IPAC ৰ কাৰ্যালয়ত ইডিৰ অভিযান; কলকাতাত মমতা বেনাৰ্জীৰ প্ৰতিবাদ
বিজেপি আৰু অমিত শ্বাহক পশ্চিমবংগলৈ আহি তেওঁৰ সৈতে গণতান্ত্ৰিকভাৱে যুঁজিবলৈ সাহস গোটাবলৈ মমতাই মুকলি আহ্বান জনায় ।

By ANI
Published : January 9, 2026 at 4:50 PM IST
কলকাতা : বৃহস্পতিবাৰে আইপেক কাৰ্যালয়ত (Indian Political Action Committee, I-PAC) অভিযান চলোৱাৰ পিছত শুকুৰবাৰে কলকাতাত বলবৎকাৰী সঞ্চালকালয়ৰ বিৰুদ্ধে (ইডি) এক প্ৰতিবাদী সমাবেশত নেতৃত্ব দিয়ে তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ই ডিৰ দ্বাৰা বৃহস্পতিবাৰে ছল্ট লেকস্থিত আইপেকৰ কাৰ্যালয় আৰু লাউডন ষ্ট্ৰীটত থকা ইয়াৰ সঞ্চালক প্ৰতীক জৈনৰ বাসগৃহত চলোৱা অভিযানৰ প্ৰতিবাদত শুকুৰবাৰে কলকাতাত এক বিশাল প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে ।
#WATCH | Kolkata | TMC Chairperson and West Bengal CM Mamata Banerjee leads a rally following the ED raid on I-PAC yesterday pic.twitter.com/CkYfedjywC
— ANI (@ANI) January 9, 2026
আনহাতে, অভিযানৰ সময়ত তৃণমূলৰ 'অসৎ আচৰণ'ৰ জৰুৰী শুনানি বিচাৰি ই ডিয়ে কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাষ চাপে । ইয়াৰ পূৰ্বে কলকাতাত ই ডিৰ অভিযানৰ প্ৰতিবাদৰ অংশ হিচাপে দিল্লীস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰি তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও সাংসদক দিল্লী আৰক্ষীয়ে আটক কৰে ।
তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰাইন, মহুৱা মৈত্ৰ, শতাব্দী ৰয়, কীৰ্তি আজাদ আদিয়ে কেন্দ্ৰই কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি শ্লোগান দিয়ে । পিছত প্ৰতিবাদকাৰী সাংসদসকলক আৰক্ষীয়ে গাড়ীলৈ টানি নিয়াৰ অভিযোগ উঠিছে ।
ইফালে, ই ডিয়ে মমতা বেনাৰ্জীৰ ওপৰত অভিযোগ উত্থাপন কৰে যে কলকাতাত চলি থকা তালাচী অভিযানৰ সময়ত ৰাজ্যৰ শীৰ্ষ ৰাজনৈতিক পৰামৰ্শদাতা সংস্থা আইপেকৰ সঞ্চালক প্ৰতীক জৈনৰ আৱাসিক চৌহদত তেওঁ প্ৰৱেশ কৰি বিভিন্ন নথি-পত্ৰ আৰু ইলেক্ট্ৰ'নিক যন্ত্ৰকে ধৰি 'গুৰুত্বপূৰ্ণ প্ৰমাণ' কাঢ়ি লৈ যায় ।
#WATCH | Kolkata | TMC Chairperson and West Bengal CM Mamata Banerjee leads a rally today against the Enforcement Directorate, following the raid on I-PAC yesterday.
— ANI (@ANI) January 9, 2026
Visuals from the 8B bus stand, Jadavpur pic.twitter.com/On4uMtFUBG
ই ডিয়ে এক বিবৃতিত কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ আগলৈকে তেওঁলোকৰ দলটোৱে শান্তিপূৰ্ণ আৰু পেছাদাৰীভাৱে তালাচী চলাই আছিল । তেওঁলোকৰ সৈতে বহুসংখ্যক আৰক্ষী বিষয়াও আছিল ।
ই ডিৰ বিবৃতিত কোৱা হৈছে, “বেনাৰ্জীয়ে প্ৰতীক জৈনৰ আৱাসিক চৌহদত প্ৰৱেশ কৰে আৰু জব্দ কৰা নথি-পত্ৰ আৰু ইলেক্ট্ৰ'নিক ডিভাইচকে ধৰি গুৰুত্বপূৰ্ণ প্ৰমাণ লৈ যায় ।”
কিন্তু মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় সংস্থাটোৱে হাৰ্ড ডিস্ক, প্ৰাৰ্থীৰ তালিকা আৰু কৌশলগত নথিকে ধৰি দল সম্পৰ্কীয় সামগ্ৰী জব্দ কৰাৰ অভিযোগ উত্থাপন কৰি অমিত শ্বাহে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰে ।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মমতা বেনাৰ্জীয়ে কয়, "দলৰ হাৰ্ড ডিস্ক, প্ৰাৰ্থীৰ তালিকা সংগ্ৰহ কৰাটো ই ডি, অমিত শ্বাহৰ কৰ্তব্য নেকি ? দেশক সুৰক্ষা দিব নোৱৰা জঘন্য, ধূৰ্ত গৃহ মন্ত্ৰীজনে মোৰ দলৰ সকলো নথি-পত্ৰ কাঢ়ি লৈ গৈছে ।"
লগতে বিজেপি আৰু অমিত শ্বাহক প্ৰত্যক্ষ প্ৰত্যাহ্বান জনাই পশ্চিমবংগলৈ আহি তেওঁৰ সৈতে গণতান্ত্ৰিকভাৱে যুঁজিবলৈ সাহস গোটাবলৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মুকলি আহ্বান জনায় ।
"অমিত শ্বাহে যদি বংগ বিচাৰে তেন্তে আহক, গণতান্ত্ৰিকভাৱে যুঁজ দিয়ক আৰু জয়ী হওক । কেনেধৰণৰ অভিযান চলোৱা হৈছে সকলোৱে জানিব লাগিব । পুৱা ৬ বজাত তেওঁলোক আহি উপস্থিত হৈ দলৰ ডাটা, লেপটপ, কৌশল, মোবাইল ফোন জব্দ কৰে । তেওঁলোকৰ ফৰেনছিক বিশেষজ্ঞই সকলো তথ্য ট্ৰেন্সফাৰ কৰিলে । মই বিশ্বাস কৰোঁ যে এইটো অপৰাধ ।"
ইয়াৰ পূৰ্বে শুকুৰবাৰে কলিকতা উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনত ই ডিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে গোপন বুজাবুজিৰে কাম কৰা পশ্চিমবংগ আৰক্ষীয়ে কলকাতাত চলি থকা তালাচী অভিযানৰ সময়ত নিজৰ বিষয়াসকলক বাধা দিয়াৰ লগতে 'আইনৰ প্ৰতি স্পষ্ট আৰু প্ৰকাশ্য অৱজ্ঞা' কৰি ৰাজহুৱা কৰ্তব্য পালন নকৰাৰ অভিযোগ উত্থাপন কৰে ।
২৮ পৃষ্ঠাৰ এই আবেদনখনত ই ডিয়ে কয় যে ৰাজ্যৰ আৰক্ষীয়ে তেওঁলোকৰ বিষয়াসকলক তেওঁলোকৰ চৰকাৰী কৰ্তব্য পালনত বাধা প্ৰদান কৰিছিল ।

