ফলাফলৰ পূৰ্বেই তেজস্বী যাদৱৰ ডাঙৰ বক্তব্য : পৰিৱৰ্তন হ'বলৈ গৈ আছে... আমাৰ চৰকাৰ গঠন হ'ব
বিহাৰত তেজস্বী যাদৱে মহাজোঁটবন্ধনে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে ৷

Published : November 14, 2025 at 9:57 AM IST
পাটনা : আজি (শুকুৰবাৰ) পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ২০২৫ চনৰ বিহাৰ নিৰ্বাচনৰ ফলাফলৰ ভোটগণনা প্ৰক্ৰিয়া । এই ভোটগণনাৰ ফলাফল নোলাওতেই তেজস্বী যাদৱে এক ডাঙৰ বক্তব্য কৰিছে । তেজস্বী যাদৱে দাবী কৰিছে যে এইবাৰ তেওঁৰ চৰকাৰ গঠন হ’ব আৰু বিহাৰত পৰিৱৰ্তন হ’ব । তেওঁৰ বিশ্বাস যে বিহাৰত মহাজোঁটবন্ধনৰ চৰকাৰ গঠন হ’ব ।
মিছা ভাৰতীৰ সৈতে দেখা গ’ল তেজস্বী যাদৱ : ভোটগণনাৰ পুৱা তেজস্বী যাদৱক পাটনাত তেওঁৰ জ্যেষ্ঠ ভগ্নী মিছা ভাৰতীৰ সৈতে দেখা গ’ল । ১০ চাৰ্কুলাৰ ৰোডৰ পৰা ১ প’লো ৰোডত থকা চৰকাৰী বাসগৃহৰ দিশে গৈ আছিল দুয়োজনে । মিছা ভাৰতীয়েও ভাতৃৰ এই দাবীক সমৰ্থন কৰা দেখা গৈছে ।
#WATCH पटना (बिहार): महागठबंधन के सीएम फेस और राघोपुर विधानसभा सीट से राजद उम्मीदवार तेजस्वी यादव ने बिहार विधानसभा चुनाव 2025 की मतगणना पर कहा, " हम लोगों की जीत होने वाली है हम जीत रहे हैं। बदलाव होगा। हम सरकार बना रहे हैं।" pic.twitter.com/YWBxHKe3Cy
— ANI_HindiNews (@AHindinews) November 14, 2025
তেজস্বীয়ে ক্ষমতা পৰিৱৰ্তনৰ ঘোষণা : নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেজস্বী যাদৱে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দাবী কৰিছিল যে বিহাৰত ক্ষমতাৰ পৰিৱৰ্তন ঘটিছে । তেওঁ কয়, ‘‘এইবাৰ তেওঁলোকৰ চৰকাৰ গঠন হ’বলৈ গৈ আছে ।’’ তেওঁ মহাজোঁটবন্ধনৰ কথা কৈছিল, য’ত RJD, কংগ্ৰেছ, আৰু অন্যান্য দলসমূহ অন্তৰ্ভুক্ত আছিল ।
প্ৰথম পৰ্যায়ৰ পিছত দাবী : দুয়োটা পৰ্যায়ৰ ভোটদানৰ পিছত তেজস্বী যাদৱে মহাজোঁটবন্ধন চৰকাৰ গঠন হ’ব বুলি দাবী কৰে । তেওঁ কয় যে ১৪ তাৰিখে ভোটগণনাত সকলো স্পষ্ট হ’ব । আনকি তেওঁ শপত গ্ৰহণৰ তাৰিখ ১৮ নৱেম্বৰ হ’ব বুলিও ঘোষণা কৰিছিল । চৰকাৰ গঠনৰ ২০ দিনৰ ভিতৰত সকলো নির্বাচনী প্রতিশ্রুতিৰ কাম আৰম্ভ হ’ব বুলিও প্রতিশ্রুতি দিছিল তেজস্বীয়ে ৷
বিহাৰৰ আটাইতকৈ হট আসন : বিহাৰৰ আটাইতকৈ হট আসন বা চৰ্চাত থকা আসনখনেই হ’ল ৰাঘোপুৰ আসন ৷ যিখনৰ পৰা ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত মহাজোঁটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । NDA-এ সতীশ যাদৱক প্ৰক্ষেপ কৰিছে যদিও বেছিভাগ এগজিট প’লত তেজস্বীক শক্তিশালী অগ্ৰগতি লাভ কৰা দেখা গৈছে ।
ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে ৰাজনৈতিক মহলৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈকে সকলোৱে এই আসনখনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কিয়নো তেজস্বীৰ জয় বা পৰাজয়েই মহাজোঁটবন্ধনৰ চৰকাৰ গঠনৰ গতি নিৰ্ধাৰণ কৰিব ।
পৰিৱৰ্তনৰ আশা বিহাৰত : যুৱক-যুৱতী আৰু দুখীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰি বিহাৰত "কলম চৰকাৰ" গঠন কৰা হ'ব বুলি বাৰে বাৰে কৈ আহিছে তেজস্বী যাদৱে । বৰ্তমান ভোটগণনাৰ প্ৰক্ৰিয়া চলি আছে । মহাজোঁটবন্ধনৰ নেতাসকল আশাবাদী হৈ আছে ৷ আনহাতে NAD-এও জয়ৰ দাবী কৰিছে । আজি বিহাৰৰ জনসাধাৰণৰ ৰায়দানত স্পষ্ট হ’ব কোনে ক্ষমতালৈ আহিব ৷ ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকসকলে বহু ভৱিষ্যদ্বাণী কৰা দেখা গৈছে ।

