বাঘিন: কাপোৰত ৰং সনা নদীখনৰ লগতে পৃথিৱীত ৰং বিলোৱা গাঁওখন
নদীখন স্পৰ্শ কৰাৰ মুহূৰ্ততে সজীৱ হৈ উঠে ৰংবোৰ । এই প্ৰাকৃতিক ৰসায়ন বিজ্ঞানে বাঘিন প্ৰিণ্টক সমগ্ৰ বিশ্বতে বিখ্যাত কলালৈ ৰূপান্তৰিত কৰিছে ।

Published : December 4, 2025 at 5:56 PM IST
ধৰ(মধ্যপ্ৰদেশ): সৰুৰে পৰা আমি শুনি অহা সাধুকথাবোৰত পাইছিলো যে নদীৰ পানীয়ে পাপবোৰ ধুই লৈ যায় ৷ কিন্তু এই বিচিত্ৰ ভাৰতবৰ্ষতে এনে এখন নদী আছে, যাৰ পানীৰ সংস্পৰ্শলৈ আহিলে যিকোনো কাপোৰে ৰঙীন হৈ পৰে ৷
মধ্যপ্ৰদেশৰ ধৰ জিলাৰ এখন সৰু গাঁও বাঘিনৰ মাজেৰে কুলু কুলু সুৰেৰে বৈ গৈছে নদীখন ৷ নদীখনৰ কেলছিয়াম আৰু জিংক সমৃদ্ধ পানী স্পৰ্শ কৰাৰ লগে লগে ৰংবোৰ ক্ৰমাৎ উজ্জ্বল, দৃঢ় আৰু স্পন্দনশীল হৈ পৰে । কাপোৰবোৰ কোমল হৈ পৰাৰ লগতে ডিজাইন আৰু ৰংবোৰ জিলিকি উঠে ।
এইখনেই সেই বিখ্যাত বাঘিন নৈখন, য’ৰ পৰা ভাৰতৰ অন্যতম বিখ্যাত জৈৱিক বস্ত্ৰ বাগ বা বাঘিন প্ৰিণ্টৰ উৎপত্তি হৈছিল ৷ সমগ্ৰ বিশ্বতে বৰ্তমান এই শিল্পৰ প্ৰশংসা কৰা হৈছে । এসময়ত মানচিত্ৰৰ এটা কোণতহে স্থান পোৱা গাঁওখন আজি সমগ্ৰ বিশ্বতে পৰিচিত ।

বাঘিন প্ৰিণ্ট নিজস্ব দীঘলীয়া, কষ্টকৰ আৰু সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰ বাবে জনাজাত । ধোৱাৰ পৰা আৰম্ভ কৰি ৰং কৰা আৰু ছপা কৰালৈকে প্ৰতিটো পদক্ষেপেই বাঘিন নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল । এই খনিজ গঠন অবিহনে ৰংবোৰ ইমান ধুনীয়া দেখা নাযায় ।
পৰিয়ালৰ তৃতীয়টো প্ৰজন্ম এই শিল্পকলাৰ সৈতে জড়িত থকা ৰাষ্ট্ৰীয় বঁটা বিজয়ী বাঘিনৰ শিল্পী মহম্মদ বিলাল খত্ৰীয়ে কয়, ‘‘যুগ যুগ ধৰি বাঘিন নদী এনেদৰেই বৈ আহিছে । ইয়াৰ পানীত প্ৰচুৰ পৰিমাণে কেলছিয়াম আৰু জিংক আছে । ৰংবোৰ কাপোৰে এবাৰ শুহি লোৱাৰ পিছতে ই নিমিষতে জিলিকি উঠে ।’’ বিলালে লগতে কয় যে ৰাষ্ট্ৰসংঘৰ ব্লক প্ৰিণ্টিঙৰ অভিযানৰ সময়ত তেওঁক কোৱা হৈছিল যে বাঘিনৰ পানী আটাইতকৈ পৰিষ্কাৰ ।
প্ৰতিটো ৰং জৈৱিক, প্ৰাকৃতিক, স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰ পৰা আহৰণ কৰাৰ কথাটোৱে বাঘিনৰ প্ৰিণ্টক ব্যতিক্ৰমী কৰি তোলে ৷ বিলালে কয়, ‘‘ৰঙা ৰং ৰঙা এলুমৰ পৰা, ক’লা ৰং লোহাৰ মৰিছাৰ পৰা, হালধীয়া ৰং মাইৰোবালানৰ পৰা আহৰণ কৰা হয় । কিছুমান ৰং তেতেলী গুটিৰ পৰা কৰা গুড়ি আৰু ধাৱড়ী ফুলৰ পৰাও তৈয়াৰ কৰা হয়, যিয়ে কাপোৰখনক সুকীয়া জিলিকনি দিয়ে । আনকি ছাগলীৰ লাদৰো এইক্ষেত্ৰত আছে ভূমিকা ৷ প্ৰক্ৰিয়াটো এটা অনুষ্ঠানৰ দৰেই নিখুঁত, পদ্ধতিগত আৰু স্থিৰ ৷’’ কাপোৰ কাটি বাঘিনৰ পানীত তিয়াই দিয়াৰ পিছৰে পৰা এই প্ৰক্ৰিয়া আৰম্ভ হয় ৷

