ETV Bharat / bharat

এগজিট প’লত প্ৰকাশ নীতিশৰ যাদু, একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশৰ সম্ভাৱনা JD(U)ৰ

২০২০চনত হতাশাজনক প্ৰদৰ্শনৰ পাঁচ বছৰৰ পাছত নীতিশ কুমাৰে দৰ্শনীয় প্ৰত্যাৱৰ্তন কৰা যেন অনুমান কৰা হৈছে আৰু JD(U) বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে ।

BIHAR Exit Poll Nitish Kumar making grand comeback JDU can become number one party In Assembly
এগজিট প’লত প্ৰকাশ বিহাৰত নীতিশ যাদু ! (File/ANI)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 11:31 AM IST

6 Min Read
Choose ETV Bharat

পাটনা : ২০২০ চনত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড) তৃতীয় স্থানলৈ পিছুৱাই গৈছিল, মাত্ৰ ৪৩খন আসন লাভ কৰিছিল, যিটো ২০১৫ চনত ৭১খন আসনৰ তুলনাত তীব্ৰ হ্ৰাস পাইছিল ৷ যাৰ ফলত এইবাৰ দলৰ স্থিতি আৰু বেয়া হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । কিন্তু ২০২৫ চনৰ এগজিট প’লৰ ট্ৰেণ্ডে নীতিশ কুমাৰৰ শক্তিশালী প্ৰত্যাৱৰ্তনৰ ভৱিষ্যদ্বাণী কৰিছে ৷ শাসকীয় নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সে (National Democratic Alliance চমুকৈ NDA) স্পষ্ট অগ্ৰগতি লাভ কৰাৰ লগতে জেডি(ইউ)য়ে {JD(U)} ৰাজ্যখনৰ একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে ।

প্ৰায় ২০ বছৰ ক্ষমতাত থকাৰ পিছতো JD(U) ৰ নেতাসকলে দাবী কৰিছে যে নীতিশ কুমাৰৰ বিৰুদ্ধে কোনো ক্ষমতা বিৰোধী ঢৌ নাই । বৰঞ্চ তেওঁলোকে জোৰ দি কয় যে ৰাজ্যখনত ‘প্ৰশাসনৰ সমৰ্থক ঢৌ’ আছে, যাৰ কাৰণ তেওঁলোকে নীতিশৰ দীৰ্ঘদিনীয়া কাৰ্যকাল আৰু তেওঁৰ ‘সুশাসন’ৰ ট্ৰেক ৰেকৰ্ড বুলি কয় ।

২০২০ চনৰ নিৰ্বাচনত JD(U) এ আৰজেডি (RJD) আৰু বিজেপিৰ পিছতে তৃতীয় স্থান দখল কৰিছিল যদিও NDA ই তেতিয়াও সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু বিজেপিয়ে পুনৰ নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল । তেতিয়াৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নীতিশ কুমাৰে কৈছিল যে এইটো তেওঁৰ শেষ নিৰ্বাচন আৰু সেই বক্তব্যই JD(U)ৰ আসন হ্ৰাস পোৱাৰ লগে লগে তেওঁৰ প্ৰদৰ্শনত প্ৰভাৱ পেলাইছিল । কিন্তু এইবাৰ নীতিশে পূৰ্ণ শক্তিৰে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ সৈতে প্ৰায় সমান আসন ভাগ-বতৰা চুক্তি কৰে ।

BIHAR Exit Poll Nitish Kumar making grand comeback JDU can become number one party In Assembly
নীতিশ কুমাৰ (File/ANI)

দুটা পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত এগজিট প’লে নীতিশ কুমাৰৰ চৰকাৰ ঘূৰি অহাৰ দিশলৈ আঙুলিয়াই দিছে । সমালোচকসকলে তেওঁৰ নেতৃত্ব, শাসনৰ ক্লান্তি আৰু স্বাস্থ্যৰ ওপৰত বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে জন সূৰজ পাৰ্টীৰ মুৰব্বী প্ৰশান্ত কিশোৰে আনকি JD(U)য়ে ২৫খনতকৈ অধিক আসন লাভ নকৰে বুলিও দাবী কৰিছিল । কিন্তু ভোটাৰৰ অধিক ভোটদান আৰু ইতিবাচক এগজিট প’লৰ প্ৰক্ষেপণে নীতিশ কুমাৰক উল্লাসিত আৰু আত্মবিশ্বাসী কৰি তোলা বুলি জানিব পৰা গৈছে ।

  • কিয় এতিয়াও বিহাৰৰ পছন্দ নীতিশ ?

