ETV Bharat / bharat

‘টি ছমেলিয়েৰ’ পাঠ্যক্ৰমৰ প্ৰথমটো বেটচতে অসমৰ তিনিগৰাকীৰ সফলতা

অসমৰ তিনিগৰাকী অংশগ্ৰহণকাৰীসহ মুঠ সাতগৰাকীয়ে ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এনেধৰণৰ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰিছে ।

TEA SOMMELIER COURSE
ভাৰতীয় চাহ ব’ৰ্ডে এই পাঠ্যক্ৰম মুকলি কৰিছে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 7:39 PM IST

5 Min Read
Choose ETV Bharat

তেজপুৰ: ভাৰতীয় চাহ ব’ৰ্ডে কুৰ্চেয়ঙত থকা দাৰ্জিলিং চাহ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ(ডিটিআৰডিচি)ৰ এনচিভিইটি অনুমোদিত প্ৰথম চাহ সোৱাদ সম্পৰ্কীয় দক্ষ পাঠ্যক্ৰমৰ সম্পূৰ্ণ কৰে ৷ যিয়ে ভাৰতৰ চাহ খণ্ডক গাঁথনিগত দক্ষতা বিকাশ আৰু পেছাদাৰী শিক্ষাৰ জৰিয়তে শক্তিশালী কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰে ।

ভাৰতীয় চাহৰ গুণগত মান বৃদ্ধি, চাহৰ প্ৰশংসা, মূল্য সংযোজন, ব্ৰেণ্ডিং আৰু বজাৰ প্ৰতিযোগিতামূলক ক্ষমতাক সহায় কৰিব পৰাকৈ পেছাদাৰীভাৱে প্ৰশিক্ষিত চাহ টেষ্টাৰ আৰু চাহ ছমেলিয়াৰৰ এটা গোট সৃষ্টি কৰাৰ লক্ষ্যৰে এই পদক্ষেপ আৰম্ভ কৰা হৈছে । যুৱক-যুৱতীসকলৰ মাজত চাহ বিষয়ক শিক্ষাক প্ৰসাৰিত কৰাৰ লগতে চাহ উদ্যোগত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

TEA SOMMELIER COURSE
টি ছমেলিয়েৰ শীৰ্ষক পাঠ্যক্ৰমৰ প্ৰথমটো বেটচৰ লগতে অন্যান্যসকল (ETV Bharat Assam)

অসমৰ তিনিগৰাকী অংশগ্ৰহণকাৰীসহ মুঠ সাতগৰাকী প্ৰাৰ্থীয়ে ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এনেধৰণৰ ৰাষ্ট্ৰীয় বৃত্তিগত শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ(এনচিভিইটি) ৰ অনুমোদিত ‘এচেন্সিয়েলছ অৱ টি ছমেলিয়ে’ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰিছে ।

বিগত ৩-৯ আগষ্টলৈ কুৰ্চিয়ঙস্থিত দাৰ্জিলিং চাহ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰত ভাৰতীয় চাহ ব’ৰ্ডে ৬০ ঘণ্টীয়া এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে । বাণিজ্য বিভাগ, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ প্ৰতিনিধি, বিষয় বিশেষজ্ঞ আৰু উদ্যোগৰ পেছাদাৰীসকলেৰে গঠিত এখন সমিতিয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি(এনইপি) ২০২০ আৰু ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা কাঠামো(এনএছকিউএফ) অনুসৰি দুটা পাঠ্যক্ৰমৰ(৬০ ঘণ্টা আৰু ২১০ ঘণ্টা) পাঠ্যক্ৰম প্ৰণয়ন কৰে ।

