ETV Bharat / bharat

অৱহেলা-অমানৱীয়তা-কাণ্ডজ্ঞানহীনতাৰ চৰম পৰ্যায় ! মুকলি আকাশৰ তলতে চলিল মৰণোত্তৰ পৰীক্ষা

এই অমানৱীয় কাণ্ডৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে চিকিৎসালয়ৰ প্ৰশাসন আৰু মানৱ অধিকাৰক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে ।

HAMIDIA HOSPITAL OPEN POSTMORTEM
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 28, 2026 at 8:47 PM IST

4 Min Read
Choose ETV Bharat

ভূপাল: পোহৰলৈ আহিছে ৰোগীক লৈ হেতালি খেলা একাংশ চৰকাৰী চিকিৎসালয়ৰ প্ৰকৃত ৰূপ ৷ চিকিৎসা সেৱাক সেৱা হিচাপে গণ্য নকৰি ব্যৱসায়লৈ ৰূপান্তৰিত কৰা একাংশ চৰকাৰী চিকিৎসালয়ৰ বাবে ৰোগ বা ৰোগী সম্বন্ধীয় বহু কথাই তেনেই সহজ ৷

আনকি বহু চিকিৎসালয়ে ৰোগীৰ মৃত্যুৰ পিছতো হেমাহি কৰিবলৈ এৰা দেখা যায় ৷ মধ্যপ্ৰদেশৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় হামিদিয়া হাস্পতালত সংঘটিত হৈছে এনে এক ঘটনা ৷ চৰকাৰী চিকিৎসালয়খনত মানৱীয়তাৰ অবক্ষয়ৰ চৰম পৰ্যায় পোহৰলৈ আহিছে ৷

পথৰ ওপৰতে মুকলি আকাশৰ তলত মৰণোত্তৰ পৰীক্ষা কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে । এজন ৫০ বছৰীয়া অচিনাক্ত ব্যক্তিৰ মৃতদেহ মুকলিকৈ মৰণোত্তৰ পৰীক্ষা কৰা কাৰ্যই সকলোৰে চকু কপালত তুলিছে ৷ এই মৃতদেহটো এতিয়াও চিনাক্ত কৰিব পৰা নাই ৷

HAMIDIA HOSPITAL OPEN POSTMORTEM
মুকলি আকাশৰ তলতে চলিল মৰণোত্তৰ পৰীক্ষা (ETV Bharat)

ৰাজপথত মৰণোত্তৰ পৰীক্ষা

এই অমানৱীয় কাণ্ডৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে চিকিৎসালয়ৰ প্ৰশাসন আৰু মানৱ অধিকাৰক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে । হামিদিয়া হাস্পতালৰ এই ভয়ংকৰ আৰু চাঞ্চল্যকৰ কাণ্ডটো বুধবাৰে পোহৰলৈ আহে ।

আৰক্ষীয়ে বজাৰীয়া থানা এলেকাৰ পৰা এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়খনলৈ আনিছিল । মৃতদেহটো এম্বুলেঞ্চৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাগৃহলৈ নিয়াৰ সলনি চিকিৎসকে মূলপথৰ ওপৰতে ষ্ট্ৰেচাৰত ৰাখে ৷

মুকলিকৈ মৰণোত্তৰ পৰীক্ষা, ভীতিগ্ৰস্ত সাধাৰণ লোক

কোনোধৰণৰ গোপনীয়তা বা সন্মানৰ প্ৰতি গুৰুত্ব আৰোপ নকৰি চিকিৎসকে মুকলিতেই অচিনাক্ত ব্যক্তিজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷ দুজনকৈ কৰ্মচাৰীয়ে মৃতদেহটো চিলাই নকৰাকৈয়ে বহু সময় ৰাখি থয় ৷ ফলত মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধৰ বাবে উপস্থিত থকা ৰোগীসকলৰ আত্মীয়ই আতংকিত হৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

