পবিত্ৰ ঈদ উল আজহা : ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মুখ্য়মন্ত্ৰীৰ শুভেচ্ছা
দেশজুৰি পালন পবিত্ৰ ঈদ উল আজহা ৷ ৰাষ্ট্ৰপতি মুৰ্মু, প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীয়েও সামাজিক মাধ্যমযোগে ইছলাম ধৰ্মীলোকসকলক ইদৰ শুভেচ্ছা জনালে ৷

Published : May 28, 2026 at 11:20 AM IST
নতুন দিল্লী : বৃহস্পতিবাৰে অতি উলহ-মালহেৰে ইছলাম ধৰ্মী লোকসকলে পালন কৰে পবিত্ৰ ঈদ উল আজহা ৷ এই ঈদক বকৰীদ বুলিও জনাযায় ৷ ঈদ উপলক্ষে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে, লগতে সমাজত শান্তি, সুখ আৰু ভাতৃত্ববোধৰ কামনা কৰে ।
পুৱাই ৰাষ্ট্ৰপতিগৰাকীয়ে এক্সত পোষ্ট কৰি কয় যে এই উৎসৱে সকলোকে মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে, বিশেষকৈ অভাৱগ্ৰস্ত লোকসকলক ।
عید الضحیٰ کے موقع پر میں تمام اہل وطن بالخصوص مسلمان بھائیوں اور بہنوں کو دل کی گہرائیوں سے مبارکباد پیش کرتی ہوں۔ یہ تہوار خود سپردگی، ایثار اور قربانی کی علامت ہے۔ یہ تہوار ہمیں انسانیت بالخصوص محروم طبقات کی خدمت کرنے کی ترغیب دیتا ہے۔
— President of India (@rashtrapatibhvn) May 28, 2026
آئیے، اس موقع پر ہم معاشرے میں محبت…
তেওঁ আৰু কয়, “ঈদ-উল-আজহা উপলক্ষে মোৰ সকলো দেশবাসীলৈ, বিশেষকৈ মোৰ মুছলমান ভাই-ভনীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো । এই উৎসৱ আত্মসৰ্পণ, ত্যাগ আৰু ভক্তিৰ প্ৰতীক । এই উৎসৱে আমাক মানৱতাৰ বিশেষকৈ অভাৱগ্ৰস্ত লোকসকলৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে ।”
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে কয়, ‘‘আহক আমি সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ বাবে অধিক দৃঢ়তাৰে আগবাঢ়ি যাওঁ ।’’
কেৱল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে নহয়, ঈদ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্সযোগে দেশৰ ইছলাম ধৰ্মীলোকসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ এক্সযোগে কয়,‘‘ঈদ উল আজহাৰ শুভেচ্ছা ! আমাৰ সমাজত ভাতৃত্ববোধ আৰু সুখৰ মনোভাৱ গভীৰ হওক । সকলোৰে সফলতা আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰক ।’’
Eid ul-Adha greetings! May this occasion deepen the spirit of brotherhood and happiness in our society. Praying for everyone’s success and good health.
— Narendra Modi (@narendramodi) May 28, 2026
অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও সামাজিক মাধ্য়মযোগে পবিত্ৰ ঈদ উপলক্ষে ৰাজ্য়বাসীক শুভেচ্ছা জনায় ৷
Greetings to those celebrating Eid-ul-Adha. Wishing everyone good health and prosperity.
— Himanta Biswa Sarma (@himantabiswa) May 28, 2026
ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এক্সযোগে কয়, "সকলোকে আনন্দৰে ভৰা বকৰীদৰ শুভেচ্ছা জ্ঞাপন কৰিলো । আপোনালোকৰ সকলোৰে ঘৰখন আনন্দৰে ভৰি পৰক । ঈদ মোবাৰক ।"
Wishing you and your family a Bakrid filled with joy.
— Rahul Gandhi (@RahulGandhi) May 28, 2026
May your home be filled with warmth and togetherness today.
Eid Mubarak. pic.twitter.com/jVkaXQSuPr
কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাও দেশবাসীক পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ কয়, ‘‘সকলোলৈ ঈদ উল আজহাৰ মোবাৰক ! এই উৎসৱে প্ৰতিখন ঘৰতে শান্তি, প্ৰেম আৰু সমৃদ্ধি কঢ়িয়াই আনক । সকলোৱে সুখেৰে, ঐক্য আৰু ভাতৃত্ববোধৰ মনোভাৱেৰে জীয়াই থাকক ৷’’
Eid al-Adha Mubarak to all!
— Priyanka Gandhi Vadra (@priyankagandhi) May 28, 2026
May this joyous occasion bring peace, love and prosperity to every home.
Wishing everyone happiness, blessings, and the spirit of unity and brotherhood. 🌙✨ pic.twitter.com/lwU0syX2ga
উল্লেখ্য যে, ঈদ উল আজহা, যাক বলিদান তথা ত্যাগৰ উৎসৱ বুলিও কোৱা হয় ৷ ইছলামিক উৎসৱসমূহৰ ভিতৰত অন্যতম এই ঈদ, যিয়ে হাজাৰ হাজাৰ বছৰৰ আগতে আল্লাহৰ আজ্ঞা পালন কৰি হজৰত ইব্ৰাহীমৰ ভক্তি আৰু পুত্ৰক বলিদান দিবলৈ ইচ্ছাক সন্মান জনায় । এই উৎসৱত ছাগলী, ভেড়া বা গৰুকে ধৰি বিভিন্ন জীৱ-জন্তুৰ কোৰবানি দিয়া হয় ৷ এই কোৰবানিৰ মাংস পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱী আৰু আৰ্তজনৰ মাজত বিতৰণ কৰা হয় ।
ইছলামিক জুল-হিজ্জা মাহৰ দশম দিনা উদযাপন কৰা এই ঈদ উল-আজহা ভাৰতকে ধৰি বিশ্বৰ বহু ঠাইত তিনিদিনীয়াকৈ পালন কৰা হয় ।

