পঞ্জীয়নবিহীন ভাৰাতীয়া, ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ জাৰি প্ৰশাসনৰ
এতিয়াৰে পৰা ঘৰৰ গৰাকী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ভাৰাতীয়াৰ বিতং তথ্য জমা দিব লাগিব আৰক্ষীক ৷ আনহাতে, কুৰিয়াৰ চাৰ্ভিছৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহতো ৰখা হৈছে নজৰ ৷

Published : November 2, 2025 at 11:46 PM IST
জম্মু: সুৰক্ষাজনিত কাৰণত প্ৰশাসনে গ্ৰহণ কৰিছে কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা ৷ বিশেষকৈ অচিনাক্ত ভাৰাতীয়া আৰু ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে ৷ ভাৰাতীয়াৰ নথিপত্ৰৰ বৈধতা পৰীক্ষণ আৰু জিলাখনত চলি থকা ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ জম্মুৰ প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশ ৷
শুকুৰবাৰে জিলা দণ্ডাধীশ ৰাকেশ মিনহাছে দুটা পৃথক নিৰ্দেশৰে সকলো ভাৰাঘৰৰ গৰাকী, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কুৰিয়াৰ কোম্পানীলৈ জাৰি কৰে কঠোৰ নিৰ্দেশনা ৷
প্ৰথমটো নিৰ্দেশত প্ৰতিটো ভাৰাঘৰৰ গৰাকী, সম্পত্তিৰ স্বত্বাধিকাৰী, ব্যৱসায়ী আৰু ঠিকাদাৰক নিজৰ ভাৰাতীয়া, ঘৰুৱা শ্ৰমিক আৰু কৰ্মৰত কৰ্মচাৰীৰ সম্পূৰ্ণ তথ্য সাতদিনৰ ভিতৰত সংশ্লিষ্ট থানাত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে । ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাত এই নিৰ্দেশ জাৰি কৰা হৈছে ।
জিলা দণ্ডাধীশে কয় যে এছ এছ পি জম্মুৰ প্ৰতিবেদনত পঞ্জীয়নবিহীন ভাৰাতীয়া আৰু পৰীক্ষা নকৰা কৰ্মচাৰীৰ বাবে নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰাৰ পিছতে এই পদক্ষেপ লোৱা হৈছে ।
নিৰ্দেশ অনুসৰি প্ৰতিটো ভাৰাঘৰৰ গৰাকী তথা বাণিজ্যিক প্ৰতিষ্ঠানৰ গৰাকীয়ে নিজৰ ভাৰাতীয়া আৰু কৰ্মচাৰীৰ সবিশেষ ঘোষণা প্ৰ-পত্ৰত উল্লেখ কৰাৰ পিছত তাত দুয়োপক্ষই স্বাক্ষৰ কৰিব লাগিব ৷ ইয়াৰ পিছত ডাকযোগে বা ব্যক্তিগতভাৱে সংশ্লিষ্ট এছ এইচ অ’ক জমা দিব লাগিব । যিসকলে ইতিমধ্যে ঘৰ ভাৰাত দিছে বা কৰ্মচাৰী নিয়োগ কৰিছে, তেওঁলোকে ৬ নৱেম্বৰৰ ভিতৰত সবিশেষ দাখিল কৰিব লাগিব ৷
আনহাতে, এনে সকলো ক্ষেত্ৰতে সাতদিনৰ ভিতৰত তথ্য প্ৰদান কৰাটো বাধ্যতামূলক বিবেচিত হ’ব । ভাৰাতীয়া আৰু কৰ্মচাৰীৰ পঞ্জীয়নৰ বাবে প্ৰতিখন থানাত সুকীয়া ব্যৱস্থা কৰা হৈছে ৷ এই নিৰ্দেশত স্পষ্ট কৰি দিয়া হৈছে যে যিকোনো উলংঘাৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ ২২৩ নং ধাৰাত গোচৰ ৰুজু কৰা হ’ব ।
