ETV Bharat / bharat

এখনৰ পাছত আনখন বাহনত মাৰিলে খুন্দা : নিহত ৬, আহত কেইবাজনো

জিলা প্ৰশাসনে এতিয়ালৈকে ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে ৷ অৱশ্যে সূত্ৰই দাবী কৰিছে যে এই সংখ্যা অধিক হ’ব পাৰে ।

Multi Vehicle Collision
এখনৰ পাছত আনখন বাহনত মাৰিলে খুন্দা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 24, 2026 at 8:49 PM IST

2 Min Read
Choose ETV Bharat

ভাগলপুৰ (বিহাৰ) : বিহাৰৰ ভাগলপুৰত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত কোইবাজনো লোক হতাহত হোৱাৰ তথ্য পোৱা গৈছে । জানিব পৰা মতে, দুখন বাহনৰ সংঘৰ্ষৰ পিছতে ওচৰতে ৰখাই থোৱা আন কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হয় । এই পৰ্যন্ত ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে আন চাৰিৰ পৰা পাঁচজন লোক গুৰুতৰভাৱে আহত হয় । আহত আটাইকেইজনৰ অৱস্থা সংকটজন বুলি জানিব পৰা হৈছে ।

চাৰিখন বাহনৰ সংঘৰ্ষ : ভাগলপুৰৰ খাৰিক থানা এলেকাৰ বাগড়ী দলঙৰ সমীপত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী ট্ৰাকে পিকআপ ভানত খুন্দা মাৰে । সংঘৰ্ষৰ পিছতে পিকআপ ভানখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশত গৈ থকা এখন ই-ৰিক্সা আৰু এখন বাছৰ সৈতে সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে যদিও প্ৰশাসনে ৬ জন লোকৰ মৃত্যু হোৱা বুলি এই পৰ্যন্ত নিশ্চিত কৰিছে । মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজন আহতক বিহপুৰ চি এইচ চিলৈ লৈ যায় আৰু তাৰ পৰা তেওঁলোকক জৱাহৰলাল নেহৰু মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰা হয় । খবৰ অনুসৰি ই-ৰিক্সাত থকা চাৰিওজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন লোকক চিকিৎসাৰ বাবে আনি থকা সময়তে মৃত্যু হয় ।

দুটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ভাগলপুৰৰ মায়াগঞ্জ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । নিহত লোকসকলৰ তিনিজন কাটিহাৰৰ ছমলিৰ আৰু এজন খগড়িয়াৰ মানচীৰ বুলি জানিব পৰা গৈছে । আন দুজনক বৰ্তমান পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই ।

লগতে পঢ়ক : নেপালৰ ধাডিঙত ভয়ংকৰ বাছ দুৰ্ঘটনা, ১৮ গৰাকী যাত্ৰীৰ মৃত্যু

নগাঁৱৰ বাইপাছত যেন ৰৈ আছিল শনি ! বাটৰ পৰাই লুটি খাই পৰিল যাত্ৰীবাহী বাছ

পথৰ দাঁতিত ৰৈ থকা বিবাহ যাত্ৰীৰ বাছত খুন্দিয়ালে ট্ৰাকে; থিতাতে নিহত ২, আহত বহুতো