মন্ত্ৰীসকলে নিৰ্বাচনী প্ৰচাৰৰ সৈতে চৰকাৰী দায়িত্বৰ সংমিশ্ৰণ ঘটোৱাটো উচিত নহয় : কঠোৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ
ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজকোষৰ ধন ব্যয় কৰি বিজ্ঞাপন প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে ।

Published : March 16, 2026 at 7:54 PM IST
নতুন দিল্লী: দেওবাৰে নিৰ্বাচন আয়োগে অসমকে ধৰি আন তিনি ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ৷ সোমবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে চাৰিওখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ বাবে আদৰ্শ নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে কাৰ্যকৰী কৰাৰ বাবে কেইবাটাও নিৰ্দেশনা জাৰি কৰে ।
আয়োগে মন্ত্ৰীসকলক নিৰ্বাচনী প্ৰচাৰৰ সৈতে চৰকাৰী কৰ্তব্যৰ সংমিশ্ৰণ নঘটাবলৈ বা প্ৰচাৰৰ উদ্দেশ্যে চৰকাৰী যন্ত্ৰপাতি, পৰিবহণ বা কৰ্মী ব্যৱহাৰ নকৰিবলৈ কঠোৰ নিৰ্দেশ দিছে ।
ECI issues directions for strict implementation of Model Code of Conduct (MCC) for the general elections in 5 States/UT and bye-elections in 6 States.
— Election Commission of India (@ECISVEEP) March 16, 2026
Read more : https://t.co/msyDYoEVvc pic.twitter.com/PTV9z7eAqH
আয়োগে বিশেষকৈ মন্ত্ৰীসকলক নিৰ্বাচনী প্ৰচাৰৰ সৈতে চৰকাৰী দায়িত্বৰ সংমিশ্ৰণ নকৰিবলৈ বা নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে চৰকাৰী যন্ত্ৰপাতি, পৰিবহণ বা কৰ্মী ব্যৱহাৰ নকৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

দেওবাৰে নিৰ্বাচন আয়োগে অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । সেই অনুসৰি, পশ্চিমবংগত ২৩ আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত আৰু অসম, কেৰালা আৰু পুডুচেৰীত ৯ এপ্ৰিলত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । আনহাতে, তামিলনাডুত ২৩ এপ্ৰিলত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । বেলেগ বেলেগ দিনত ভোটগ্ৰহণ হ’লেও কিন্তু ৪ মে’ত একেটা দিনতে আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটগণনা অনুষ্ঠিত হ’ব ।
নিৰ্বাচন আয়োগে এক বিবৃতিত কয় যে নিজা নিজা ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াক আদৰ্শ নিৰ্বাচনী আচৰণ বিধি(এম চি চি) তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । আয়োগে লগতে কয় যে নিজা নিজা নিৰ্বাচনী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ঘোষণা আৰু নীতিগত সিদ্ধান্তৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত আদৰ্শ নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হ’ব ।
You've got questions? We've got answers!
— Election Commission of India (@ECISVEEP) March 16, 2026
What is Model Code of Conduct (MCC)?#ECI #ModelCodeofConduct #MCC #AssemblyElections2026 pic.twitter.com/14zoZDFoBl
আয়োগে ৰাজনৈতিক দল আৰু ৰাজ্য চৰকাৰসমূহক চৰকাৰী, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ বিনষ্টকৰণ সন্দৰ্ভত ইয়াৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ নিৰ্বাচনৰ সৈতে জড়িত কোনো ৰাজনৈতিক দল, প্ৰাৰ্থী বা আন কোনো ব্যক্তিয়ে চৰকাৰী বাহন বা চৰকাৰী বাসস্থানৰ অপব্যৱহাৰ ৰোধ কৰাৰ ক্ষেত্ৰত আয়োগে এনে নিৰ্দেশনা জাৰি কৰে ৷ ইয়াৰোপৰি চৰকাৰী কোষাগাৰৰ ধন ব্যয় কৰি বিজ্ঞাপন প্ৰচাৰ কৰাত আয়োগে বাধা প্ৰদান কৰিছে ৷
নিৰ্বাচন আয়োগে কয়, ‘‘নাগৰিকসকলৰ গোপনীয়তাক সন্মান কৰিব লাগিব আৰু ব্যক্তিগত বাসগৃহৰ বাহিৰত কোনো ধৰণৰ বিক্ষোভ বা প্ৰতিবাদ হ'ব নালাগে । ঘৰৰ গৰাকীৰ সন্মতি অবিহনে পতাকা, বেনাৰ বা পোষ্টাৰ লগোৱাৰ বাবে মাটি, অট্টালিকা বা দেৱাল ব্যৱহাৰ কৰিব নালাগে ।’’

