ETV Bharat / bharat

‘নিজকে জুকিয়াই চাওক’...পাকিস্তানক কটাক্ষ কৰি বৈদেশিক মন্ত্ৰালয়ৰ স্থিতি স্পষ্ট

চিৰবৈৰী দেশখনে শনিবাৰে কৰাচীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতক দোষাৰোপ কৰিছিল ৷

INDIA PAKISTAN RELATIONS
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱাল (X/@MEAIndia)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 9:44 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: শনিবাৰে কৰাচীৰ সামৰিক ঘাটিত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল ৷ এই আক্ৰমণত চাৰিজনকৈ পাকিস্তানী জোৱানৰ মৃত্যু ঘটে ৷ চিৰবৈৰী দেশখনে এই আক্ৰমণৰ বাবে ভাৰতক দোষাৰোপ কৰে ৷

অৱশ্যে দেওবাৰে ভাৰতে পাকিস্তানৰ এই দাবীক অস্বীকাৰ কৰিছে ৷ পাকিস্তানে জাপি দিয়া এই অপবাদ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰণ দাঙি ধৰে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ৷ জয়ছোৱালে কয় যে পাকিস্তানে ভাৰতলৈ আঙুলি টোওৱাৰ পৰিৱৰ্তে নিজৰ মাটিতে পুলিয়ে-পোখাই গজালি মেলা সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধেহে ব্যৱস্থা গ্ৰহণ কৰা উচিত ।

এক বিবৃতিৰ জৰিয়তে জয়ছোৱালে কয়, ‘‘শেহতীয়াকৈ কৰাচীত সংঘটিত কাণ্ডৰ সন্দৰ্ভত পাকিস্তানৰ প্ৰতিবেদনে ভাৰতৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰা চকুত পৰিছে । আমি সেইবোৰ পোনপটীয়াকৈ নাকচ কৰিছো । আনলৈ আঙুলিয়াই দেখুওৱাৰ পৰিৱৰ্তে পাকিস্তানে নিজকে ভালদৰে প্ৰত্যক্ষ কৰা উচিত ৷ পাকিস্তানৰ নিজৰ ভূমিত থকা সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকে সন্ত্ৰাসবাদক ৰাষ্ট্ৰনীতিৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভ্যাস পৰিত্যাগ কৰাটোৱে ভাল হ'ব ।’’

উল্লেখ্য যে, নিষিদ্ধ ঘোষিত সংগঠন ‘তেহৰিক-ই-তালিবান পাকিস্তান’ (টিটিপি)ৰ সহযোগী দল ‘জামাত-উল-আহৰাৰ’ৰ সশস্ত্ৰ সন্ত্ৰাসবাদীৰ এটা দলে কৰাচীৰ গুলিস্তান-ই-জোহাৰ অঞ্চলত থকা সিন্ধ ৰেঞ্জাৰ্ছৰ ভিটাই উইং মুখ্য কাৰ্যালয়ত শনিবাৰে নিশা প্ৰায় ৮.৩০ বজাত আক্ৰমণ চলায় । সন্ত্ৰাসবাদীসকলক নিৰাপত্তাৰক্ষীয়ে গুলীৰেই প্ৰত্যুত্তৰ দিয়ে ৷ প্ৰায় ডেৰ ঘণ্টা ধৰি এই সংঘৰ্ষ চলিছিল ।

খবৰ অনুসৰি বিশেষ নিৰাপত্তা ইউনিট(এছএছইউ) আৰু সন্ত্ৰাসবাদ বিৰোধী বাহিনী(এটিএফ)ৰ কমাণ্ডোৱে ৰেঞ্জাৰ্ছৰ জোৱানসকলৰ সৈতে মিলি ছয়টা সন্ত্ৰাসবাদীক হত্যা কৰে ৷ বিপৰীতে গুৰুতৰভাৱে আহত এটা সন্ত্ৰাসবাদীক বন্দী কৰিবলৈ সক্ষম হয় । এই ভয়ংকৰ আক্ৰমণত ৰেঞ্জাৰৰ্ছৰ চাৰিজন জোৱান নিহত হয় । ইয়াৰ পিছতে পাকিস্তানে এই আক্ৰমণ ভাৰতে চলোৱা বুলি দাবী কৰিছিল ৷

লগতে পঢ়ক: ভাৰতীয় ভূখণ্ডত চীনা PLA ৰ অনুপ্ৰৱেশৰ অভিযোগ, স্মাৰকপত্ৰ দাখিল নাহ ৱেলফেয়াৰ ছ'চাইটিৰ