২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত সঠিকভাৱে কি পৰিৱৰ্তন হ’ল বুলি সোধাত JD(U) ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাজীৱ ৰঞ্জনে কয় যে সকলো শ্ৰেণীৰ লোকে নীতিশ কুমাৰক বিশ্বাস আৰু সমৰ্থন কৰে ।

তেওঁ কয়, "নীতিশ কুমাৰৰ কামৰ যাদুৱে নিজৰ কথা কয় । তেওঁৰ নেতৃত্বত উন্নয়নৰ কাম ত্বৰান্বিত হৈছে আৰু ৰাজ্যখন ক্ৰমাগতভাৱে আগবাঢ়িছে । মানুহে তেওঁক আকৌ এবাৰ আশীৰ্বাদ দিছে । তেওঁৰ স্বাস্থ্যক লৈ প্ৰশ্ন উত্থাপন কৰাসকলে এতিয়া উত্তৰ বিচাৰি পাইছে । এয়া কোনো ক্ষমতা বিৰোধী ঢৌ নহয়, বৰঞ্চ ক্ষমতাৰ সমৰ্থক ঢৌহে ।"

ৰাজনৈতিক বিশেষজ্ঞ সুনীল পাণ্ডেয়ে কয় যে নীতিশে বিহাৰৰ ৰাজনীতিত ক্ষমতা বিৰোধী ধাৰণাক প্ৰত্যাহ্বান জনোৱা এক আদৰ্শ দাঙি ধৰিছে । পাণ্ডেয়ে কয়, ‘‘যদি এগজিট প’লৰ সংখ্যা সঁচা হয় তেন্তে ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে তেওঁ শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছে । কাৰণসমূহ হ’ল তেওঁৰ সততা, স্বচ্ছতা, মহিলা আৰু দুখীয়াৰ বাবে সাহসী সিদ্ধান্ত ।’’

  • মহিলা ভোটাৰ কিয় গুৰুত্বপূৰ্ণ

পাণ্ডেই এই কথাও আঙুলিয়াই দিয়ে যে মহিলাৰ বাবে নীতিশ কুমাৰৰ নীতিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আন বহু ৰাজ্যৰ দৰে বিহাৰত সফলতাৰে ৰূপায়ণ হোৱা সম্পূৰ্ণ সুৰা নিষেধাজ্ঞাৰ পৰা আৰম্ভ কৰি বিদ্যালয়, স্নাতক, প্ৰতিযোগিতামূলক পৰীক্ষাত ছোৱালীৰ বাবে বৃত্তিলৈকে নীতিশৰ এই পদক্ষেপে তেওঁক মহিলাৰ পৰা শক্তিশালী সমৰ্থন লাভ কৰিছে বুলি তেওঁ আলোকপাত কৰে ।

পাণ্ডেয়ে লগতে কয়, "মহিলাসকলে তেওঁক সুৰক্ষা আৰু উন্নয়নৰ বাবে বিশ্বাস কৰে । শেহতীয়াকৈ দিয়া ১০ হাজাৰ টকীয়া সাহায্যৰ দৰে নগদ প্ৰৰোচনা অবিহনেও তেওঁলোকে তেওঁক ভোট দিব । এগজিট প'লৰ পৰা স্পষ্ট হৈ পৰিছে যে নীতিশ বিহাৰৰ নিৰ্বিবাদ নেতা হৈয়ে আছে ।"

চৰকাৰী সূত্ৰ অনুসৰি, বিহাৰত ২০২৫ চনৰ বিধানসভা নিৰ্বাচনত পুৰুষতকৈ মহিলাৰ ভোটাৰৰ হাৰ অধিক হোৱা দেখা গৈছে । সামগ্ৰিকভাৱে ভোটদানৰ শতকৰা হাৰ ৬৬.৯১ শতাংশ, ৭১.৬ শতাংশ মহিলাই নিজৰ ফ্ৰেঞ্চাইজি ব্যৱহাৰ কৰাৰ বিপৰীতে ৬২.৮ শতাংশ পুৰুষ ভোটাৰ ৷