ৰাষ্ট্ৰীয় বৃত্তিগত শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ(এনচিভিইটি) এই দক্ষতা বিকাশমূলক পাঠ্যক্ৰমত চাহৰ পৰিচয় আৰু মূল্যায়ন, চাহ আস্বাদন, চাহৰ সংমিশ্ৰণ তথা বিভিন্ন কাৰুশিল্প ভিত্তিক চাহ প্ৰস্তুতিৰ বিষয়ে তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয় । চাহ আৰু আতিথ্য সেৱা, খুচুৰা ব্যৱসায় তথা চাহ উদ্যোগৰ বিভিন্ন ক্ষেত্ৰত এই জ্ঞানৰ পেছাদাৰী প্ৰয়োগৰ ওপৰতো গুৰুত্ব দিয়া হয় ।

পাঠ্যক্ৰমটোৰ পাঠ্যসূচীত পাঁচটা মূল বিষয় সামৰি লোৱা হৈছে ৷ যেনে - টি ছমেলিয়েৰ ভূমিকা আৰু পৰিচয়, সূক্ষ্ম আহাৰ পৰিৱেশন আৰু উচ্চমানৰ আতিথ্য পৰিৱেশত চাহৰ মূল্যায়ন, চাহ আস্বাদনৰ পদ্ধতি আৰু সোৱাদ চিনাক্তকৰণৰ দক্ষতা বিকাশ, চাহৰ সংমিশ্ৰণ আৰু নতুনত্ব আৰু কাৰুশিল্পভিত্তিক তথা ভৱিষ্যতমুখী চাহ প্ৰস্তুতিৰ পদ্ধতি ।

এই পাঠ্যক্ৰম নবাগত, আতিথ্য সেৱাৰ সৈতে জড়িত পেছাদাৰী, চাহপ্ৰেমী, ভৱিষ্যতৰ টি ছমেলিয়েৰ, খুচুৰা ব্যৱসায় আৰু বিপণন ক্ষেত্ৰৰ পেছাদাৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে । প্ৰথমটো বেটচত সফলতাৰে পাঠ্যক্ৰম সম্পূৰ্ণ কৰা সাতগৰাকী লোক হৈছে ক্ৰমে - ভাৰ্গৱ ৰাজ বৰকাকতি, জয়ন্ত জালান, প্ৰীতম কে শৰ্মা, আনন্দ কুমাৰ, ভূমিত নন্দল, আকাশদীপ ৰয় আৰু অজয় শশাংকৰ । অসমৰ তিনিগৰাকী প্ৰাৰ্থীৰ এই সফল অংশগ্ৰহণ ৰাজ্যখনৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ ।

উল্লেখ্য যে, ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় আধা অংশ অসমতে উৎপাদিত হয় । সমৃদ্ধ চাহ ঐতিহ্য আৰু বিশাল উৎপাদনভিত্তিৰ বাবে চাহৰ মূল্যায়ন, পেছাদাৰী চাহ পৰিৱেশন, উন্নতমানৰ চাহৰ প্ৰচাৰ, চাহ পৰ্যটন, খুচুৰা ব্যৱসায় আৰু গ্ৰাহক শিক্ষাৰ ক্ষেত্ৰত অসমে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ যথেষ্ট সম্ভাৱনা আছে ।

ভাৰতীয় চাহ উদ্যোগত টি ছমেলিয়েৰ দক্ষতাক আনুষ্ঠানিক ৰূপ দিয়াৰ ক্ষেত্ৰত এই পাঠ্যক্ৰমক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে । চৰকাৰী পৰ্যায়ত টি ছমেলিয়েৰ দক্ষতাৰ ক্ষেত্ৰত আৰম্ভ কৰা এইটো প্ৰথম প্ৰকাৰৰ প্ৰমাণপত্ৰ পাঠ্যক্ৰম ।

ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা কাঠামোৰ অধীনত ভাৰতীয় কৃষি দক্ষতা পৰিষদে প্ৰদান কৰা প্ৰমাণপত্ৰত এই অৰ্হতাক ‘এচেন্সিয়েলছ অৱ টি ছমেলিয়েৰ’, এনএছকিউএফ স্তৰ ৪, ৬০ ঘণ্টা আৰু ২ ক্ৰেডিট হিচাপে উল্লেখ কৰা হৈছে ।

