ত্বিশা শৰ্মাৰ শাহুৱেক তথা প্ৰাক্তন ন্যায়াধীশ গিৰিবালা সিঙক গ্ৰেপ্তাৰ
ত্বিশা শৰ্মাৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ চিবিআইৰ অভিযান ৷ কেইবাঘণ্টা ধৰি শাহুৱেকক কৰিলে সোধা-পোছা ৷

Published : May 28, 2026 at 8:01 PM IST
ভূপাল: প্ৰাক্তন মিছ পুনে, মডেল, অভিনেত্ৰী ত্বিশা শৰ্মাৰ মৃত্যু পৰিকল্পিত হত্যা নে আত্মহত্যা ? এই ঘটনাই লৈছে নতুন মোৰ ৷ দুবাৰকৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতো ত্বিশাৰ মৃত্যুৰহস্য ভেদ কৰিবলৈ আৰক্ষী সক্ষম নোহোৱাত এই গোচৰৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হৈছিল ৷
চিবিআয়ে দায়িত্ব লোৱাৰ পিছতে গোচৰটোৱে অগ্ৰগতি লাভ কৰিছে ৷ ঘটনা সন্দৰ্ভত সোধা-পোছা কৰিবলৈ বৃহস্পতিবাৰে চিবিআই উপস্থিত হৈছিল ত্বিশাৰ শাহুৱেক তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গিৰিবালা সিঙৰ ঘৰত ৷ কেইবাঘণ্টাজোৰা সোধা-পোছাৰ অন্তত গিৰিবালা সিঙক চিবিআয়ে গ্ৰেপ্তাৰ কৰে ৷
Twisha Sharma death case | Twisha's mother-in-law, Giribala Singh, has been arrested by CBI.
— ANI (@ANI) May 28, 2026
Giribala Singh's anticipatory bail was quashed by the Jabalpur High Court late last night.
(file pic) pic.twitter.com/Als3fyi3lC
চিবিআইৰ দলটোৱে প্ৰথমে গিৰিবালাক নিজা বাসগৃহতে সোধা-পোছা কৰে । এই বাসগৃহটোৰ থ্ৰী ডি মেপিঙো কৰা হৈছিল, যাৰ বাবে ঘৰটোত থ্ৰী ডি কেমেৰা সংস্থাপন কৰা হয় ৷
প্ৰাক্তন ন্যায়াধীশ গিৰিবালা সিঙক গ্ৰেপ্তাৰ
মডেল, অভিনেত্ৰী ত্বিশা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত চিবিআয়ে কেইবাঘণ্টা ধৰি শাহুৱেক গিৰিবালা সিঙক সোধা-পোছা কৰে ৷ উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন বাতিল কৰাৰ পিছত বৃহস্পতিবাৰে সন্ধিয়া তেওঁক চিবিআয়ে গ্ৰেপ্তাৰ কৰে ৷
চিবিআইৰ দলটো উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে অধিবক্তা ইনোছ জৰ্জ কাৰ্লোও গিৰিবালা সিঙৰ বাসগৃহত উপস্থিত হয় । অৱশ্যে সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য প্ৰকাশৰ পৰাও তেওঁ বিৰত থাকে ৷ ইয়াৰ সলনি ইনোছে নীৰৱে পোনে পোনে বাসগৃহটোৰ ভিতৰলৈ সোমাই যায় ।
আদালতে তিনিটা কাৰণত গিৰিবালাৰ জামিন বাতিল কৰে । প্ৰথমটো হৈছে শাহুৱেক গিৰিবালা সিং আৰু স্বামী সমৰ্থই ত্বিশাক গৰ্ভপাত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল । দ্বিতীয়টো হ’ল- ত্বিশা বিয়াৰ পিছত বিদেশলৈ যোৱাৰ সময়ত শাহুৱেক আৰু স্বামীয়ে ধনৰ যোগান ধৰিছিল । ইয়াৰ পৰা এইটো বুজিব পাৰি যে সমৰ্থ তথা তেওঁৰ পৰিয়ালে ত্বিশাক যৌতুক দাবী কৰা নাছিল । তৃতীয়তে, শাহুৱেক গিৰিবালা সিঙে এই ঘটনাৰ পিছত আৰক্ষীৰ তদন্তত সহযোগ কৰা নাছিল ৷
গিৰিবালা সিঙৰ বাসগৃহত থ্ৰী ডি মেপিং
গিৰিবালা সিঙৰ বাসগৃহত উপস্থিত হোৱা চিবিআয়ে সমগ্ৰ ঘৰটোৰ থ্ৰী ডি মেপিং কৰে । সমগ্ৰ ঘৰটোত এই কেমেৰা লগোৱা হৈছিল যাতে ঘটনাৰ দিনটোৰ এখন সম্পূৰ্ণ ছবি পোৱা যায় । থ্ৰী ডি মেপিঙৰ সহায়ত ঘটনাটো সংঘটিত হোৱা স্থানৰ মডেল তৈয়াৰ কৰা হৈছিল, যিয়ে তদন্তত অধিক সহায় কৰে ।

এই সন্দৰ্ভত মহাধিবক্তা প্ৰশান্ত সিঙেও কয়, ‘‘আদালতত কোৱা হৈছিল যে গোচৰৰ পূৰ্বে আগতীয়া জামিন আবেদন দাখিল কৰা হৈছিল । এই গোচৰে তদন্তৰ দুৱাৰ মুকলি কৰে । এজাহাৰ দাখিল কৰাৰ পিছতে তদন্ত আৰম্ভ হৈছিল । সকলো প্ৰমাণ তদন্ত আৰম্ভ হ’লেহে সংগ্ৰহ কৰা হয়, গতিকে প্ৰমাণ সম্পূৰ্ণৰূপে সংগ্ৰহ কৰিব পৰা নগ’ল আৰু আগতীয়াকৈ জামিন প্ৰদান কৰা হ’ল । যিহেতু এতিয়া চিবিআই তদন্তকাৰী দল, গতিকে আমি সকলো বিষয় ভালদৰে বিবেচনা কৰিম ।’’