দায়সৰা মন্তব্য

এনেধৰণৰ কাণ্ডজ্ঞানহীন কাণ্ডৰ বিষয়ে যেতিয়া চিকিৎসালয়খনৰ কৰ্মচাৰীক সোধা হৈছিল, তেতিয়া তেওঁলোকে দায়সৰা মন্তব্য দিয়ে ৷ তেওঁলোকে কয়, ‘‘মৃতদেহটোৰ কোনো গৰাকী নাই ৷ গতিকে ইয়াৰ সৈতে কাৰো কোনোধৰণৰ সম্পৰ্ক নাই ।’’

আনহাতে, গান্ধী চিকিৎসা মহাবিদ্যালয়ৰ ফৰেনছিক বিভাগৰ মুৰব্বী ডাঃ আশীষ জৈনে বিষয়টোক আওকাণ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ চিকিৎসকগৰাকীয়ে দায়সৰা মন্তব্যৰে কয়, ‘‘কেৱল মৃতদেহ পৰিষ্কাৰ কৰা বা পোক-পৰুৱা আঁতৰোৱাৰ কামটোহে মুকলি ঠাইত কৰা হয় ।’’ কিন্তু এই কাণ্ডৰ যি ভিডিঅ’ প্ৰকাশ পাইছে, সেইটোৱে উদঙাই দিছে যে চিকিৎসকে পোনপটীয়াকৈ ৰাজপথৰ ওপৰতে ষ্ট্ৰেচাৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে ৷

অধীক্ষকৰ সতৰ্কবাণী, কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস

বিষয়টোক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে হামিদিয়া হাস্পতালৰ অধীক্ষক ডাঃ সুনীত টেণ্ডনে নিজৰ দৃঢ় স্থিতি গ্ৰহণ কৰে । তেওঁ স্পষ্ট কৰি দিয়ে যে, ‘‘মৰণোত্তৰ পৰীক্ষা আৰু মৃতদেহত কৰা চিলাই কেৱল মৰণোত্তৰ পৰীক্ষাগৃহৰ ভিতৰতহে কৰিব লাগে ৷ এইক্ষেত্ৰত কঠোৰ নিয়ম প্ৰযোজ্য ৷’’ তদুপৰি এনেধৰণৰ কোনো কাণ্ডৰ বিষয়ে ডাঃ টেণ্ডনে নিজৰ অজ্ঞতা প্ৰকাশ কৰে ৷ যদি প্ৰকৃততে এনেকুৱা হৈছে, তেন্তে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সকীয়নি দিয়ে ।

মৰণোত্তৰ পৰীক্ষা সম্পৰ্কত মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনা

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গাইডলাইন অনুসৰি, মহামাৰী বা দুৰ্যোগৰ দৰে পৰিস্থিতিৰ বাহিৰে কোনো কাৰণতে মৃতদেহৰ গোপনীয়তা আৰু সন্মানৰ সৈতে আপোচ কৰিব নোৱাৰি ।

মৰণোত্তৰ পৰীক্ষাৰ নিয়ম আৰু ফৰেনছিকৰ নীতি-নিৰ্দেশনা

  1. মৰণোত্তৰ পৰীক্ষা কেৱল অনুমোদিত বন্ধ কোঠাতহে কৰিব লাগিব ৷
  2. স্বাভাৱিক আৰু পচি যোৱা শৰীৰৰ বাবে পৃথক কোঠাৰ ব্যৱস্থা কৰিব লাগিব ৷
  3. মৰণোত্তৰ পৰীক্ষাগৃহত বায়ুৰ সঠিক চলাচল, পৰ্যাপ্ত পোহৰ, পানী আদি অতি প্ৰয়োজনীয় ।
  4. সমগ্ৰ প্ৰক্ৰিয়াৰ সময়ছোৱাত বাহিৰৰ লোক বা জনসাধাৰণৰ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ ৷

লগতে পঢ়ক: দুবছৰীয়া এটি শিশুৰ হাওঁফাওঁত আবদ্ধ ৰিম’টৰ বাল্ব: চিকিৎসকে ৰক্ষা কৰিলে প্ৰাণ