ETV Bharat / bharat

মেঘৰ গৰ্জনৰ দৰেই স্বামীৰ নাকৰ শব্দ, উপায়ন্তৰ পত্নীয়ে বিচাৰিলে বিবাহ বিচ্ছেদ

এক অস্বাভাৱিক আৰু ব্যতিক্ৰমী বিবাহ বিচ্ছেদৰ গোচৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

bhopal unique talaq case
প্ৰতিনিধিত্বমূলক ফটো (Getty Image)
author img

By ETV Bharat Assamese Team

Published : July 2, 2026 at 11:57 PM IST

3 Min Read
Choose ETV Bharat

ভূপাল(মধ্যপ্ৰদেশ): হাঁহি-ধেমালি, খং-অভিমানৰ মাজেৰেই চলি থাকে প্ৰতিগৰাকী বিবাহিতৰ বৈবাহিক জীৱন ৷ বৈবাহিক জীৱনত স্বামী-স্ত্ৰীৰ মাজত বিভিন্ন কাৰণত, বিভিন্ন ধৰণে সৰু-সুৰা কাজিয়া চলিয়েই থাকে ৷ পিছে সেইবুলিয়েই বিবাহ বিচ্ছেদ বিচাৰিব পাৰে জানো ?

পিছে আপুনি জানো ভাবিব পাৰিব যে এজন ব্যক্তিৰ টোপনিৰ অভ্যাস বা টোপনিতে নাকৰ পৰা ওলোৱা শব্দই এটা সুখী, সমৃদ্ধিশালী বৈবাহিক জীৱন শেষ কৰিব ? সততে হাস্যৰসৰ বিষয় হিচাপে উলাই কৰা এই বিষয়টো সম্প্ৰতি এক গুৰুতৰ সামাজিক আৰু স্বাস্থ্যজনিত সমস্যা বুলি প্ৰতিপন্ন হৈছে ।

শুনাত আচহুৱা যেন লাগিলেও এগৰাকী মহিলাই এনে এক কাৰণৰ বাবেহে স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে ৷ এই বিবাহ বিচ্ছেদৰ গোচৰে অঞ্চলটোৰ সকলোৰে দৃষ্টি আকৰ্ষণো কৰিছে ৷

এই ঘটনা মধ্যপ্ৰদেশৰ ভূপালৰ ৷ স্বামীৰ নাকৰ প্ৰচণ্ড শব্দৰ বাবেই সদায় নিশা টোপনি খতি হয় পত্নীৰ ৷ বিবাহৰ পিছৰে পৰা প্ৰায় পাঁচ বছৰে এনেকৈয়ে টোপনি খতি কৰি বৈবাহিক জীৱন পাৰ কৰিছে এগৰাকী মহিলাই ৷ পিছে সদায় বাৰু একেটা কথাই সহ্য কৰিব পাৰিনে ? স্বামীৰ নাকৰ শব্দত পত্নীৰ সহ্যৰ সীমা চেৰাই যোৱাত তেওঁ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে ৷

অৱশ্যে এয়া কোনো হাঁহি উঠা কথা নহয় ৷ চিকিৎসকসকলৰ মতে ই স্বাস্থ্যজনিত এক গুৰুতৰ সমস্যা ৷ পৰিৱৰ্তিত জীৱনশৈলীৰ ফলত ঘৰুৱা ক্ষেত্ৰত উদ্ভৱ হোৱা ই এক নতুন ধৰণৰ মানসিক চাপ ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত যিটোক ‘শ্লীপ এপনিয়া’ বুলি জনা যায় ।

পৰামৰ্শদাতাৰ বাবে ৰক্ষা পৰিল ভাঙিব ধৰা এখন সংসাৰ

মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদ বিচাৰি স্থানীয় পৰিয়াল পৰামৰ্শদাতা ৰীতা তুলিৰ ওচৰ পায় ৷ স্বামীৰ নাকৰ শব্দৰ বাবে প্ৰতিদিনে নিশা মহিলাগৰাকীয়ে টোপনি মাৰিবলৈ নাপায় বুলি গুৰুতৰ অভিযোগ তোলে ৷ মহিলাগৰাকীয়ে স্বামীৰ বাহিৰে শহুৰেকৰ পৰিয়ালৰ আন কাৰো বিৰুদ্ধে কোনো অভিযোগ তোলা নাছিল ৷ অৱশ্যে প্ৰথম অৱস্থাত স্বামীয়ে এই অভিযোগ মানি লোৱা নাছিল যদিও পিছত মানিবলৈ বাধ্য হয় ৷ যাৰ বাবে মহিলাগৰাকীয়ে বিষয়টো বিবাহ বিচ্ছেদৰ পৰ্যায়লৈকে নিয়ে ৷

অৱশ্যে পৰামৰ্শদাতাগৰাকীয়ে দুয়োপক্ষৰ সৈতে কথা পাতি তিনিমাহৰ বাবে স্বামী-স্ত্ৰীক পৃথকে পৃথকে থকাৰ পৰামৰ্শ দিয়ে । পৰামৰ্শ অনুসৰি কাম ৷ দুয়োৱে তিনিমাহৰ বাবে পৃথকে পৃথকে থকাৰ পিছতহে ইজনে আনজনৰ গুৰুত্ব উপলব্ধি কৰিবলৈ ধৰিলে । শেষত তেওঁলোকে স্বীকাৰ কৰিলে যে এনে কোনো কাৰণত বিবাহ বিচ্ছেদ বিচৰাটো সঠিক সিদ্ধান্ত নহয় ৷ তাৰপিছতে তেওঁলোকে পুনৰ একেলগে থাকিবলৈ ল’লে ৷

এয়া কোনো অভ্যাস নহয়, ই এক গুৰুতৰ সমস্যা

চিকিৎসা বিশেষজ্ঞসকলৰ মতে ইয়াক কেৱল এটা সাধাৰণ অভ্যাস বুলি উলাই কৰাটো ব্যয়বহুল প্ৰমাণিত হ’ব পাৰে । বুকু আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ বিশেষজ্ঞ ডাঃ প্ৰখৰ আগৰৱালে মেদবহুলতা আৰু জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাৰ বাবে শ্লীপ এপনিয়া ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা বুলি সদৰী কৰে ।

তেনে অৱস্থাত আক্ৰান্ত ৰোগীৰ টোপনিৰ সময়ত শৰীৰত অক্সিজেনৰ মাত্ৰা ৯৫ শতাংশৰ পৰা ৫০-৬০ শতাংশলৈ হ্ৰাস পায় ৷ যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায় । বিগত এটা দশকত এইমছৰ অ’পিডিলৈ অহা এনে ৰোগীৰ সংখ্যা প্ৰতিমাহে ১৫–২০ জনৰ পৰা ৫০–৬০ জনলৈ বৃদ্ধি পোৱা বুলি চিকিৎসেক জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ৭৫ বছৰ বয়সতো ৩২টা ডিগ্ৰীৰ গৰাকী, পুনৰবাৰ ‘আচাৰ্য’ৰ পৰীক্ষাত বহিল মিলখীৰাম