আয়োগে লগতে কয় যে ‘১৯৫০’ নম্বৰৰ কল চেণ্টাৰকে ধৰি অভিযোগ নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰা হৈছে ৷ যাৰ জৰিয়তে জনসাধাৰণ বা ৰাজনৈতিক দলৰ যিকোনো সদস্যই সংশ্লিষ্ট ডি ই অ’ বা আৰ অ’ৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব ।
নিৰ্বাচন আয়োগে নিজৰ বিবৃতিত কয়, ‘‘ইচিনেটত উপলব্ধ c-VIGIL এপ ব্যৱহাৰ কৰি নাগৰিক আৰু ৰাজনৈতিক দলসমূহে আদৰ্শ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ দিব পাৰে । ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত ৫,১৭৩ তকৈ অধিক ফ্লাইং স্কোৱাড নিয়োগ কৰা হৈছে, যাতে ১০০ মিনিটৰ ভিতৰতে অভিযোগৰ নিস্পত্তি কৰিব পৰা যায় ৷ ইয়াৰোপৰি ৫,২০০ ৰো অধিক ষ্টেটিক চাৰ্ভিলেন্স টীমো (এছ এছ টি) নিয়োগ কৰা হৈছে ।’’
বিবৃতিটোত কোৱা হৈছে যে ৰাজনৈতিক দলসমূহে সভা আৰু শোভাযাত্ৰাৰ পূৰ্বে আৰক্ষীক অৱগত কৰি যান-বাহন আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিব ৷ তদুপৰি নিষেধাজ্ঞামূলক নিৰ্দেশনা মানি চলাৰ লগতে লাউডস্পীকাৰ বা অন্যান্য সা-সুবিধাৰ বাবে প্ৰয়োজনীয় অনুমতি ল’ব লাগিব ।
আদৰ্শ নিৰ্বাচনী আচৰণ বিধি ৰূপায়ণৰ ক্ষেত্ৰত নিৰপেক্ষভাৱে কাম কৰিবলৈ, সকলো পক্ষৰ সৈতে সম ব্যৱহাৰ নিশ্চিত কৰিবলৈ আৰু চৰকাৰী সা-সুবিধাৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ সকলো স্তৰৰ বিষয়াক নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে ।
নিৰ্বাচন আয়োগে লগতে কৈছে, ‘‘নিৰপেক্ষভাৱে সমাৱেশ, শোভাযাত্ৰা আৰু ভোটদানৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব লাগিব ৷ আইন-শৃংখলা ৰক্ষা কৰিব লাগিব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা বজাই ৰাখিব লাগিব ।’’
ECINET ৰ সুবিধা লাভ কৰিবলৈ এক মডিউল সক্ৰিয় কৰা হৈছে, য’ত ৰাজনৈতিক দলসমূহে খেলপথাৰ আৰু হেলিপেডৰ দৰে ৰাজহুৱা স্থানসমূহৰ ব্যৱহাৰৰ বাবে আবেদন কৰিব পাৰিব ৷ প্ৰথমে আবেদন লাভ কৰা দলক এইক্ষেত্ৰত প্ৰথম অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও আয়োগে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : গৌৰৱ গগৈ হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী ! নিৰ্বাচনৰ প্ৰাকক্ষণত এয়া কাৰ পূৰ্বানুমান ?

