ETV Bharat / bharat

বহিঃৰাজ্যত নাক কাটিলে অসমৰ: স্বামীৰ সন্মুখতে স্বৰাজ্যৰ মহিলাক দলবদ্ধ ধৰ্ষণ ৩ পাষণ্ডৰ

তামিলনাডুত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা । স্বামীৰ সন্মুখতে অসমৰে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ । ২ নাবালকসহ গ্ৰেপ্তাৰ ৩ ।

Assam woman Tamil Nadu gang rape
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 16, 2025 at 2:18 PM IST

3 Min Read
Choose ETV Bharat

টুটিকোৰিন (তামিলনাডু) : এইবাৰ ৰাজ্যৰ মাটিত নহয়, বহিঃৰাজ্যত অসমীয়াৰ কুকীৰ্তি । তাতোকৈ ডাঙৰ কথা অসমৰে এগৰাকী মহিলাৰ সৈতে কুকাৰ্য সংঘটিত কৰে অসমৰ আনকেইজনমান লোকে । বহিঃৰাজ্যত অসমৰ নাক কাটি গ্ৰেপ্তাৰ হৈছে দুই নাবালকসহ তিনিজন । স্বামীৰ সন্মুখতে এগৰাকী অসমৰ মহিলাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ তিনি পাষণ্ড । তামিলনাডুৰ তিৰুনেলভেলী জিলাৰ শ্ৰীবৈকুণ্টমৰ সমীপত সংঘটিত হৈছে এই লজ্জাজনক তথা অবাঞ্চিত ঘটনা ।

বহিঃৰাজ্যৰ হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকে পৰিয়ালৰ সৈতে টুটিকোৰিন জিলাৰ শিলৰ কুঁৱেৰী, ইটাভাতা আৰু বিভিন্ন ব্যক্তিগত কোম্পানীত কাম কৰি আহিছে আৰু তাতেই বাস কৰে । শেহতীয়াভাৱে প্ৰায় দুসপ্তাহ পূৰ্বে শ্ৰীবৈকুণ্টমৰ সমীপৰ আৰাছাৰকুলাম অঞ্চলত চলি থকা শিল কুঁৱেৰী এটাত কামত যোগদান কৰে এক অসমীয়া দম্পতীয়ে ।

তিৰুনেলভেলীতে বাস কৰা মহম্মদ মহবুল হুছেইন (২৭) নামৰ এজন অসমৰ লোকে শিলৰ মালিকৰ পৰা কমিছনৰ বিনিময়ত তেওঁলোকৰ বাবে কামৰ ব্যৱস্থা কৰিছিল । কিন্তু মৌলিক সুবিধাৰ অভাৱ আৰু যথোপযুক্ত মজুৰি নোপোৱাৰ বাবে অসমীয়া দম্পতীয়ে কাম এৰাৰ সিদ্ধান্ত লয় । ইয়াৰ পিছতে কাম হিচাৰি তেওঁলোক কেৰালালৈ যোৱাৰ সিদ্ধান্ত লৈ সোমবাৰে অটোৰিক্সাৰে তিৰুনেলভেলীলৈ যাত্ৰা কৰে ।

ইফালে মহবুল হুছেইনে তেওঁলোকৰ মোবাইল ফোনত যোগাযোগ কৰি উক্ত শিল কুঁৱেৰীতে কাম কৰি যাবলৈ ভাবুকি দিয়ে । লগতে এই বিষয়ে তেওঁলোকৰ সৈতে আলোচনা কৰিবলৈ মহবুল হুছেইনে এখন দুচকীয়া বাহনত দুজন নাবালকক লৈ নেল্লাই জিলাৰ শিৱান্তিপট্টি অঞ্চলত ৰৈ থাকে ।

অসমীয়া দম্পতীটো তাত উপস্থিত হোৱাৰ লগে লগে মহবুল হুছেইন আৰু বাকীসকলে তেওঁলোকক ওচৰৰ বনাঞ্চল এখনলৈ লৈ যায় । ইয়াৰ পিছতে তিনিওজনে শিলৰ কুঁৱেৰীৰ পৰা আগতীয়াকৈ ধন লোৱা বুলি দাবী কৰি তেওঁলোকক আক্ৰমণ কৰে ।

ইয়াৰ পিছতে মহবুল হুছেইন আৰু আন দুজনে মহিলাগৰাকীক স্বামীৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ কৰি তাৰ পৰা পলায়ন কৰে ।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে মহিলাগৰাকী আৰু তেওঁৰ স্বামীক উদ্ধাৰ কৰি তিৰুনেলভেলী চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰায় । ইয়াৰ পিছতে শ্ৰীবৈকুণ্টম মহিলা আৰক্ষী থানাই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি মহবুল হুছেইন আৰু অপৰাধৰ সৈতে জড়িত নাবালক দুজনক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে উল্লেখ কৰা মতে, নাবালক দুজনো অসমৰে বাসিন্দা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইফালে স্বামীৰ সন্মুখতে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :শীতৰ ঘন কুঁৱলী ভৰা পুৱাই কাল হ’ল, কেইবাখনো বাছ আৰু বাহনৰ সংঘৰ্ষত অগ্নিদগ্ধ হৈ নিহত ১০, আহত ৭০
লগতে পঢ়ক :আৰু নাথাকিব এম জি এনৰেগা, আহি আছে ভিবি জি ৰাম জি