ETV Bharat / bharat

আস্থা ভোটত জিকিল বিহাৰৰ 'সম্ৰাট'

মুখ্যমন্ত্ৰীৰ আসনখন কাৰো পৈত্ৰিক সম্পত্তি নহয় ৷ সদনত মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Samrat Chaudhary wins vote of confidence in Bihar Assembly
সম্ৰাট চৌধুৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 3:49 PM IST

2 Min Read
Choose ETV Bharat

পাটনা: বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হ’ল সম্ৰাট চৌধুৰী ৷ বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে সদনত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হ’ল । ধ্বনিভোটেৰে বিধানসভাত জয়লাভ কৰে সম্ৰাট চৌধুৰীৰ চৰকাৰে । এন ডি এ চৰকাৰৰ সমৰ্থনত থাকে ২০১ গৰাকী বিধায়ক । সদনত ভাষণ প্ৰসংগত বিহাৰৰ নতুন মুখ্যমন্ত্রীগাৰকীয়ে নীতিশ কুমাৰে এৰি থৈ যোৱা সকলো কাম আগুৱাই নিয়াৰ প্রতিশ্রুতি দিয়ে ৷ লগতে তেওঁ অপৰাধ, দুৰ্নীতি, সাম্প্ৰদায়িকতাৰ সৈতে আপোচ নকৰে বুলিও বিহাৰবাসীক আশ্বাস দিয়ে ।

"মই ভবা নাছিলো যে মই মুখ্যমন্ত্ৰী হ'ম..."

ৰাজনৈতিকভাৱে বা মৌখিকভাৱেও হওক নীতিশ কুমাৰক মুখ্যমন্ত্ৰীৰ পদৰ পৰা কোনেও অপসাৰণ কৰিব নোৱাৰে ৷ এই বুলি মন্তব্য কৰে সম্ৰাট চৌধুৰীয়ে । তেওঁ কয়, "মই চৰকাৰত দ্বিতীয় নম্বৰত আছিলো, কিন্তু দলে কি সিদ্ধান্ত ল'ব মই নাজানিছিলো । দলে মোৰ নামত অনুমোদন জনাইছিল । নীতিশ কুমাৰৰ দৃঢ় ইচ্ছাৰ বাবেই আজি সম্ৰাট চৌধুৰীক মুখ্যমন্ত্ৰী কৰি তুলিলে ।"

মুখ্যমন্ত্ৰীৰ পদ কাৰো জন্মগত অধিকাৰ নহয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, এনডিএৰ শীৰ্ষ নেতাসকলৰ প্ৰতি সম্ৰাট চৌধুৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ কয়, "মুখ্যমন্ত্ৰীৰ পদটো কাৰো জন্মগত অধিকাৰ নহয়; মই ১৪ কোটি জনতাৰ সমৰ্থনত মুখ্যমন্ত্ৰী হ'লো । নীতিশ কুমাৰে লালু প্ৰসাদ যাদৱক মুখ্যমন্ত্ৰী বনালে । লালু প্ৰসাদ যাদৱৰ যদি অত্যাচাৰী শাসন নহ'লহেঁতেনে, তেন্তে আজি মই বিহাৰৰ মুখ্যমন্ত্ৰী নহ'লোহেঁতেন ।"

Samrat Chaudhary wins vote of confidence in Bihar Assembly
সম্ৰাট চৌধুৰী (ETV Bharat)

মই লুটপাত কৰিবলৈ মুখ্যমন্ত্ৰী হোৱা নাই

মুখ্যমন্ত্ৰীগৰাকীয়ে তেজস্বী যাদৱক কয়, "আপুনি কোনো ধৰণৰ ভুল ধাৰণাত নাথাকিব । সংবাদ মাধ্যমত যেনেধৰণৰ বাতৰি সম্প্ৰচাৰ হয় হৈ থাকিব, ইয়াৰ ফলত আমাৰ মাজত কোনো বিভ্ৰান্তি নহয় । আমি সকলো একত্ৰিত হৈ আছো ।"

লগতে পঢ়ক : বাঙালী মাধ্যমত পঢ়া, বংগত জন্ম হোৱা বিজেপি কৰ্মী হ'ব বংগৰ মুখ্যমন্ত্ৰী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