ETV Bharat / bharat

আমি মাৰাঠী ভাষাত কথা ক'ম, বুজি পোৱাটো আপোনাৰ কথা : মহাৰাষ্ট্ৰত এম এন এছৰ ৰুদ্ৰমুৰ্তি

"ইউ পিৰ ভাষা বা হিন্দী ক'ব লাগিব বুলি বাধ্য কৰাৰ চেষ্টা নকৰিব। এনেকুৱা কথা কোৱা টেক্সি-অটো চালকক মাৰপিট কৰিম ৷" অমিত থাকৰেৰ সকীয়নি ৷

MNS leader Amit Thackeray
মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ নেতা অমিত থাকৰে (ANI)
author img

By ANI

Published : August 28, 2026 at 8:56 AM IST

3 Min Read
Choose ETV Bharat

নাগপুৰ: মহাৰাষ্ট্ৰত থাকি টেক্সি বা অটো চলাবলৈ হ'লে মাৰাঠী ক'বও জানিব লাগিব, বুজিও পাব লাগিব ৷ ইতিমধ্যে চৰকাৰীভাৱেই এই নিৰ্দেশনা জাৰি কৰা হৈছে যদিও ইয়াৰ বাবে এবছৰৰ সময় দিয়া হৈছে ৷ ফলত জাঙুৰ খাই উঠিছে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা ৷

ইয়াৰ মাজতে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ নেতা অমিত থাকৰেই বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ অটোৰিক্সা আৰু টেক্সি চালকসকলে যাতে যাত্ৰীক কেৱল হিন্দী ভাষাত কথা ক’বলৈ জোৰ নিদিয়ে তাৰ বাবেও সকীয়াই দিয়ে ৷ তেওঁ কয় যে অভদ্ৰ আচৰণ কৰা দেখা পোৱাসকলে প্ৰতিশোধৰ সন্মুখীন হ’ব পাৰে ।

বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ চৰকাৰে অটোৰিক্সা, টেক্সি আৰু কেব চালকক কাৰ্যক্ষম মাৰাঠী শিকিবলৈ এবছৰৰ সময় দিয়াৰ পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এম এন এছ নেতাগৰাকীয়ে । আনহাতে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে কয় যে চালক সংগঠনৰ প্ৰতিনিধিয়ে অধিক সময় বিচাৰিছে, এই খণ্ডটোত বিভিন্ন বয়সৰ আৰু শিক্ষাৰ পটভূমিৰ লোকে কাম কৰে ।

অটোৰিক্সা চালকসকলে হিন্দী ভাষাত কথা কোৱা বা যাত্ৰীৰ সৈতে অভদ্ৰ আচৰণ কৰাৰ অভিযোগ আহিলে এম এন এছে ব্যৱস্থা গ্ৰহণ কৰিব বুলি থাকৰেই কয় ।

"যদি আমাৰ দৃষ্টিগোচৰ হয় যে অটোৰিক্সা চালক এজনে হিন্দীত কথা পাতিছে বা অভদ্ৰ আচৰণ কৰিছে, তেন্তে আমি তেওঁলোকক মাৰপিট কৰিম । মানুহক অসুবিধা দিলে মাৰপিট হ'ব । মানুহক নক'ব যে তেওঁলোকে ইউ পিৰ ভাষা ক'ব লাগিব বা হিন্দী ক'ব লাগিব । আমি মাৰাঠী ভাষাত কথা ক'ম । বুজি পোৱাটো আপোনাৰ কথা ।"

মাৰাঠী শিকিবলৈ এবছৰৰ সময়সীমা বৃদ্ধিৰ অনুমতি প্ৰদানৰ বাতৰি প্ৰকাশ পোৱা সিদ্ধান্তক লৈও থাকৰেই কয় যে আগন্তুক উত্তৰ প্ৰদেশ নিৰ্বাচনৰ সৈতে জড়িত ৰাজনৈতিক কথা-বতৰাবোৰক মাৰাঠী ভাষাতকৈ অগ্ৰাধিকাৰ দিয়া হৈছে । মুখ্যমন্ত্ৰী ফাড়নভিছক উদ্দেশ্যি তেওঁ কয়- "তেওঁলোকক ১০ বছৰ বৃদ্ধি কৰি দিয়ক। ১৫ বছৰ বৃদ্ধি কৰি দিয়ক । মাৰাঠী ভাষাৰ প্ৰতি আৰু আমাৰ ৰাজ্যৰ প্ৰতি আপোনাৰ কিমান মৰম আছে আমি বুজি পাইছো। আপুনি গুজৰাট, পঞ্জাৱ বা দক্ষিণলৈ য'তেই নাযাওক কিয় দেখিব নিজৰ ভাষাৰ প্ৰতি মোহ থাকে । এতিয়া ইউ পিৰ নিৰ্বাচন আহি থকাৰ বাবেই আপুনি এবছৰৰ বৃদ্ধি কৰি দিছে ।"

ফাড়নভিছৰ স্থিতিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি এম এন এছ নেতাগৰাকীয়ে কয়, "আপোনাৰ ওপৰত কেনেধৰণৰ হতাশা আহিছে যে আমি নিজৰ ভাষা আৰু নিজৰ ৰাজ্যখনক আঁতৰাই ৰাখিব লাগে ? ক'ৰবাত মুখ্যমন্ত্ৰী হিচাপে আপুনি স্থিতি ল'ব লাগে । মোৰ ভাল নালাগিল ।"

মাৰাঠী ভাষাৰ বিষয়টোক লৈ বিজেপি আৰু শিৱসেনাৰ মাজত হোৱা মতানৈক্যৰ বাতৰি সন্দৰ্ভত থাকৰেই কয় যে দুয়োটা দলে নিজেই আভ্যন্তৰীণ মতানৈক্যৰ প্ৰশ্নৰ উত্তৰ দিব লাগে ।

তেওঁ লগতে কয় যে ক’ৰবাত শিৱসেনাৰ মাৰাঠী ভাষাৰ পক্ষত থিয় দিয়াৰ ইচ্ছা আছে, কিন্তু আন এখন ৰাজ্যত নিৰ্বাচন হোৱাৰ বাবে ইয়াৰ বিৰোধিতা কৰা হৈছে ।

লগতে পঢ়ক: এন আৰ চি অবিহনে লোকপিয়ল নচলিব: মণিপুৰত ক্ৰমাৎ বাঢ়িছে প্ৰতিবাদৰ জুইৰ উত্তাপ