ETV Bharat / bharat

বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অভিলেখ সংখ্যত ৬৫.০৮% ভোটদান

মুজাফ্ফৰপুৰ জিলাত সৰ্বাধিক ৭১.৮১ শতাংশ আৰু পাটনা জিলাত সৰ্বনিম্ন ৫৯.০২ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে ৷

BIHAR ELECTION 2025
বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : November 8, 2025 at 10:47 AM IST

3 Min Read
Choose ETV Bharat

পাটনা : বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নতুন ভোটদানৰ পৰিসংখ্যা প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ১৮খন জিলাৰ ১২১টা সমষ্টিত প্ৰথম পৰ্যায়ত অভিলেখ সংখ্যক মুঠ ৬৫.০৮ শতাংশ ভোটদান হৈছে ৷ তথ্য অনুসৰি বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত সৰ্বাধিক ভোটাৰৰ হাৰ ৭১.৮১ শতাংশ হোৱাৰ বিপৰীতে পাটনা জিলাত সৰ্বনিম্ন ৫৯.০২ শতাংশ ভোটদান হৈছে৷ বিহাৰৰ নিৰ্বাচনী ইতিহাসত এয়া সৰ্বাধিক ভোটাৰৰ ভোটদান ৷

বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৫.০৮% ভোটাৰৰ ভোটদান :

বিহাৰ নিৰ্বাচন আয়োগে এখন পত্ৰ প্ৰকাশ কৰি কয়, "প্ৰথম পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনত চূড়ান্ত ভোটাৰৰ ভোটদানৰ হাৰ আছিল ৬৫.০৮ শতাংশ ৷ ২০২৫ চনৰ ৬ নৱেম্বৰত বিহাৰৰ ১৮খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটদান হৈছিল ৷ ২০২০ চনৰ বিহাৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনত ৰাজ্যখনৰ গড় ভোটাৰৰ হাৰ আছিল ৫৭.২৯ শতাংশ আৰু ২০২৪ চনৰ লোকসভা সাধাৰণ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৫৬.২৮ শতাংশ ৷"

"প্ৰথম পৰ্যায়ত ১২১খন বিধানসভাৰ কোনো আসনত কোনো প্ৰাৰ্থী বা ৰাজনৈতিক দলে কোনো অভিযোগ উত্থাপন কৰা নাছিল আৰু পুনৰ ভোটদানৰ কোনো দাবী উত্থাপন কৰা হোৱা নাছিল ৷" - বিহাৰ নিৰ্বাচন আয়োগ

ভোটদানৰ হাৰত উল্লাসিত সকলো দল :

বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১২১খন আসনত গড়ে ৬৫.০৮% ভোটাৰৰ ভোটদানে সকলো ৰাজনৈতিক দলকে উৎসাহিত কৰি তুলিছে ৷ ২০২০ চনৰ তুলনাত এইবাৰ বোটদানৰ হাৰ বৃদ্ধি পোৱাত প্ৰতিটো শিবিৰে জনসাধাৰণে তেওঁলোকক আশীৰ্বাদ দিছে বুলি দাবী উত্থাপন কৰে ৷

মুজাফ্ফৰপুৰ-ছাহৰছাৰ নতুন অভিলেখ :

নিৰ্বাচন আয়োগৰ চৰকাৰী তথ্যই স্পষ্টকৈ দেখুৱাইছে যে বহু জিলাত ভোটদানৰ ফলত পূৰ্বৰ সকলো অভিলেখ ভংগ হৈছে ৷ ৭১.৪১% ভোটদানৰে তালিকাৰ শীৰ্ষত আছে মুজাফ্ফৰপুৰ ৷ ইয়াৰ পিছত সমস্তীপুৰ (৭১.২২%), বেগুছৰাই (৬৯.৫৮%), ছাহৰছা (৬৯.১৬%), আৰু মধেপুৰা (৬৯.০৩%) আদিয়েও ৭০%ৰ ওচৰত উপনীত হৈ সকলোকে আশ্চৰ্যচকিত কৰি তুলিছিল ৷ বৈশালী (৬৭.৬৮%), খগড়িয়া (৬৭.৬৫%), আৰু গোপালগঞ্জ (৬৬.৫৮%) ও ভোটদানৰ হাৰৰ ক্ষেত্ৰত পিছ পৰি থকা নাই ৷ এই আটাইকেইখন জিলাতে ২০২০ চনৰ তুলনাত ১০-১২% ভোটদানৰ হাৰ বৃদ্ধি পোৱা দেখা গৈছে ৷

দৰভংগা আৰু মুংগেৰতো যথেষ্ট বৃদ্ধি পাইছে ভোটদানৰ হাৰ :

কিছুমান অঞ্চলত ৬০%ৰ ওপৰত ভোটদান কৰা দেখা গৈছে যদিও পূৰ্বৰ নিৰ্বাচনৰ তুলনাত যথেষ্ট পাৰ্থক্যও দেখা গৈছে ৷ দৰভংগা আৰু মুংগেৰে ৬৩.৫%কৈ, সাৰণে ৬৩.৬৩%, ছিৱানত ৬০.৩১%ৰ ওপৰত ভোটদান হৈছে ৷ এই অঞ্চলসমূহত ৮-১০% বৃদ্ধিয়েও এইবাৰ ভোটাৰ সম্পূৰ্ণ সচেতন হোৱাৰ কথা স্পষ্টকৈ বুজাই দিছে ৷

১৪ নৱেম্বৰত হ’ব ভাগ্য নিৰ্ণয় :

৬৫% তকৈ অধিক ভোটাৰৰ ভোটদানক প্ৰায়ে শাসন বিৰোধী লক্ষণ বুলি গণ্য কৰা হয়, কিন্তু বিহাৰৰ গ্ৰাউণ্ড ৰিয়েলিটি সদায় বেলেগ ৷ অহা ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ত ১২২খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব ৷ সকলো পক্ষই নিজৰ নিজৰ সমীক্ষা প্ৰকাশ কৰিছে যদিও জনসাধাৰণে কাক বাছি ল’ব তাৰ চূড়ান্ত সিদ্ধান্ত ১৪ নৱেম্বৰত নিৰ্ণয় হ’ব ৷ তেতিয়ালৈকে মাথোঁ ক’ব পাৰি যে বিহাৰৰ জনসাধাৰণে যি উৎসাহেৰে ভোটদান কৰিছিল, সেইটোৱে তেওঁলোকৰ অধিকাৰৰ প্ৰতি তেওঁলোকৰ সমৰ্থন স্পষ্টভাৱে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : বিহাৰত অভিলেখসংখ্যক ৬৪.৪৬ শতাংশ ভোটগ্ৰহণ, উল্লাসিত নিৰ্বাচন আয়োগ

বিহাৰত পৰিৱৰ্তন হ'ব চৰকাৰ: আশাবাদী লালুৰ ভৱিষ্যদ্বাণী

প্ৰথমে ভোটদান তাৰ পিছত জলপান: বিহাৰত আৰম্ভ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