একালৰ নিজৰে আদালতৰ কাঠগড়াত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ: চিবিআয়ে জিম্মাত ল'লে গিৰিবালা-সমৰ্থক
ভূপাল আদালতত হাজিৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গিৰিবালা সিং আৰু পুত্ৰ সমৰ্থ । আদালত চৌহদত সংবাদমাধ্যমৰ প্ৰশ্নৰ সন্মুখীন মাতৃ-পুত্ৰ ।

Published : May 29, 2026 at 4:17 PM IST
ভূপাল: ত্বিশা শৰ্মাৰ মৃত্যুৰ গোচৰত প্ৰতিদিনে এক্সন মুডত কাম কৰিছে চিবিআয়ে । বৃহস্পতিবাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা ত্বিশা শৰ্মাৰ শাহুৱেক গিৰিবালা সিঙক তেওঁৰ বাসগৃহতে কেইবা ঘণ্টাজোৰা জেৰাৰ অন্তত চিবিআয়ে গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছতে শুকুৰবাৰে চিবিআয়ে তেওঁৰ পুত্ৰ সমৰ্থ সিঙৰ সৈতে প্ৰাক্তন ন্যায়াধীশ গিৰিবালা সিঙক ভূপাল জিলা আদালতত হাজিৰ কৰে । চিবিআইক জিলা আদালতে দুয়োকে ৫ দিনৰ বাবে জিম্মাত লোৱা অনুমতি প্ৰদান কৰে ।
সমৰ্থক জিম্মাত ৰখাৰ অন্তিম দিন, বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হৈছিল গিৰিবালা
মন কৰিবলগীয়া যে সমৰ্থ সিং ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছিল, শুকুৰবাৰে আৰক্ষীৰ জিম্মাত তেওঁৰ শেষৰটো দিন আছিল । ইয়াৰ পিছতে ভূপালত উপস্থিত হৈ চিবিআয়ে তদন্তৰ দায়িত্ব লয় । ইয়াৰ পিছতে এছআইটিয়ে সমৰ্থক চিবিআইৰ হাতত গতাই দিয়ে ।

তাৰ পিছৰে পৰা সমগ্ৰ গোচৰৰ তদন্ত আৰম্ভ কৰিছে চিবিআয়ে । বুধবাৰে নিশা মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে গিৰিবালা সিঙৰ জামিন বাতিল কৰে । ইয়াৰ পিছতে বৃহস্পতিবাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীৰ ঘৰত উপস্থিত হয় চিবিআইৰ দল । সমগ্ৰ ঘৰটোৰ থ্ৰী ডি মেপিং কৰা হয় আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰা চলোৱাৰ অন্তত বৃহস্পতিবাৰে সন্ধিয়া চিবিআয়ে গিৰিবালাক গ্ৰেপ্তাৰ কৰে ।
ভূপাল আদালতত হাজিৰ গিৰিবালা, সমৰ্থ
শুকুৰবাৰে চিবিআয়ে সমৰ্থৰ সৈতে গিৰিবালা সিঙক হাজিৰ কৰে জিলা আদালতত । অনুমান কৰা হৈছে যে চিবিআয়ে সমৰ্থক জিম্মাত লোৱাৰ ম্যাদ বৃদ্ধি আৰু গিৰিবালাৰ নিজৰ জিম্মাত বিচাৰিব । খবৰ অনুসৰি সমৰ্থ সিঙে জেৰাৰ সময়ত আৰক্ষীক কয়- "তেওঁৰ মৃত্যুৰ পূৰ্বে ত্বিশা আৰু মই একেলগে নিশাৰ আহাৰ খাইছিলোঁ । তাৰ পিছত আমি খোজকাঢ়িবলৈ গৈছিলোঁ । আমাৰ মাজত স্বাভাৱিক কথা-বতৰা হৈছিল । এনে কোনো কথা-বতৰা হোৱা নাছিল যাৰ পৰা অনুমান কৰিব পাৰি যে ত্বিশাই আত্মহত্যা কৰিব ।"

ঘটনাৰ দিনা নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ত্বিশা আৰু সমৰ্থ ফুৰিবলৈ গৈছিল
গিৰিৱালা সিঙে কয়,"ঘৰৰ তৃতীয় মহলাত ত্বিশাই আত্মহত্যা কৰে । এই কথা গম পোৱাৰ লগে লগে আমি ওপৰলৈ লৰালৰিকৈ উঠি আহিলোঁ । আমি তাইক তললৈ নমাই চিপিআৰ দিছিলোঁ । তাৰ পিছত আমি তাইক এইমছ হাস্পতাললৈ লৈ গ'লোঁ, য'ত চিকিৎসকে তাইক মৃত বুলি ঘোষণা কৰে ।"
পুত্ৰৰ সৈতে মাতৃও চিবিআই আদালতত উপস্থিত হোৱাৰ লগে লগে সংবাদ মাধ্যমে তেওঁলোকক ঘেৰি ধৰা পৰিলক্ষিত হয় । কটকটীয়া নিৰাপত্তাৰ মাজতে চিবিআয়ে তেওঁলোকক আদালতলৈ যায় ।

