আমিষ খাদ্যৰ পৰা সাত হাত দূৰৈত থকা এখন গাঁও, বিয়া-সবাহলৈ গ’লেও নিজৰ খাদ্য লগত নিয়ে গাঁওবাসীয়ে
প্ৰায় ২০০০ লোকে বাস কৰা এই গাঁওখনৰ নাম হৈছে চিলম ৷ এই গাঁওখনৰো আছে এক পুৰণি পৰম্পৰা ৷ জানিলে আপুনিও আচৰিত হ’ব ৷

Published : May 18, 2026 at 1:46 PM IST
গয়া (বিহাৰ): আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাহিনী, লোককথা বা লোকাচাৰ প্ৰচলিত হৈ থকা দেখা যায় ৷ বিশেষত গ্ৰাম্যাঞ্চলসমূহত এনে ধৰণৰ ৰীতি-নীতি, লোকাচাৰ অধিক ৷ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি মানুহে এই লোকাচাৰসমূহ মানি আহে ৷ কিছুমান ৰীতি-নীতি দেৱ-দেৱীৰ সৈতেও সম্পৰ্কিত ৷ দেৱতাৰ দোষ লাগিব বুলিয়েই ভয়তেই বহুতে এনে ৰীতি-নীতিসমূহ উলাই কৰিব নিবিচাৰে ৷ আজি তেনে এখন গাঁৱৰ কাহিনীয়েই আপোনালোকক ক’বলৈ ওলাইছোঁ ৷
প্ৰায় ২০০০ লোকে বাস কৰা এই গাঁওখনৰ নাম হৈছে চিলম ৷ বিহাৰৰ গয়া জিলাত অৱস্থিত এই গাঁওখনৰো আছে এক পুৰণি পৰম্পৰা, যাক আজিও গাঁওবাসীয়ে পালন কৰি আহিছে ৷ কি এই পৰম্পৰা ? জানিলে আপুনিও আচৰিত হ’ব ৷ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি অহা এই নিয়ম কেতিয়াও কোনেও এৰাই চলা নাই বা ইয়াক অমান্য কৰিবলৈও দাবী কৰা নাই ৷

চিলম গাঁৱৰ প্ৰায় ২০০০ বাসিন্দাই বছৰ বছৰ ধৰি নীতিগতভাৱে আমিষ খাদ্য ৰন্ধা বা খোৱাৰ পৰা বিৰত আছে ৷ শতিকা পুৰণি এই পৰম্পৰাক গাঁওখনৰ বাসিন্দাই আগুৱাই লৈ গৈছে, যিয়ে গাঁওখনক এক সুকীয়া পৰিচয় দিছে । আনকি এই নিয়ম ভাঙিবলৈ কোনো ধৰণৰ দাবীও আজিলৈকে তোলা নাই । যিসময়ত সমগ্ৰ ভাৰততে পৰিৱৰ্তিত জীৱনশৈলীয়ে খাদ্যাভ্যাসত দ্ৰুত পৰিৱৰ্তন আনিছে, তেনে সময়তো এই গাঁওখনৰ বাসিন্দাই নিজৰ পৰম্পৰা অক্ষুণ্ণ ৰখা পৰিলক্ষিত হৈছে ৷
বিহাৰৰ গয়া জিলাৰ এই গাঁওখনৰ বাসিন্দাসকলে যুগ যুগ ধৰি চলি অহা পৰম্পৰা ৰক্ষা কৰি আমিষ খাদ্য যাতে তাত বিক্ৰী নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিছে । শ্বেৰঘটি ব্লকত অৱস্থিত স্থানীয়ভাৱে চিলিম নামেৰে জনাজাত গাঁওখনত প্ৰায় ৩০০ ঘৰ মানুহ আছে আৰু বেছিভাগ বাসিন্দাই খাদ্যত নহৰু আৰু পিঁয়াজ পৰিহাৰ কৰে ৷ এইবোৰ উপকৰণ তেওঁলোকৰ পৰম্পৰাগত বিশ্বাসৰ বিৰুদ্ধ বুলি গণ্য কৰে ।
ই টিভি ভাৰতৰ সাংবাদিকে যেতিয়া গাঁওখন ভ্ৰমণ কৰিছিল তেতিয়া বেছিভাগ মানুহেই নিৰামিষ খাদ্যাভ্যাসৰ কথা কৈছিল । এই প্ৰথা জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৱে পালন কৰি আহিছে ৷ গাঁওখনত বাস কৰা প্ৰায় ১৪ টা ভিন্ন সম্প্ৰদায়ৰ লোকে এই প্ৰথা অনুসৰণ কৰে ।
বহুতৰে বাবে খাদ্য অনুশাসন ইমানেই গুৰুত্বপূৰ্ণ যে গাঁৱৰ বাহিৰৰ বিয়া বা সামাজিক অনুষ্ঠানলৈ যাওঁতে তেওঁলোকে প্ৰায়ে নিজৰ খাদ্য আৰু খোৱাপানী লৈ যোৱা দেখা যায় । আন ঠাইত ব্যৱহাৰ কৰা বাচন-বৰ্তনবোৰ হয়তো মাছ-মাংস ৰান্ধিবলৈ ব্যৱহাৰ কৰা বুলি তেওঁলোকৰ মনত আশংকা থাকে ।

গাঁওখনৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি শিৱশংকৰ পাছোৱানে কয় যে এই পৰম্পৰা পূৰ্বপুৰুষৰ দিনৰ পৰাই প্ৰচলিত আৰু চিলমৰ দৈনন্দিন জীৱনত ই প্ৰভাৱ পেলায় । তেওঁ কয়, “আমাৰ গাঁৱৰ মানুহ কৰ’বালৈ গ’লে চাতু আৰু পানী লগত লৈ যায়, কাৰণ তাত ব্যৱহাৰ কৰা বাচন-বৰ্তনবোৰ মাছ-মাংস ৰন্ধাত ব্যৱহাৰ কৰা হয় নেকি সেই বিষয়ে আমি নিশ্চিত নহয় । যোৱা ৬০ বছৰ ধৰি মই ভাত খোৱা নাই আৰু বেছিভাগ ৰুটি আৰু চাতু খাই জীৱন নিৰ্বাহ কৰোঁ । মই কেতিয়াও নহৰু বা পিয়াঁজ খোৱা নাই ।”
পাছোৱানে কয় যে ভুলবশতঃ কুকুৰাৰ পাখি স্পৰ্শ কৰাটোও গাঁৱৰ একাংশ লোকে অসূচি বুলি গণ্য কৰে । তেওঁ কয়, "মুৰ্গীৰ পাখি যদি মোৰ শৰীৰত স্পৰ্শ হয় তেন্তে মোৰ পাপ অনুভৱ হয় । লগে লগে গা ধুই পূজা কৰোঁ ।"

একাংশই কয় যে মহাদেৱ, মা গায়ত্ৰী, জয় গুৰুদেৱৰ শিক্ষাৰ লগত জড়িত ধৰ্মীয় আৰু আধ্যাত্মিক পৰম্পৰাৰ দ্বাৰা গাঁওখন গভীৰভাৱে প্ৰভাৱিত । মাংস, মদ, কণী খোৱাটো নিষিদ্ধ আৰু আমিষ খাদ্যৰ প্ৰতি তেওঁলোকৰ বিৰাগ আছে । আমিষ খাদ্য ৰন্ধা পৰিয়ালবোৰক গাঁৱৰ বহিষ্কাৰ কৰাৰো আশংকা থাকে ।
তেওঁলোকে দাবী কৰিছিল, “কোনোবাই আমিষ খাদ্য ৰান্ধিলে গাঁৱৰ মানুহে সেই ঘৰলৈ যোৱা বন্ধ কৰি দিয়ে ।” বয়সীয়া লোকসকলে নহৰু-পিঁয়াজ সম্পূৰ্ণৰূপে পৰিহাৰ কৰাৰ বিপৰীতে কিছু সংখ্যক নতুন প্ৰজন্মৰ বাসিন্দাই শেহতীয়া বছৰবোৰত ক্ৰমান্বয়ে খাবলৈ আৰম্ভ কৰিছে । তথাপিও মাছ-মাংস খোৱাটো নিয়মৰ বাহিৰত ।

গাঁওখনৰ যুৱক বিট্টু কুমাৰে কয় যে চিলমত দশক দশক ধৰি নিৰামিষ ব্যৱস্থা আছে । তেওঁ কয়, “মই মোৰ জীৱনত কেতিয়াও আমিষ খাদ্য খোৱা নাই । আমাৰ গাঁৱৰ পৰা বৰযাত্ৰী গ’লে গৃহস্থক আগতীয়াকৈ জনোৱা হয় যে সকলো অতিথি সম্পূৰ্ণভাৱে নিৰামিষভোজী । সামান্যতম আমিষ খাদ্য থাকিলেও গাঁৱৰ বহু মানুহে হয় যাবলৈ অস্বীকাৰ কৰে নহয় নাখাই উভতি যায় ।”
লোককথাই এই বিশ্বাস ব্যৱস্থাটোক ঐতিহাসিক তাৎপৰ্যৰ সৈতেও সংযোগ কৰে । গাঁৱৰ মানুহৰ মতে, এই অঞ্চলটো এসময়ত কল ভিলৰ এজন শাসকৰ দুৰ্গ আছিল, আৰু পুৰণি দুৰ্গৰ সৈতে মিল থকা সামগ্ৰী অৱশিষ্ট এতিয়াও দেখা যায় । মানুহে অনুমান কৰে যে গাঁওখন কমেও ৪০০ৰ পৰা ৫০০ বছৰ পুৰণি ।
গাঁওখনে কেনেকৈ নাম পালে সেই সন্দৰ্ভত মানুহে কয় যে এসময়ত চিলিমৰ জৰিয়তে ধঁপাত খোৱাৰ বাবে জনাজাত আছিল গাঁওখন । দেৱেন্দ্ৰ গুপ্তাৰ দৰে আন বাসিন্দাসকলে কয় যে গাঁওখন দেশৰ অন্যতম বৃহৎ নিৰামিষ বসতিস্থল হোৱাতকৈ নামটোৰ বাবেই বেছি পৰিচিত । তেওঁ কয়, “আমাৰ পূৰ্বপুৰুষসকলে শ শ বছৰ ধৰি আমিষ খাদ্য আৰু সুৰাৰ পৰা বিৰত আছিল, আৰু আমি সেই পৰম্পৰা অনুসৰণ কৰোঁ । সমগ্ৰ গাঁওখন গভীৰভাৱে সাত্বিক । সেয়েহে চিলম সঁচা অৰ্থত নিৰামিষভোজীৰ গাঁও হিচাপে পৰিচিত ।”
লগতে পঢ়ক: পূব ছিকিমৰ ১৩ হাজাৰ ফুট উচ্চতাত পৰ্যটকে ল'ব পাৰিব চাহ-কফিৰ জুতি