প্ৰথম পৰ্যায়ত ১.৭৬ কোটি মহিলা (৬৯.০৪ শতাংশ) আৰু ১.৯৮ কোটি পুৰুষ (৬১.৫৬ শতাংশ) ভোটদান কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ১.৭৪ কোটি মহিলা (৭৪.০৩ শতাংশ) আৰু ১.৯৫ কোটি পুৰুষ (৬৪.১ শতাংশ) ভোটদান কৰে।

  • লালু-ৰাবড়ী যুগৰ সৈতে তুলনা

পাটনা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ এন কে চৌধুৰীয়ে কয় যে নীতিশ কুমাৰে উন্নয়নৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাছিল । তেওঁ কয়, "এই বছৰবোৰত পথ, বিদ্যুৎ, পানী, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সকলো উন্নতি হৈছে । লালু-ৰাবড়ী যুগত যি আছিল তাতকৈ আইন-শৃংখলা বহুত ভাল আৰু মানুহে সেই পাৰ্থক্য স্পষ্টকৈ দেখা পাইছে ৷"

চৌধুৰীয়ে লগতে কয় যে শেহতীয়া কল্যাণমূলক ব্যৱস্থাসমূহেও হয়তো JD(U)ৰ কাম-কাজ বৃদ্ধি কৰিলেহেঁতেন । নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে সামাজিক সুৰক্ষা পেঞ্চন ৪০০ টকাৰ পৰা ১১০০ টকালৈ বৃদ্ধি কৰি ১২৫ টা বিনামূলীয়া বিদ্যুৎ ইউনিটৰ ঘোষণা, বিনামূলীয়া খাদ্যশস্য বিতৰণ অব্যাহত ৰখাৰ লগতে এক কোটি চাকৰিৰ প্ৰতিশ্ৰুতিও দিয়ে ।

চৌধুৰীয়ে মন্তব্য কৰি কয়, ‘‘এগজিট প’ল সঠিক ফলাফললৈ পৰিণত হ’ব পাৰে বা নহ’বও পাৰে, কিন্তু যদি হয় তেন্তে ইয়াৰ পৰা স্পষ্টকৈ দেখা যাব যে বিহাৰৰ ভোটাৰসকলে নীতিশ কুমাৰ আৰু NDA ক বিশ্বাস কৰে ।’’

২০২০ চনত লোক জনশক্তি পাৰ্টীৰ মুৰব্বী চিৰাগ পাছৱানে সকলো আসনত JD(U)ৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পিছতে নীতিশ কুমাৰে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছিল । সেই প্ৰাৰ্থীসকলৰ বহুকেইজন বিজেপি বিদ্ৰোহী হোৱাৰ বাবে ভোটাৰৰ মাজত একেবাৰে বিভ্ৰান্তিৰ সৃষ্টি হৈছিল, যাৰ ফলত NDAৰ ভোটত বিভাজন ঘটিছিল ।

নিৰাশাজনক প্ৰদৰ্শনৰ অন্তত JD(U)ৰ দুৰ্বল ফলাফলৰ বাবে পাছৱানক দোষাৰোপ কৰে । আনকি ৰাষ্ট্ৰীয় লোক মৰ্চাৰ মুৰব্বী উপেন্দ্ৰ কুশৱাহাইও সেই বছৰ ভোট বিভাজনৰ সৃষ্টি কৰিছিল । কিন্তু এইবাৰ পাছৱান আৰু কুশৱাহা দুয়োজনেই পুনৰ NDA ৰ সৈতে আহিছে, যাৰ ফলত আভ্যন্তৰীণ বিভ্ৰান্তি হ্ৰাস পাইছে আৰু তাৰ ফলত মিত্ৰতা বহুত শক্তিশালী হৈছে ।

উল্লেখ্য যে, ইতিমধ্যে ২৪৩ জনীয়া বিহাৰ বিধানসভা দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল ৷ ৬ নৱেম্বৰত (১৮খন জিলাত ১২১খন আসন) আৰু ১১ নৱেম্বৰত (২০খন জিলাত ১২২খন আসন)ৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । ১৪ নৱেম্বৰত এই নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : আত্মবিশ্বাসে চুইছে আকাশ, বিজয় উদযাপনৰ বাবে ৫০০ কিলোগ্ৰামতকৈ অধিক লাড়ু সাজু

লগতে পঢ়ক : বিহাৰ বিধানসভা নিৰ্বাচনত এগজিট প’লে এন ডি এক দিলে পূৰ্ণ সমৰ্থন