দিল্লীৰ দৰে ব্যয়বহুল চহৰত পাঁচ টকাতে উপলব্ধ পুষ্টিকৰ খাদ্য
আৰ্তজনক সহজলভ্য আৰু পুষ্টিকৰ খাদ্য যোগান ধৰাৰ উদ্দেশ্যৰে চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ।

Published : December 25, 2025 at 10:02 PM IST
নতুন দিল্লী: প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকীত দিল্লীৰ ৰেখা গুপ্তা চৰকাৰে আৰ্তজনক সহজতে পোৱা আৰু পুষ্টিকৰ খাদ্য যোগান ধৰাৰ দিশত গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ ।
বৃহস্পতিবাৰৰ পৰা ৰাজধানী দিল্লীত আৰম্ভ কৰা হৈছে ১০০ খনকৈ অটল কেণ্টিন ৷ য’ত মানুহে মাত্ৰ ৫ টকাতে লাভ কৰিব পুষ্টিকৰ আৰু পেট ভৰাই খাব পৰা খাদ্য ৷ যাৰ বাবে ৰাজধানী চহৰখনত সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে অটল কেণ্টিন ৷

এই সমাজ কল্যাণমূলক পদক্ষেপৰ লক্ষ্য হৈছে দৰিদ্ৰ, শ্ৰমিক আৰু আৰ্তজনক পৰিষ্কাৰ, পুষ্টিকৰ আৰু সুলভ মূল্যৰ খাদ্য যোগান ধৰা । অটল কেণ্টিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ইয়াৰ সু-সংগঠিত ব্যৱস্থা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা । কেণ্টিনত প্ৰৱেশ কৰাৰ লগে লগে মানুহৰ নাম লিপিবদ্ধ কৰা হয় আৰু চিনাক্তকৰণৰ বাবে ফটোও লোৱা হয়, যাতে অনলাইন তথ্য সৃষ্টি কৰিব পৰা যায় ।
তাৰপিছত মানুহবোৰক টোকেন আৰু প্লেট দিয়া হয় আৰু খাদ্যবোৰ শৃংখলাবদ্ধভাৱে পৰিবেশন কৰা হয় । বৃদ্ধ আৰু মহিলাসকলে যাতে অসুবিধা নাপায়, তাৰ বাবে পৰ্যাপ্ত আসনৰ ব্যৱস্থা কৰা হৈছে ।
সীমাপুৰী চৌহদত স্থাপন কৰা এই কেণ্টিনত খাদ্য গ্ৰহণ কৰিবলৈ আহি উপস্থিত হয় বৃহৎসংখ্যক লোক । কেণ্টিনত খাবলৈ অহা সঞ্জয় মিশ্ৰ নামৰ লোকজনে কয়, ‘‘মই দুখনকৈ শাক-পাচলিৰ ভাজি, ভাত, চাৰিখন ৰুটি আৰু আচাৰ পোৱা গৈছিল ৷ এই সকলোবোৰ উৎকৃষ্ট মানৰ আছিল । ইমান কম মূল্যত এনে সুষম খাদ্য খাবলৈ পোৱাটো এক বৃহৎ সকাহ ।’’
কেণ্টিনলৈ অহা আন এগৰাকী বৃদ্ধা যমুনা দেৱীয়েও খাদ্যৰ প্ৰশংসা কৰি কয় যে খাদ্যসমূহ সোৱাদযুক্ত আৰু স্বাস্থ্যৰ বাবেও উপযোগী ।

