ETV Bharat / bharat

জি-২০ শীৰ্ষ সন্মিলনত গ্ল’বেল ট্ৰেডিচনেল নোলেজ ৰিপ’জিটৰীৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী মোদীৰ

জোহান্সবাৰ্গত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনত সৰ্বাংগীন আৰু বহনক্ষম বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ।

G20 SUMMIT JOHANNESBURG
দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত জি-২০ সন্মিলনৰ প্ৰথম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইদক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই (AP)
author img

By ETV Bharat Assamese Team

Published : November 22, 2025 at 11:55 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : শুকুৰবাৰে জোহান্সবাৰ্গত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজধানী জোহান্সবাৰ্গত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰি জি-২০ গ্ল’বেল ট্ৰেডিচনেল নোলেজ ৰিপ’জিটৰীৰ প্ৰস্তাৱ আগবঢ়ায় ।

আয়োজক দক্ষিণ আফ্ৰিকাৰ সভাপতিত্বত অনুষ্ঠিত জি-২০ত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে সদস্য দেশসমূহৰ মাজত জি-২০ পৰম্পৰাগত জ্ঞান ভঁৰালৰ প্ৰস্তাৱ দি কয় যে ভাৰতৰ এক চহকী ইতিহাস আছে ।

তেওঁ কয়, "ইয়াৰ দ্বাৰা আমি সুস্বাস্থ্য আৰু সুস্থতা বজাই ৰাখিবলৈ আমাৰ সৰ্বাংগীন বুজাবুজিক আগুৱাই নিয়াত সহায় কৰিব ।“

দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনত সৰ্বাংগীন আৰু বহনক্ষম বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলিও তেওঁ কয় । তেওঁ কয়, "আফ্ৰিকাই প্ৰথমবাৰৰ বাবে জি-২০ শীৰ্ষ সন্মিলন আয়োজন কৰাৰ লগে লগে আমাৰ উন্নয়নৰ পৰিমাপসমূহ পুনৰ বিবেচনা কৰি সৰ্বাংগীন আৰু বহনক্ষম বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে এতিয়াই সঠিক মুহূৰ্ত । ভাৰতৰ সভ্যতামূলক মূল্যবোধ, বিশেষকৈ অখণ্ড মানৱতাবাদৰ নীতিয়ে আগুৱাই যোৱাৰ পথ আগবঢ়াইছে ।"

G20 গ্লোবেল ট্ৰেডিচনেল জ্ঞান ভঁৰাল

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ 'আমাৰ সৰ্বাংগীন বৃদ্ধিৰ সপোন বাস্তৱায়িত কৰিবলৈ কেইটামান একচনেবল'ৰ প্ৰস্তাৱো আগবঢ়াইছে । তেওঁ কয়, "ইয়াৰ ভিতৰত প্ৰথমটো হৈছে জি-২০ গ্ল’বেল ট্ৰেডিচনেল নোলেজ ৰিপ’জিটৰীৰ সৃষ্টি । এই ক্ষেত্ৰত ভাৰতৰ এক চহকী ইতিহাস আছে । ইয়াৰ দ্বাৰা আমাৰ সামূহিক জ্ঞানক অধিক সুস্বাস্থ্য আৰু সুস্থতাৰ দিশত আগবঢ়াই নিবলৈ সহায় কৰিব ।"

আয়োজক দেশ দক্ষিণ আফ্ৰিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আফ্ৰিকাৰ অগ্ৰগতি বিশ্বৰ অগ্ৰগতিৰ বাবে অতি প্ৰয়োজনীয় আৰু লগতে কয় যে ভাৰত সদায় আফ্ৰিকাৰ সৈতে সংহতিৰে থিয় দিছে । “মই গৌৰৱান্বিত যে ভাৰতৰ জি-২০সভাপতিত্বৰ সময়তে আফ্ৰিকান ইউনিয়ন জি-২০ৰ স্থায়ী সদস্য হৈ পৰিছিল । এই মনোভাৱক আগুৱাই লৈ ভাৰতে জি-২০–আফ্ৰিকা স্কিলছ মাল্টিপ্লাইয়াৰ ইনিচিয়েটিভৰ প্ৰস্তাৱ আগবঢ়াইছে । আমাৰ সামূহিক লক্ষ্য হ’ব লাগে অহা দশকৰ ভিতৰত আফ্ৰিকাত ১০ লাখ প্ৰমাণিত প্ৰশিক্ষক সৃষ্টি কৰা” । প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

G20 গ্ল’বেল হেল্থকেয়াৰ ৰেচপন্স টীম

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰ ৰাষ্ট্ৰসমূহৰ যৌথ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে জি-২০ গ্ল’বেল হেল্থকেয়াৰ ৰেচপন্স টীম গঠনৰ প্ৰস্তাৱো আগবঢ়ায় । ”আমি স্বাস্থ্য জৰুৰীকালীন আৰু প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'লে একেলগে কাম কৰিলে অধিক শক্তিশালী হওঁ । আমাৰ প্ৰচেষ্টা হ'ব লাগে সহযোগী জি-২০ ৰাষ্ট্ৰৰ পৰা প্ৰশিক্ষিত চিকিৎসা বিশেষজ্ঞৰ দল গঠন কৰা যিয়ে যিকোনো জৰুৰীকালীন অৱস্থাত দ্ৰুত নিয়োগৰ বাবে সাজু ।” তেওঁ লগতে কয় ।

ড্ৰাগ-টেৰ’ৰ নেক্সছৰ ওপৰত জি-২০ পদক্ষেপ

ড্ৰাগছ সৰবৰাহৰ প্ৰত্যাহ্বান, বিশেষকৈ ফেণ্টানিলৰ দৰে অতি বিপজ্জনক পদাৰ্থৰ প্ৰসাৰক অতিক্ৰম কৰিবলৈ পি এম মোদীয়ে দুৰ্ভগীয়া ড্ৰাগছ-টেৰ’ৰ অৰ্থনীতি দুৰ্বল কৰাৰ বাবে জি-২০ ইনিচিয়েটিভ অন কাউণ্টাৰিং দ্য ড্ৰাগ-টেৰ’ৰ নেক্সছৰ প্ৰস্তাৱ আগবঢ়ায় ।

লগতে পঢ়ক : জোহান্সবাৰ্গৰ জি-২০ সন্মিলনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

জি-২০ সন্মিলনত ভাগ ল'বলৈ দক্ষিণ আফ্ৰিকালৈ উৰিল মোদী