ভূপালত নিজ মাতৃ-মোমায়েকৰ হাতত প্ৰাণ গ’ল ১৭ বছৰীয়া নাবালিকাৰ
নিজৰ পছন্দৰ যুৱকৰ সৈতে বিয়া কৰাব বিচৰাই কাল হ’ল এগৰাকী যুৱতীৰ ৷ নিজ মাতৃ আৰু মোমায়েকে মিলি ১৭বছৰীয়া নাবালিকাক হত্যা ৷ আৰক্ষীৰ জালত অভিযুক্ত ৷

Published : August 30, 2026 at 2:53 PM IST
ভূপাল : মধ্যপ্ৰদেশৰ ৰাজধানীত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে ৷ অভিযোগ অনুসৰি পিপলানী থানাৰ অন্তৰ্গত এগৰাকী ১৭ বছৰীয়া নাবালিকা কিশোৰীক মাতৃ আৰু মামাকে গামোচাৰে ডিঙি চেপি হত্যা কৰে । এই হত্যাকাণ্ডৰ পাছত অভিযুক্তই মৰণোত্তৰ পৰীক্ষা নকৰাকৈ নাবালিকাগৰাকীক সৎকাৰৰ কৰি ঘটনাটো লুকুৱাই ৰখাৰ চেষ্টা কৰে ।
ইফালে এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । মৰণোত্তৰ পৰীক্ষাত কিশোৰীগৰাকীক ডিঙি চেপি হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে আৰক্ষীয়ে হত্যাৰ অভিযোগত মাতৃ আৰু মোমায়েকক গ্ৰেপ্তাৰ কৰিছে ৷
- ভূপালত হত্যাকাণ্ড
ভূপালত এগৰাকী ১৭ বছৰীয়া কিশোৰীক মাতৃ আৰু মোমায়েকে গামোচাৰে ডিঙি চেপি হত্যা কৰে । খবৰ অনুসৰি, মাতৃগৰাকীয়ে নিজৰ পছন্দৰ যুৱকৰ সৈতে জীয়েকক বিয়া দিব বিচাৰিছিল ৷ কিন্তু নাবালকগৰাকীয়ে মাকৰ এই প্ৰস্তাৱ নাকচ কৰে । নাবালিকাগাৰীকয়ে মাতৃৰ পছন্দৰ বিপৰীতে নিজৰ পছন্দৰ আন কাৰোবাক বিয়া কৰাব বিচাৰিছিল ৷
এই কথা লৈ মাতৃ আৰু কন্যাৰ মাজত বিবাদ চলি আছিল । এই বিবাদে ইমানেই ভয়ংকৰ ৰূপ লৈছিল যে এটা সময়ত মাতৃগৰাকীয়ে আৰু নাবালিকাগৰাকীৰ মোমায়েকৰ সৈতে লগ হৈ যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰে ।
এই হত্যাকাণ্ডৰ পাছত যুৱতীগৰাকীৰ পৰিয়ালে স্বাভাৱিক মৃত্যু বুলি দাবী কৰি খৰখেদাকৈ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি চলায় । কিন্তু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে পিপলানী থানাৰ লোকে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ অহা তথ্য মতে, নাবালিকাগৰাকীৰ স্বাভাৱিক মৃত্যু হোৱা নাই, তেওঁক হত্যা কৰা হৈছে ৷
- পছন্দৰ বিবাহক লৈ হত্যাৰ সন্দেহ
টি আই চন্দ্ৰিকা যাদৱে কয়, "প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে নাবালিকাগৰাকীৰ বিবাহ সন্দৰ্ভত মাতৃৰ সৈতে চলি থকা বিবাদেই হৈছে এই হত্যাকাণ্ডৰ আঁৰৰ মূল কাৰণ । যুৱতীগৰাকীয়ে নিজৰ পছন্দৰ এজন পুৰুষক বিয়া কৰাব বিচাৰিছিল, আনহাতে মাতৃয়ে ইয়াৰ বিৰোধ কৰিছিল । আৰক্ষীয়ে এই হত্যাৰ গোচৰটোৰ তদন্ত কৰি আছে ।"
- ২৯ আগষ্টত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিছিল
২৯ আগষ্টৰ সন্ধিয়া আৰক্ষীয়ে যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰে । এই প্ৰতিবেদনত নিশ্চিত কৰা হৈছিল যে যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰা হৈছে । ইয়াৰ পাছতে দেওবাৰে পুৱাই পিপলানী আৰক্ষীয়ে যুৱতীগৰাকীৰ মাতৃ কমলা আৰু তেওঁৰ মোমায়েক বিজয় ৰায়ৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰে ৷

