ETV Bharat / bharat

৭৭ বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত, বিতাড়িত ৭৩

ওড়িশাৰ সদনত মুখ্য়মন্ত্ৰীয়ে উল্লেখ কৰে যে ২,২৬১ জন সন্দেহযুক্ত লোকৰ পৰিচয় পত্ৰ পৰীক্ষা কৰি ৭৭জন বাংলাদেশী নাগৰিকক চিনাক্ত। ইয়াৰে ৭৭জনক বিতাড়ন কৰা হৈছে ৷

Odisha Legislative Assembly
ওড়িশা বিধানসভা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 9:05 PM IST

2 Min Read
Choose ETV Bharat

ভুৱনেশ্বৰ (ওড়িশা): ওড়িশাত মাওবাদীৰ সক্ৰিয়তা হ্ৰাস পোৱাৰ সময়ত বৃদ্ধি পাইছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সংখ্য়া । বৰ্তমান ৰাজ্যখনত প্ৰায় ৪০ জন সক্ৰিয় মাওবাদী আছে । ইয়াৰ বিপৰীতে ওড়িশাত ৭৭ জন লোকক বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে সদৰী কৰিছে । ইয়াৰে ৭৩জনক বিতাড়িত কৰা হৈছে বুলি বিধানসভাত তথ্য় দাঙি ধৰিছে ।

মুখ্যমন্ত্ৰী মাঝিয়ে কয় যে বিগত বৰ্ষৰ ২ মে’ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ সকলো জিলাতে বাংলাদেশী অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা হৈছে । সোমবাৰে বিধানসভাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰে ।

মুখ্য়মন্ত্ৰীয়ে কয় যে এই নিৰ্দেশনা অনুসৰি ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষকে কাম কৰিছে । এই তদন্তৰ অংশ হিচাপে এই পৰ্যন্ত ২,২৬১ জন সন্দেহযুক্ত লোকৰ পৰিচয় পত্ৰ পৰীক্ষা কৰা হৈছে । ইয়াৰে ২১৮৪ জন ব্যক্তিক ভাৰতীয় নাগৰিক বুলি চিনাক্ত কৰি মুকলি কৰি দিয়া হয় । বাকী ৭৭ জন ব্যক্তিক বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰা হৈছে । ভুৱনেশ্বৰৰ পৰা আৰু দুজন ব্যক্তিক বিতাড়নৰ প্ৰক্ৰিয়া চলি আছে বুলি কয় মুখ্যমন্ত্ৰী মাঝিয়ে ।

ইয়াৰ ভিতৰত ভুৱনেশ্বৰত ২৬, কটকত ১৫ , বেৰহামপুৰৰ ৬ , গাঞ্জামত ১, কান্ধমালত ৪ , কোৰাপুটৰত ১, কেন্দ্ৰপাৰাত ৩ আৰু জগতসিংহপুৰৰ ২১ জন লোকক বাংলাদেশী নাগৰিক বুলি চিনাক্ত কৰা হৈছে । গঞ্জাম আৰু কন্ধমালত এজনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে জাল নথি-পত্ৰ ব্যৱহাৰ কৰি তেওঁলোকৰ নামত ভাৰতীয় পাছপ’ৰ্ট লাভ কৰিছিল । তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্য়ে গোচৰ ৰুজু কৰা হৈছে । এই সন্দৰ্ভত আদালতৰ শুনানি অব্য়াহত আছে।

মুখ্যমন্ত্ৰী মাঝিয়ে কয় যে ৰাজ্যখনৰ মাওবাদী সমস্যা লাহে লাহে উন্নত হৈছে । বৰ্তমান ৰাজ্যখনত প্ৰায় ৪০ জন সক্ৰিয় মাওবাদী আছে । কালাহাণ্ডী, ৰায়গড়া, কান্ধমাল, বৌধ, বালাংগীৰ আৰু বৰগড় জিলাৰ কিছুমান অঞ্চলত সৰু সৰু গোটত কাম কৰি আছে বুলি মুখ্য়মন্ত্ৰীয়ে কয় ।

মুখ্যমন্ত্ৰীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তা সম্পৰ্কীয় ব্যয় (এছ আৰ ই) আঁচনি অনুসৰি বৰ্তমান কেৱল কান্ধমাল জিলাক 'অন্য বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত জিলা' শিতানত স্থান দিয়া হৈছে । বাকী আঠখন জিলা -মালকানগিৰি, কোৰাপুট, নুৱাপাদা, নবাৰংপুৰ, কালাহাণ্ডি, ৰায়গড়া, বৌধ আৰু বালাংগীৰক 'লিগেচি এণ্ড থ্ৰাষ্ট' জিলাত স্থান দিয়া হৈছে ।"

লগতে পঢ়ক:বন সুৰক্ষাৰ বাবে ‘হনুমান’ ! সকলো সময়তে উপলব্ধ হ’ব তাৎক্ষণিক সাহাৰ্য দল

পূব ছিকিমৰ বৰফত আবদ্ধ ৪৬ গৰাকী পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