দৰবাৰ আন্দোলন পুনৰ আৰম্ভ হোৱাৰ কিছুদিনপূৰ্বে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । উল্লেখ্য যে ৩ নৱেম্বৰত কাশ্মীৰৰ পৰা জম্মুলৈ কাৰ্যালয় বদলিৰ কাম সম্পূৰ্ণ হ’ব । ২০২১ চনত স্থগিত ৰখাৰ চাৰি বছৰৰ বিৰতিৰ পিছত পুনৰ দৰবাৰ আন্দোলন আৰম্ভ হয় আৰু এইবাৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা চৰকাৰে পুনৰ সজীৱ কৰি তুলিলে ।
এক সুকীয়া নিৰ্দেশত জিলা প্ৰশাসনে কুৰিয়াৰ আৰু লজিষ্টিক কোম্পানীৰ জৰিয়তে ড্ৰাগছ বা নিষিদ্ধ সামগ্ৰী প্ৰেৰণ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে । ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বি এন এছ এছ)ৰ ১৬৩ ধাৰা আৰু এন ডি পি এছ আইনৰ অধীনত জাৰি কৰা নিৰ্দেশত কোৱা হৈছে যে কোনো কুৰিয়াৰ কোম্পানী বা পাৰ্চেল সেৱাই আইনী অনুমতি অবিহনে নিচাযুক্ত দ্ৰব্য বা মনোৰোগী পদাৰ্থ পৰিবহণ কৰিব নোৱাৰিব । এই নিৰ্দেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে আৰু প্ৰথমাৱস্থাত আঠ সপ্তাহৰ বাবে কাৰ্যকৰী হ’ব, যিটো প্ৰয়োজন অনুসৰি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ৷
চৰকাৰে প্ৰদান কৰা পৰিচয় পত্ৰৰ প্ৰতিলিপিকে ধৰি সকলো কনচাইনাৰ আৰু কনচাইনমেণ্টৰ পৰিচয় পৰীক্ষা কৰিবলৈ কুৰিয়ৰ কোম্পানীসমূহক নিৰ্দেশ দিয়া হৈছে । লগতে প্ৰতিটো পাৰ্চেলৰ সম্পূৰ্ণ ৰেকৰ্ড, বুকিং ৰচিদ, তাৰিখ আৰু পেমেণ্টৰ সবিশেষ ৰাখিব লাগিব । সকলো কৰ্মচাৰীৰ আৰক্ষীৰ পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে আৰু কুৰিয়াৰ এজেন্সীসমূহক সন্দেহজনক পাৰ্চেল চিনাক্তকৰণ আৰু ৰিপ’ৰ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিবলৈ কোৱা হৈছে ।
ডি চি জম্মুৰ নিৰ্দেশত এনেদৰে কোৱা হৈছে, ‘‘যদি কোনো কুৰিয়াৰ সেৱাই এ‘ নিয়ম উলংঘা কৰা দেখা যায়, তেন্তে ইয়াৰ গৰাকীক ব্যক্তিগতভাৱে আইনৰ আধাৰত দোষী সাব্যস্ত কৰা হ’ব ।’’
এই নিৰ্দেশসমূহ কঠোৰভাৱে কাৰ্যকৰী কৰাৰ লগতে উলংঘাকাৰীৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ এছ এছ পি জম্মুক নিৰ্দেশ দিয়া হৈছে । দৰবাৰ আন্দোলনৰ সময়ত জম্মুৰ নিৰাপত্তা সুদৃঢ় কৰাৰ বাবে, অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ লগতে আইন-শৃংখলা বজাই ৰখাৰ বাবে এই দুয়োটা নিৰ্দেশ জাৰি কৰা হৈছে ।
লগতে পঢ়ক: বিহাৰ নিৰ্বাচনৰ পূৰ্বে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হেভিৱেট প্ৰাৰ্থী

