বিহাৰৰ টাৰ্জান ! ১৮ বছৰীয়া দিলবৰ কেনেকৈ হৈ পৰিল ছ’চিয়েল মিডিয়াৰ চেন্সেশ্যন ?
ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সপোন দেখা দিলবৰ খানে দিনটোত ১০ কিলোমিটাৰ দৌৰে, পাঁচ লিটাৰ গাখীৰ খায়, মূৰেৰে লোহাৰ ৰড বেঁকা কৰিব পাৰে ।

Published : December 18, 2025 at 8:07 PM IST
ৰত্নেশ কুমাৰ
গয়া (বিহাৰ): কেনাৰচাক, বিহাৰৰ গয়া জিলাৰ এখন গাঁও । হঠাতে এই গাঁৱৰ এজন বাসিন্দা দিলবৰ খান ভাইৰেল হৈ পৰিছে । ১৮ বছৰীয়া এই যুৱকজন অসাধাৰণ শক্তি আৰু সাহসৰ অধিকাৰী । বিহাৰী টাৰ্জান হিচাবে খ্যাত দিলবৰ গতি আৰু শক্তিৰ বলত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
অনুশাসন আৰু দৃঢ়তাৰ বলত তেওঁ যিখিনি অৰ্জন কৰিছে, তাক দেখি দৰ্শক স্তম্ভিত হৈ পৰিছে । কিন্তু এতিয়ালৈকে তেওঁ যিমানখিনি কৰিছে সেয়া তেওঁৰ বাবে সহজ নাছিল ।
কেনাৰচাক বিহাৰৰ দুৰ্গম ফতেহপুৰ ব্লকত অৱস্থিত । ইয়াৰ বাসিন্দা দিলবৰে প্ৰতিদিনে প্ৰায় ১০ কিলোমিটাৰ দৌৰে, ওজন নোহোৱাকৈ ১০০টা পুছ আপ কৰে আৰু পিঠিত বিশাল বাহনৰ টায়াৰ ষ্টেক কৰি আৰু কেইবাটাও পুচ আপ কৰে ।

তেওঁ মূৰেৰে লোহাৰ ৰড বেঁকা কৰিব পাৰে । লগতে হাতেৰে স্ক’ৰপিঅ’ গাড়ী টানিবও পাৰে তেওঁ । আনকি ছেকেণ্ডতে ২৫ৰ পৰা ৩০ ফুট ওখ বৈদ্যুতিক খুঁটাত উঠি বগাই যাব পাৰে । ইয়াৰ উপৰিও ৰছী ব্যৱহাৰ কৰি দাঁতেৰে গধুৰ গোলাকাৰ শিলো তুলিব পাৰে দিলবৰে । এনে ষ্টাণ্টৰ জৰিয়তে দিলবৰ আজি বিহাৰী টাৰ্জান হিচাবে খ্যাত হৈ পৰিছে ।

দিলবৰ কেৱল শাৰীৰিকভাৱে শক্তিশালীয়ে নহয়, নিৰ্ভীকো । তেওঁ নিজৰ মূৰটো মাটিত পুতি থ'বও পাৰে, আনকি সম্পূৰ্ণ বেগত গৈ থকা মটৰ চাইকেলক দুই হাতেৰে ধৰি বাধা দিব পাৰে ।

কেৱল মূৰটো ব্যৱহাৰ কৰি এই বিহাৰী টাৰ্জানে ৬ মিলিমিটাৰ লোহাৰ ৰড বেঁকা কৰিব পাৰে । প্ৰতিদিনে সঘনাই কৰা এই বিপজ্জনক ষ্টাণ্টবোৰে তেওঁৰ ব্যতিক্ৰমী শক্তি আৰু সহনশীলতাৰ পৰিচয় দিয়ে ।
শেহতীয়া তেওঁ নিজৰ কৰ্মৰ বলত ছ’চিয়েল মিডিয়াৰ চেন্সেশ্যন হৈ পৰিছে । কিন্তু সেয়া তেওঁৰ বাবে যথেষ্ট নহয় । অলিম্পিকত ভাৰতৰ হৈ খেলি দিলবৰে পদক লাভ কৰাৰ লক্ষ্য মনত পুহি ৰাখিছে ।

