ভগৱান বুদ্ধৰ দুই প্ৰিয় শিষ্যৰ পবিত্ৰ অৱশেষ লৈ মংগোলিয়ালৈ ৰাজ্যপাল আচাৰ্য
১ জুনৰ পৰা ১০ জুনলৈ মংগোলিয়াত অনুষ্ঠিত হ’বলগীয়া পবিত্ৰ প্ৰদৰ্শনীৰ বাবে এই অস্থিভস্ম প্ৰেৰণ কৰা হৈছে ।


By ANI
Published : May 30, 2026 at 11:30 AM IST
গুৱাহাটী: অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভগৱান বুদ্ধৰ দুজন মুখ্য শিষ্য—অৰহন্ত শাৰিপুত্ৰ আৰু অৰহন্ত মৌদগল্যায়নৰ পবিত্ৰ অৱশেষ লৈ ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব লৈ ৰাওনা হৈছে মংগোলিয়ালৈ । এই পবিত্ৰ প্ৰদৰ্শনী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে ।
মধ্যপ্ৰদেশৰ সাঁচী বিহাৰ চৈত্যত সংৰক্ষিত এই পবিত্ৰ অৱশেষসমূহ মংগোলিয়ালৈ নিয়া হৈছে আৰু ৯ জুন, ২০২৬ পৰ্যন্ত তাত সংৰক্ষণ কৰি জনসাধাৰণৰ দৰ্শনৰ বাবে ৰখা হ’ব । ভাৰত আৰু মংগোলিয়াৰ মাজৰ শতাব্দী প্ৰাচীন সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বিশেষ যাত্ৰা আয়োজন কৰা হৈছে ।
এই পবিত্ৰ অৱশেষসমূহ ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ সাঁচী স্তূপৰ পৰা সংগৃহীত, যাৰ বিশ্বজুৰি বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে গভীৰ আধ্যাত্মিক গুৰুত্ব আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উদ্যোগত ভাৰতৰ 'আধ্যাত্মিক প্রতিবেশী' হিচাপে পৰিচিত মংগোলিয়াৰ সৈতে সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
অসমৰ ৰাজ্যপাল আচাৰ্যই ৩০ মে’ত পবিত্ৰ অৱশেষসমূহ পূৰ্ণ চৰকাৰী মৰ্যাদাৰে লৈ ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত যাত্ৰা আৰম্ভ কৰে । মংগোলিয়াত অনুষ্ঠিত হ’বলগীয়া এই প্ৰদৰ্শনীত দেশজুৰি বহু ভক্ত, সন্ন্যাসী, গৱেষক আদিয়ে অংশ লৈ পবিত্ৰ অৱশেষসমূহৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বুলি আশা কৰা হৈছে । এই অনুষ্ঠানটোক ভাৰত আৰু মংগোলিয়াৰ মাজৰ গভীৰ বন্ধুত্ব আৰু বৌদ্ধ ঐতিহ্যৰ এক ঐতিহাসিক নিদৰ্শন হিচাপে দেখা হৈছে । ৰাজ্যপাল আচাৰ্য ৩ জুনত ভাৰতলৈ উভতি আহিব ।
ইয়াৰ পূৰ্বে, মহাবোধি ছ’চাইটি অৱ শ্ৰীলংকাৰ সাঁচী কেন্দ্ৰৰ প্ৰধান সম্পাদক চাকিল চিদ্দিকে কয় যে ভগৱান বুদ্ধৰ মুখ্য শিষ্য অৰহন্ত শাৰিপুত্ৰ আৰু অৰহন্ত মহা মৌদগল্যায়নৰ পবিত্ৰ অৱশেষসমূহ সাময়িকভাৱে ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত সাধাৰণ জনতাৰ দৰ্শনৰ বাবে ৰখা হৈছে ।
তেওঁ কয় যে দুয়োজন শিষ্যই একেদিনাই জন্মগ্ৰহণ কৰিছিল আৰু সংসাৰিক জীৱনৰ প্ৰতি কোনো মোহ নাছিল । তেওঁলোকে ঘৰ এৰি গৈছিল আৰু গৌতম বুদ্ধই তেওঁলোকক শিষ্য হিচাপে গ্ৰহণ কৰিছিল । পাছত তেওঁলোকৰ দক্ষতা দেখি বুদ্ধই দুয়োকেই মুখ্য শিষ্য হিচাপে স্বীকৃতি দিয়ে ।
শাৰিপুত্ৰক 'ধৰ্মৰ সেনাপতি' বুলি জনা গৈছিল, কাৰণ ধৰ্ম সম্পৰ্কে তেওঁৰ বিস্তৃত জ্ঞান আছিল । আনহাতে, মহা মৌদগল্যায়নৰ অলৌকিক শক্তি আছিল । দুয়োজনে প্ৰায় ৪০ বছৰ বুদ্ধৰ সেৱা কৰাৰ পাছত নিজ গাঁৱলৈ উভতি যায় আৰু তাতেই মৃত্যুবৰণ কৰে ।
তেওঁলোকৰ মৃত্যুৰ পাছত গৌতম বুদ্ধই বৈশালীত তেওঁলোকৰ অস্থিভস্মৰ বাবে এটা স্তূপ নিৰ্মাণ কৰিছিল । ইয়াৰ প্ৰায় ৩০০ বছৰৰ পাছত সম্ৰাট অশোকে সেই অস্থিভস্ম সাঁচীত সংৰক্ষণ কৰে । ২০২৪ চনত এই পবিত্ৰ অৱশেষ থাইলেণ্ডলৈ নিয়া হৈছিল । এতিয়া দ্বিতীয়বাৰৰ বাবে ১ জুনৰ পৰা ১০ জুনলৈ মংগোলিয়াত অনুষ্ঠিত হ’বলগীয়া পবিত্ৰ প্ৰদৰ্শনীৰ বাবে এইসমূহ মংগোলিয়ালৈ প্ৰেৰণ কৰা হৈছে ।