চাহ কেৱল এবিধ পানীয় বা বাণিজ্যিক সামগ্ৰী নহয় । চাহৰ সৈতে সুগন্ধ, সোৱাদ, ৰূপ, ‘লিকাৰ’, কাৰুশিল্প, প্ৰস্তুত প্ৰণালী আৰু সামগ্ৰিক উপভোগৰ অভিজ্ঞতাৰ এক বিশাল জগত জড়িত হৈ আছে ৷ এই সন্দৰ্ভত প্ৰাক্তন ভাৰতীয় চাহ ব’ৰ্ডৰ উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতিয়ে কয় যে চাহক কেৱল উৎপাদনৰ পৰিমাণৰ দৃষ্টিৰে চোৱাৰ পৰিৱৰ্তে প্ৰতিটো কাপ চাহক কেন্দ্ৰ কৰি সৃষ্টি কৰিব পৰা জ্ঞান, অভিজ্ঞতা আৰু মূল্যৰ দৃষ্টিৰেও চাব লাগিব ।

তেওঁৰ মতে, টি ছমেলিয়েৰ দৰে পেছাদাৰী দক্ষতাৰ বিকাশে ভাৰতীয় চাহ উদ্যোগক নতুন পৰিচয় দিয়াৰ লগতে চাহৰ মূল্য সংযোজন, আতিথ্য, পৰ্যটন আৰু গ্ৰাহক অভিজ্ঞতাৰ ক্ষেত্ৰতো নতুন সুযোগ সৃষ্টি কৰিব পাৰে । এই উপলক্ষে ভাষণ দি ভাৰতীয় চাহ ব’ৰ্ডৰ উপাধ্যক্ষ চি মুৰুগানে কয় যে এই পদক্ষেপে চাহৰ গুণাগুণ বৃদ্ধি, বৈজ্ঞানিক সংবেদনশীল মূল্যায়ন নিশ্চিত কৰা, গুণগত মান নিশ্চিতকৰণ ব্যৱস্থা শক্তিশালী কৰা আৰু গ্ৰাহকৰ মাজত চাহৰ প্ৰশংসা বৃদ্ধিৰ ক্ষেত্ৰত সক্ষম এক দক্ষ কৰ্মশক্তি গঢ়ি তোলাৰ দিশত যথেষ্ট অৰিহণা যোগাব ।

‘‘অংশগ্ৰহণকাৰীসকলে শ্ৰেণীকোঠাৰ পাঠ্যক্ৰম, ব্যৱহাৰিক প্ৰদৰ্শন আৰু অভিজ্ঞতাভিত্তিক শিক্ষণৰ জৰিয়তে চাহ খেতি, উৎপাদন, পেছাদাৰী সোৱাদ পদ্ধতি, সংবেদনশীল মূল্যায়ন, চাহ গ্ৰেডিং, মিশ্ৰণ কৌশল, চাহৰ শিষ্টাচাৰ আৰু উদ্যোগৰ উত্তম পদ্ধতিসমূহ সামৰি হাতে কামে প্ৰশিক্ষণ লাভ কৰিব।

এই কাৰ্যসূচী সফলভাৱে সমাপ্ত হোৱাৰ পিছত প্ৰশিক্ষাৰ্থীসকলে গুণগত মান মূল্যায়নত সহায় কৰি বজাৰৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰি, চাহৰ ক্ষেত্ৰখন প্ৰসাৰিত কৰি আৰু ভাৰতীয় চাহৰ প্ৰতি গ্ৰাহকৰ আস্থা বৃদ্ধি কৰি চাহৰ মূল্য শৃংখলত অৰ্থপূৰ্ণ অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: নেপালত জলপ্ৰলয়, বিহাৰত হাহাকাৰ: ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি