অধীনত বিবাহ সম্পন্ন

মুখ্যমন্ত্ৰীৰ কন্যা বিবাহ আঁচনিৰ অধীনত এই বিয়া সম্পন্ন হৈছিল ৷ বিবাহপাশত আবদ্ধ হোৱা বিধায়ক দীপেশ চাহু আৰু তেওঁৰ কইনা তৰুণাকে ধৰি ২৩ টা দম্পতীক আশীৰ্বাদ দিয়ে উপ-মুখ্যমন্ত্ৰী অৰুণ সাওৱে । অৱশ্যে তাৰমাজতে বৰষুণে বিয়াৰ অনুষ্ঠানত কিছু পৰিমাণে ব্যাঘাত জন্মায় । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাইও উপস্থিত থকাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটো বাতিল কৰে ৷ মুখ্যমন্ত্রীয়ে বেমেতৰাৰ উন্নয়নৰ বাবে ১০,৫০৪.৬৯ লাখ টকা উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷

বিজেপি বিধায়ক দীপেশ চাহুৰ বিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এবাৰ দীপেশ চাহুৰ সাক্ষাৎ লাভ কৰিছিলো ৷ মই তেওঁক কৈছিলো যে আপুনি এতিয়াও বিয়া কৰোৱা নাই ৷ বিয়া পাতিলে সাধাৰণ মানুহৰ দৰে পাতক, শ্ব’-অফ আৰু অপ্ৰয়োজনীয় ব্যয়ৰ পৰা দূৰৈত থাকক ৷ মই ক’লো যে ইচ্ছা কৰিলে মুখ্যমন্ত্ৰীৰ কন্যা বিবাহ যোজনাৰ অধীনত বিয়া পাতি সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে । মোৰ কথা শুনি আমাৰ বিধায়কজনে মুখ্যমন্ত্রীৰ কন্যা বিবাহ যোজনাৰ অধীনত বিয়া পাতিবলৈ সন্মত হ’ল ৷ আমাৰ বিধায়কজনে সমাজলৈ এক নতুন বাৰ্তা প্ৰেৰণ কৰাত মই সুখী ৷’’

বিধানসভাৰ অধ্যক্ষৰ খং

এই অনুষ্ঠানত দৰা-কইনাক আশীর্বাদ দিবলৈ উপস্থিত হয় বিধানসভাৰ অধ্যক্ষ ড৹ ৰমন সিং ৷ তেওঁ এই অনুষ্ঠানত হোৱা বিশৃংখলতাৰ বাবে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক তিৰস্কাৰ কৰে ৷

তেওঁ কয়, ‘‘বেমেতৰাৰ সৈতে মোৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে । মই ১৫ বছৰ ধৰি এই ৰাজ্যৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলো ৷ কিন্তু ইমান দুৰ্বল ব্যৱস্থা ক’তো দেখা নাই ।’’

ৱাটাৰপ্ৰুফ পেণ্ডেল নোহোৱাত বেমেজালি সৃষ্টি

বেমেতৰাত মুখ্যমন্ত্ৰীৰ কন্যা বিবাহ যোজনাৰ অধীনত সমূহীয়া বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত ২০ টাতকৈও অধিক দম্পতী বিবাহপাশত আবদ্ধ হয় । বিবাহ অনুষ্ঠানৰ পিছতে অহা এজাক প্ৰচণ্ড ধুমুহা-বৰষুণে প্ৰশাসনিক ব্যৱস্থা উদঙাই দিয়ে । বিবাহথলীৰ মঞ্চ আৰু পেণ্ডেলটোৰ মাজেৰে বৰষুণৰ পানী বৈ যায় । মুখ্যমন্ত্ৰী অনুষ্ঠানটোলৈ অহাৰ পূৰ্বেই এই অথন্তৰ ঘটে ৷

লগতে পঢ়ক: আমাজন আৰু Gemeco শ্বপত উপলব্ধ কাজিৰঙাৰ সামগ্ৰী