পিছদিনাখন কাপোৰখন পিহি লৈ ছাগলীৰ লাদ, কেষ্টৰ অইল আৰু ছানচোৰা নিমখৰ পেষ্টেৰে ৰং কৰি ভৰিৰ তলত ৰাখি হেঁচা দিয়া হয় । এই প্ৰক্ৰিয়া তিনিদিন ধৰি চলে ৷ তাৰপিছত পুনৰ নদীত ধুই মাইৰ’বেলানেৰে শোধন কৰি শুকুৱাই শেষত কাঠৰ ব্লক ব্যৱহাৰ কৰি ছপা কৰিবলৈ সাজু কৰি তোলা হয় । তেতেলী গুটিৰ পেষ্টটোক ছপোৱাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় ৷
ছপা কৰাৰ পিছত কাপোৰখন ৮-১০ দিন তেনেকৈয়ে ৰখা হয় ৷ তাৰ পিছত পুনৰ বোঁৱতী নদীত পানীৰ সোঁতৰ বিপৰীতে ধুই খনিজ পদাৰ্থ, ধূলি-মাকতি আঁতৰোৱা হয় ৷ ইয়াৰ পিছত আহে ভট্টি প্ৰক্ৰিয়া, য’ত কাপোৰখন ধাৱড়ী ফুল আৰু গছৰ শিপাৰে সিজোৱা হয় । ৰং কৰা কাপোৰখন বাৰে বাৰে ধুই তাপাই প্ৰক্ৰিয়াৰে শুকুৱাই লোৱা হয়, যেতিয়ালৈকে ই স্বাভাৱিক বগা ৰংটো ঘূৰাই নাপায় । অন্তিম পৰ্যায়ত কাপোৰখনৰ ওপৰত ঘন ক’লা, গাঢ় মেৰুণ আৰু ৰ’দত জলমলাই থকা হালধীয়া ৰঙৰে বাগিচা, গুহা, তাজমহল, লালকিল্লা আৰু অন্যান্য কীৰ্তিচিহ্নৰ ছবি ছপোৱা হয় ৷

বিলালে কয়, ‘‘বাঘিন প্ৰিণ্টৰ কাহিনীও খত্ৰী সম্প্ৰদায়ৰে কাহিনী ৷ আমি পাকিস্তানৰ সিন্ধৰ পৰা ৰাজস্থানলৈ আহিছিলো আৰু পিছত মনোৱাৰত বাঘিন নদীৰ পাৰত বসতি স্থাপন কৰিছিলো । মোৰ পূৰ্বপুৰুষসকল ১৯৬২ চনত ইয়ালৈ আহি ইয়াতে বসতি স্থাপন কৰিছিল । মোৰ দাদা ইছমাইল চুলেমান খত্ৰী আৰু মোৰ দেউতা মহম্মদ ইউছুফ খত্ৰীয়ে ‘‘বাগ প্ৰিণ্ট’’ ক বিশ্বৰ আগত পৰিচয় কৰাই দিছিল ।’’
মনোৱাৰত জনজাতীয় কইনাৰ বাবে লেহেংগা আৰু লুঘ্ৰা বনোৱাৰ পৰা আৰম্ভ কৰি ২৪ খনতকৈও অধিক দেশলৈ হস্তনিৰ্মিত কাপোৰ ৰপ্তানি কৰালৈকে খত্ৰী পৰিয়ালে বাগৰ প্ৰিণ্টৰ পৰিচয় দাঙি ধৰিছে । বিলালে নিজেই এই কলা প্ৰদৰ্শন কৰিবলৈ পাঁচখন আৰু পিতৃয়ে ২৪ খন দেশ ভ্ৰমণ কৰিছে । কিন্তু আজিও তেওঁ কয় যে এই শিল্পৰ সাৰমৰ্ম একেই আছে - ‘‘নদী, পৃথিৱী, ছপা কৰা হাত আৰু তিনিওটাকে ধৈৰ্য সহকাৰে সন্মান কৰা ৷’’
লগতে পঢ়ক: সমগ্ৰ দিল্লীত 'পুটিনজ্বৰ' ! মানুহতো বাদেই পৰুৱাও নিষিদ্ধ ৰাষ্ট্ৰীয় ৰাজধানীত