প্ৰেম পাল নামৰ আন এজন ব্যক্তিয়ে কেণ্টিনৰ ব্যৱস্থাক প্ৰশংসা কৰি কয়, ‘‘সকলো কাম অতি পৰিপাটিকৈ কৰা হৈছে ।’’ ছানলাইট কলনীৰ বাসিন্দা মান সিঙে কয় যে ফটোৰ সলনি তেওঁক নাম সোধা হৈছিল, তাৰপিছত টোকেন দিয়া হৈছিল আৰু তেওঁ সহজেই খাদ্য লাভ কৰিছিল । তেওঁ লগতে এইটোও জনাইছে যে আজি প্ৰথম দিনা বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰা হৈছে ৷ আনহাতে কাইলৈৰ পৰা মাত্ৰ পাঁচ টকাতে উপলব্ধ হ’ব খাদ্য ।
কেণ্টিনত খাবলৈ অহা ৰামৱতীয়ে সুখ প্ৰকাশ কৰি কয় যে নাম আৰু ফটো পঞ্জীয়ন কৰাৰ পিছত তেওঁক সন্মানেৰে খাদ্য দিয়া হৈছে । কেণ্টিনলৈ অহা প্ৰতিগৰাকী ব্যক্তিৰ ওঁঠতে দেখা গৈছিল সন্তুষ্টিৰ হাঁহি ৷ আনহাতে, লখন গৌতম নামৰ লোকজনে কৈছিল যে তেওঁ বাতৰিৰ জৰিয়তে এই কথা জানিব পাৰিছে ৷ তেওঁ কয় যে ভৱিষ্যতে নগদ ধন আৰু অনলাইন - দুয়োটা মাধ্যমেৰে ধন পৰিশোধৰ সুবিধা উপলব্ধ হ’ব কেণ্টিনসমূহত ।
দিল্লীৰ বাহিৰতো অটল কেণ্টিন মুকলিক লৈ উৎফুল্লিত ৰাইজ
দিল্লীৰ বাহিৰৰ অটল কেণ্টিনসমূহৰ বাহিৰতো পুৱাৰে পৰা শাৰী পাতে শ্ৰমিকসকলে ৷ তেওঁলোকে সন্তুষ্টিৰে পূৰ্ণ এসাঁজ এই কেণ্টিনত খাবলৈ পাই সুখ লভে ৷
লোকসকলে কয় যে এই মুদ্ৰাস্ফীতিৰ যুগত মাত্ৰ পাঁচ টকাত পৰিষ্কাৰ আৰু পুষ্টিকৰ খাদ্য পোৱাটো সকাহতকৈ কম নহয় । কেণ্টিনত খাবলৈ অহা জ্ঞানবতীয়ে ক’লে, ‘‘ইমান কম মূল্যত আমি ইমানখিনি খাদ্য পাব পৰাটো বৰ ভাল কথা । একে সময়তে আন এগৰাকী লোক দেৱী সিঙে কয়, ‘‘কেণ্টিনত আমাক পুষ্টিকৰ খাদ্য যোগান ধৰাত আমি অতিশয় সুখী ।’’

উল্লেখ্য যে, কেণ্টিনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে । খাদ্যৰ গুণগত মানো নিয়মিতভাৱে নিৰীক্ষণ কৰা হয় । আগন্তুক সময়তো ৰাজধানী চহৰখনৰ অন্যান্য অঞ্চলত অটল কেণ্টিন মুকলি কৰা হ’ব বুলি দাবী কৰিছে প্ৰশাসনে ৷ যাতে এই আঁচনিৰ সুবিধা অধিক পৰিমাণে আৰ্তজনে লাভ কৰিব পাৰে ৷
বিজেপিৰ বিধায়ক ৰাজকুমাৰ চৌহানে কয় যে দিল্লীৰ বাহিৰতো নতুন কেণ্টিন মুকলি কৰাটো সামাজিক চিন্তাৰ প্ৰতি এক ইতিবাচক পদক্ষেপ । পাঁচটকীয়া প্লেটখনে কেৱল ভোক পূৰণ কৰাই নহয়, দৰিদ্ৰ আৰু শ্ৰমিক শ্ৰেণীকো মৰ্যাদাৰে জীয়াই থকাৰ ক্ষেত্ৰত শক্তিশালী কৰি তোলে । এই আঁচনিখনে সঁচাকৈয়ে "সবকা সাথ, সবকা বিকাশ" ৰ দৃষ্টিভংগীক মূৰ্ত কৰি তুলিছে ।
অটল কেণ্টিনত পৰিৱেশন কৰা হ’ব দৈনিক এক লাখ থালী
অটল কেণ্টিনত মচুৰ ডাইল, চাউল, শাক-পাচলি আৰু ৰুটি সমৃদ্ধ পুষ্টিকৰ খাদ্য পৰিবেশন কৰা হয় । এই কেণ্টিনত মাত্ৰ ৫ টকাতে পৰিষ্কাৰ, গৰম আৰু পুষ্টিকৰ খাদ্য যোগান ধৰা হয় । কেণ্টিনত প্ৰতিদিনে পুৱা আৰু গধূলি ৫০০ খন প্লেটৰ ব্যৱস্থা কৰা হ’ব । এই আঁচনিৰ জৰিয়তে দৈনিক এক লাখ লোকক সুলভ মূল্যৰ আৰু মানসম্পন্ন খাদ্য যোগান ধৰাৰ লক্ষ্য লৈছে দিল্লী চৰকাৰে ৷
লগতে পঢ়ক: ১০১ সংখ্যক জন্ম জয়ন্তীত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি এন ডি এৰ নেতাৰ