"শৈশৱৰ পৰাই এই কঠিন শাৰীৰিক কৃতিত্বৰ প্ৰতি মোৰ আকৰ্ষণ আৰম্ভ হৈছিল । ১২ বা ১৩ বছৰ বয়সত মই ইতিমধ্যে মানুহক স্তম্ভিত কৰা ষ্টাণ্ট কৰিবলৈ আৰম্ভ কৰিছিলো । গাঁৱৰ মানুহৰ পৰা পোৱা উৎসাহে মোৰ দৃঢ়তাক শক্তিশালী কৰি তুলিছিল । সৰুৰে পৰাই মোৰ এই বিষয় ধাউতি আছিল যদিও ডাঙৰ হোৱাৰ লগে লগে মই ৰিস্কি ষ্টাণ্ট কৰিবলৈ আৰম্ভ কৰিছিলো । মল্লযুঁজ (fighting) খেলি দেশৰ বাবে পদক লাভ কৰাৰ কামনা কৰিছো ।" তেওঁ কয় ।

দিলবৰৰ সফলতাৰ কাৰণ তেওঁৰ পৰিয়াল । তেওঁৰ পিতৃ কালিম খান এজন ৰাজমিস্ত্ৰী । লগতে তেওঁ আনৰ মাটি আধি লৈ কৃষি কৰে, যাতে তেওঁৰ পুত্ৰৰ প্ৰশিক্ষণ আৰু পুষ্টিৰ বাবে প্ৰয়োজনীয় সকলো সময়মতে যোগান ধৰিব পাৰে ।

কালিম খানে কয়, "মোৰ পুত্ৰৰ এই কৃতিত্বৰ বাবে মই গৌৰৱান্বিত । মই কঠোৰ পৰিশ্ৰম কৰো যাতে তেওঁৰ অনুশীলন বন্ধ নহয় । মই বিচাৰো তেওঁ দেশৰ বাবে কিবা এটা কৰি জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনক ।"
আৰ্থিক অৱস্থা সুচল নোহোৱাৰ বাবে দিলবৰে শৰীৰচৰ্চা কৰা বা ষ্টাণ্টমেন হোৱাটো সহজ কথা নহয় বুলি স্বীকাৰ কৰে । "কেৱল ষ্টাণ্টে এজন ব্যক্তিক যুঁজাৰু বনাব নোৱাৰে, মই পেছাদাৰী যুঁজৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিবলৈ আৰু ভাৰতক উচ্চ পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলৈ উপযুক্ত প্ৰশিক্ষণ ল’ব বিচাৰো ।" তেওঁ কয় ।

ভাল খাদ্যৰ তেওঁৰ শাৰীৰিক ৰুটিনৰ বাবে বহু প্ৰয়োজন । কিন্তু তেওঁৰ বাবে এয়া সহজ নহয় । প্ৰতিদিনে দিলবৰে প্ৰায় পাঁচ লিটাৰ গাখীৰ, এক কিলোগ্ৰামতকৈ অধিক দাইল, প্ৰায় ৫০ খন ৰুটি (পুৱা, দুপৰীয়া আৰু নিশা), শুকান ফল (dry fruits) আৰু এক ডজন কল খায় ।
কিশোৰ বয়সৰ আৰম্ভণিতে দিলবৰে কেবা ঘণ্টা পানীত এক্ৰ'বেটিক (water acrobatic movements) কৰিছিল । হয়তো ইয়াৰ বাবেই মাৰ্চিয়েল আৰ্টছ আৰু ষ্টাণ্টৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল । প্ৰায়ে তেওঁতকৈ বহু বয়সীয়াল লোকক শাৰীৰিক শক্তিৰ জৰিয়তে পৰাস্ত কৰিবলৈও সক্ষম হৈছিল । সময়ৰ লগে লগে এই শক্তিক প্ৰশিক্ষণলৈ ৰূপান্তৰিত কৰিলে দিলবৰে ।
যদিও পৰিয়ালটোৱে দিলবৰৰ বাবে প্ৰয়োজনীয় খাদ্য যোগান ধৰিবলৈ বৰ্তমান সক্ষম, তথাপিও যুৱ খেলুৱৈগৰাকীয়ে চৰকাৰৰ পৰা কিছু সহায় বিচাৰিছে । তেওঁ চৰকাৰক আৱেদন জনাইছে যে উপযুক্ত পথ প্ৰদৰ্শন, প্ৰশিক্ষণ, ভাল খাদ্যৰ বাবে আৰ্থিক সাহায্য আৰু পেছাদাৰী প্ৰশিক্ষণে তেওঁক দেশৰ হৈ খেলি পদক লাভ কৰাত সহায় কৰিব ।

